হোজাইত ডিমৰুৰ বানৰ তাণ্ডৱ: ৪৬২ পৰিয়াল আক্ৰান্ত, কৃষিভূমি বিনষ্ট

হোজাইৰ পৰা ৰাজীৱ দাস, অসম সংবাদ: যোৱা দুদিন হোৱা প্ৰবল বৰষুণৰ ফলত হোজাই জিলাৰ মাজেৰে বৈ যোৱা ডিমৰু নৈ উফন্দি পৰিছে । নৈ খনৰ বাঢ়নী পানীয়ে জিলাখনৰ ছয় খন গাঁও বুৰাই পেলাইছে । চৰকাৰী তথ্য মতে, ডিমৰু নৈৰ পানীয়ে জিলাখনৰ হীৰা বস্তি, ভোকাও বস্তি,পূব নন্দলাল পূৰ, পশ্চিম নন্দলালপুৰ, ডিমৰুপাৰ আৰু টেংৰী পাৰ গাঁওৰ খেতিপথাৰ, ঘৰদুৱাৰ, বিদ্যালয়, এন আৰ চি সেৱাকেন্দ্ৰ আদি বুৰাই পেলায় । এই বানৰ ফলত অঞ্চলৰ ২৩০ হেক্তৰ খেতি বিনষ্ট হোৱাৰ লগতে ৪৬২ টা কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । ডিমৰুৰ বানৰ ফলত হোজাই-কপাহবাৰী তিনিআলি সংযোগী গডকাপ্তানী পথটো বুৰাই পেলাই যাতায়ত ব্যৱস্থা ব্যাহত কৰে । ইফালে জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্ত সকলৰ কোনো খবৰ নকৰাৰ অভিযোগ কৰে বানাক্ৰান্ত সকলে । চৰকাৰী সূত্ৰই পূৰ্বৰ তুলনাত পানী বহু কমিছে, নিশাৰ ভাগলৈ বানাক্ৰান্ত অঞ্চলৰ পৰা পানী নামি যাব বুলি প্ৰকাশ কৰে ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …