মহানগৰীত কোটি টকাৰ সুৰাৰ বটলৰ ওপৰত চলিল ৰোলাৰ

নিউজ ডেস্ক,অসম সংবাদ: সুৰাৰ বটলৰ ওপৰেৰে ৰোলাৰ চলালে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মহানগৰীৰ বৰাগাঁৱত বহু পৰিমাণৰ সুৰাৰ বটল ধ্বংস আবকাৰী বিভাগৰ। উল্লেখ্য যে, ২০১৬ চনত কাৰ্বি আংলঙত আবকাৰী বিভাগৰ এক অভিযানত জব্দ হৈছিল উক্ত অৰুণাচলী সুৰাৰ বটলসমূহ। ১৪খন ট্ৰাকত গুৱাহাটীলৈ আনি থকা অৱস্থাত জব্দ হৈছিল ১৬৮ কোটি ৫৪ লাখ ৩১ হাজাৰ ৩৪৯ টকাৰ এইসমূহ সুৰাৰ বটল। এই সন্দৰ্ভত ২০১৬ চনতেই BIEO–এ ৰুজু কৰিছিল এক গোচৰ। এই গোচৰৰ ভিত্তিত সুৰা মাফিয়া ৰাজেশ জালানসহ গ্ৰেপ্তাৰ হৈছিল মুঠ ১৩জন লোক।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …