কলগাছিয়াৰ ৰহাত চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, অসম সংবাদ: বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াৰ ৰহা চকত যোৱা নিশা কাঠভৰ্তি ট্ৰাক এখন দুৰ্ঘটনাত পতিত হয়। সৰভোগ-কলগাছিয়া গড়কাপ্তানী পথত তীব্ৰ বেগেৰে অহা ট্ৰাকখনে ৰহা চকত এটি গছত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাত পতিত হয় NL01D6913 নম্বৰৰ শাল কাঠৰ কুণ্ডা ভৰ্ত্তি ট্ৰাকখন। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই ট্ৰাকৰ উপৰি লগত অহা এখন AS15L4928 নম্বৰৰ চাৰিচকীয়া বাহন ট্ৰাকৰ ওচৰতে থৈ পলায়ন কৰে গাড়ীখনৰ গৰাকী। গাড়ীখনত প্ৰায় ২০ লাখ টকাৰ শাল কাঠৰ কুণ্ডা থকা বুলি অনুমান কৰিছে ৰাইজৰ। কাঠৰ লগতে ট্ৰাক আৰু চাৰি চকীয়া বাহনখনো সৰভোগ আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, কাঠখিনি কলগাছিয়াৰ জাউৰীমাৰিত লৈ গৈ থাকোতে গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় ট্ৰাকখন। পুলিচ প্ৰশাসনৰ নাকৰ তলেদি সৰভোগ-কলগাছিয়া গড়কাপ্তানী পথেদি নিতৌ এনে ধৰণৰ চোৰাং কাঠ বা চোৰাং গৰু অনা নিয়ে কৰে বুলি অভিযোগ কৰে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদে। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …