জাঁ‌জী সহকাৰী স্বাস্থ্যকেন্দ্ৰৰ সমস্যা সমাধানৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ জাঁজীৰ ঐতিহাসিক মাছখোৱা গড়ৰ কাষত অৱস্থিত আৰু দেশৰ প্ৰাক স্বাধীনতা কালতে প্ৰতিষ্ঠিত জাঁজী সহায়কাৰী স্বাস্থ্য কেন্দ্ৰটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জাঁ‌জী আঞ্চলিক সমিতিয়ে স্বাস্থ্যকেন্দ্ৰটোত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে অবিভক্ত শিৱসাগৰ জিলাৰ চাৰিটাকৈ মৌজাৰ কেইবাহাজাৰ লোকক বছৰ বছৰ ধৰি স্বাস্থ্য সেৱা আগহঢ়াই অহা স্বাস্থ্যকেন্দ্ৰটোৰ স্বাস্থ্যই এতিয়া পঁয়া লগা।বৰ্তমানৰ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ জকাইচুক আৰু ম’ৰাবজাৰ মৌজাৰ লগতে যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ শিমলুগুৰি মৌজা আৰু মৰিয়ণি সমষ্টিৰ লাহিং মৌজাৰ ৰাইজৰ প্ৰাথমিক চিকিৎসা লাভৰ একমাত্ৰ স্থলী জাঁজী সহায়কাৰী স্বাস্থ্য কেন্দ্ৰটোত নাই স্থায়ী আৱাসিক চিকিৎসক। একমাত্ৰ চিকিৎসক গৰাকীক বলীয়াঘাট চিকিৎসা কেন্দ্ৰৰ পৰা সংযুক্ত কৰি ৰখা হৈছে। আনহাতে চিকিৎসালয় খনত বিগত ২৮/৩০ বছৰ ধৰি চকী খামুচি বহি থকা আয়ুৰ্বেদিক চিকিৎসক গৰাকীয়েই এতিয়া সৰ্বসিদ্ধি ৰূপত চিকিৎসাৰ নিদান পত্ৰত এলোপেথিক ঔষধ লিখি চিকিৎসা আগবঢ়াই আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জাঁজী আঞ্চলিক সমিতিয়ে চিকিৎসালয় খনৰ বিভিন্ন দাবী পুৰণৰ আবেদন জনাই যোৱা ফেব্ৰুৱাৰী আৰু জুলাই মাহত দুবাৰকৈ শিৱসাগৰ জিলা উপায়ুক্ত আৰু শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকক স্মাৰক পত্ৰ দিয়াৰ পাছতো গা লৰা নাই সংশ্লিষ্ট বিভাগৰ। উপায়ন্তৰ হৈ যুৱ ছাত্ৰ পৰিষদে চিকিৎসালয় খনত স্থায়ী চিকিৎসক নিয়োগ, বৰ্তমানৰ নিস্ক্ৰিয় হৈ থকা পৰিচালনা সমিতি পুণৰ গঠন কৰা, ২৪ ঘন্টাই সক্ৰিয় হোৱাকৈ এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰা, চৌহদৰ পকীবেৰা নিৰ্মাণ কৰা, নৈশ চকীদাৰ নিয়োগ কৰা, চকু চিকিৎসক নিয়োগ কৰা আৰু চিকিৎসালয়ৰ জৰাজীৰ্ণ গৃহ সমুহ তৎকালে মেৰামতিৰ ব্যৱস্থা কৰি ব্যৱহাৰোপযোগী কৰি তোলাৰ দাবীৰে আজি চিকিৎসালয় খনত এক তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। মহকুমা চিকিৎসা বিষয়া অৰ্চনা দাসৰ উপস্থিতিত হৈ ধৰ্মঘটকাৰী সকলৰ লগত আলোচনাত মিলিত হয় আৰু বিষয়া গৰাকীৰ অনুৰোধত ধৰ্মঘট প্ৰত্যাহাৰ কৰা হয়। ধৰ্মঘটকাৰী সকলে চিকিৎসা বিষয়া গৰাকীৰ যোগেদি দাবী সমুহৰ সন্দৰ্ভত অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …