খোলাবান্ধা স্বাস্থ্যকেন্দ্ৰত ম্যাদ উকলা ঔষধ খাই ৰোগী অসুস্থ: ফাৰ্মাচিষ্টে গোপনে জ্বলালে ঔষধ

অসম সংবাদ, নগৰবেৰা: ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডত সংঘটিত হল আন এক নাভূত নাশ্ৰুত কাণ্ড। বৰপেটা জিলাৰ খোলাবান্ধা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ফাৰ্মাচিষ্টে ৰোগীক ম্যাদ উকলা ঔষধ কৰাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে, যোৱা কালি সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰত নিয়োজিত হৈ থকা ফাৰ্মাচিষ্ট মিজানুৰ ৰহমানে একাংশ ৰোগীক বিতৰণ কৰে ম্যাদ ওকলা ঔষধ। এনে ঔষধ সেৱন কৰি অসুস্থ হৈ পৰে একাধিক ৰোগী। এই ঘটনা সংঘটিত হোৱাৰ পিছতে ফাৰ্মাচিষ্ট মিজানুৰ ৰহমানে আজি গোপনে জ্বলাই দিয়ে ২০ কাৰ্টন ম্যাদ ওকলা ঔষধ । স্থানীয় আমছু নেতা সকলৰ তৎপৰতাত পোহৰলৈ আহে এই ঘটনা। ঘটনাৰ বিষম পৰিনতিৰ প্ৰতি লক্ষ্য ৰাখি আজি চিকিৎসালয়ৰ পৰা পলায়ন কৰে ফাৰ্মাচিষ্ট মিজানুৰ ৰহমান। ইপিনে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে । সৰ্বসাধাৰণ লোকৰ জীৱন লৈ হেতালি খেলা আৰু কৌটি কৌটি টকা ব্যয় কৰি চৰকাৰে বিনামূলীয়াকৈ ৰোগীৰ বাবে যোগান ধৰা ঔষদ এনেকৈ জ্বলাই দিয়া চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত সাপেক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় মন্ত্ৰীক ৰাইজৰ লগতে আমছুৱে দাবী জনাইছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …