চেলেংহাটৰ টীয়ক নৈত সন্ধানহীন লোকৰ মৃতদেহ উদ্ধাৰ

জাঁ‌জীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত খনিকৰত আজি পুৱা টীয়ক নদীত উটি অহা অৱস্থাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে বৃহস্পতি বাৰে বিয়লি ভাগত খনিকৰৰ মাজেদি বৈ যোৱা টীয়ক নৈত এটা অচিনাক্ত পুৰুষৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে চেলেংহাট আৰক্ষীক খবৰ দিয়ে। কিন্তু চেলেংহাট আৰক্ষীয়ে মৃতদেহটো নদীত বিচাৰি নাপায় উদ্ধাৰ নকৰাকৈ উভটি আহে। উল্লেখ্য যে চেলেংহাট আৰক্ষীয়ে মৃতদেহটো কালি যি ঠাইত বিচাৰ খোচাৰ কৰি সন্ধান লাভ নকৰি নৈৰ সোঁতত উটি যোৱা বুলি ৰাইজক অৱগত কৰিছিল, আজি পুৱা সেই একে ঠাইতে স্থানীয় ৰাইজে মৃতদেহটো নদীৰ জাৱৰত লাগি থকা অৱস্থাত প্ৰত্যক্ষ কৰি চেলেংহাট আৰক্ষী চকীত খৱৰ দিয়ে। কিন্তু চেলেংহাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা স্থান নিজা এলেকাত নপৰে বুলি গা এৰা মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে উপায়ন্তৰ হৈ আৰক্ষীৰ জৰুৰী সেৱা ১০০ ডাইল কৰি অৱগত কৰাৰ পিছতহে চেলেংহাট আৰু টীয়ক আৰক্ষীৰ গা লৰে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে উদ্ধাৰ হোৱা মৃতদেহটো খনিকৰ চাহ বাগিচাৰে চাওনা মাঝি বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে। লোক জন বিগত তিনদিন ধৰি সন্ধানহীন হৈ আছিল। ইফালে এটা মৃতদেহ উদ্ধাৰক লৈ আৰক্ষীয়ে কৰা চৰম হেমাহিক তীব্ৰ গৰিহনা দিছে আটছাই। আটছাৰ মৰিয়নী শাখাৰ সম্পাদক দীনেশ চাহুৱে চেলেংহাট আৰক্ষীয়ে দায়িত্বৰ পৰা হাত সাৰিবলৈকে মৃতদেহটো উদ্ধাৰ নকৰি টীয়ক আৰক্ষী থানা এলেকালৈ উটি যোৱালৈ বাট চাই ৰোৱা বুলি অভিযোগ উত্থাপন কৰে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …