ব’ল-ব’ম যাত্ৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, অসম সংবাদ: উদণ্ড ব’ল-ব’ম যাত্ৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। বৃহস্পতিবাৰে আৰক্ষীলৈ নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। ভক্তিৰ নামৰ ভণ্ডামি চলাই অহা ব’ল-ব’ম যাত্ৰী সকলে বিগত কিছু দিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত কৰি আহিছে ধ্বংসমূলক কাৰ্য। মঙলবাৰেও ৰাজধানী দিল্লীৰ মোতি নগৰ অঞ্চলত ব’ল-ব’ম যাত্ৰী সকলে সংঘটিত কৰিছিল একেই ধৰণৰ ধ্বংসমূলক কাৰ্য। এখন গাড়ী লণ্ড-ভণ্ড কৰি ৰাজধানী চহৰখনত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ব’ল-ব’ম যাত্ৰীসকলে। দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে এই কাৱৰীয়া এজনক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ পাচতেই উচ্চতম ন্যায়ালয়ে আইন ভংগ কৰা এই কাৱৰীয়াসকলৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …