চৰাইদেউৰ ৰেল লাইনৰ সমীপত মৃতদেহ উদ্ধাৰ: ডিঙি-মুখত আঘাতৰ চিন স্পষ্ট

অসম সংবাদ, সোণাৰি: চৰাইদেউ জিলাৰ ভজো সাপেখাতিৰ ৰেল লাইনৰ মাজত মৃতদেহ উদ্ধাৰ। উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ ভজো আৰু সাপেখাতী ৰেল ষ্টেচনৰ মাজৰ ৪৬৪৫ নম্বৰৰ খুঁটাৰ সমীপত মৃতদেহ উদ্ধাৰ। মৃতদেহটো নাহৰকটীয়াৰ খনি গগৈ (৩৫) বুলি চিনাক্ত কৰা হৈছে। যোৱা কালিৰ পৰা সন্ধানহীন হৈ আছিল খনি গগৈ। ডিঙি আৰু মুখত আঘাতৰ চিন স্পষ্টকৈ দেখা গৈছে । জানিব পৰা মতে খনি গগৈ লংগপতীয়িৰ কোনোবা সম্বন্ধীয় আত্মিয় ঘৰলৈ আহিছিল। খনি গগৈয়ে ক’লা ৰঙৰ হাফ পেণ্ট আৰু বগা ৰঙৰ গেঞ্জী পিন্ধি আছিল । স্হানীয় ৰাইজে  খনি গগৈৰ মৃতদেহটো প্ৰত্যক্ষ কৰি জি আৰ পিক খৱৰ দিয়ে । বাতৰি সংগ্ৰহ কৰা সময়ৰ লৈকে জি আৰ পি ঘটনাস্হলীত উপস্থিত হোৱা নাই ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …