মাজুলীৰ অফলামূখ নিমাতি পাৰঘাটত আজিৰে পৰা চলিল অত্যাধুনিক জাহাজ

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড, অসম সংবাদ:
মাজুলীৰ অতি গুৰুত্বপূৰ্ণ পাৰঘাট হিচাপে পৰিচিত অফলামূখ নিমাত ঘাটটো ১৯৯৬ চনত প্ৰথম আৰম্ভণি হৈছিল । সেই সময়ত মাজুলীত পঞ্চায়তৰ পাৰঘাট সমূহ চলি আছিল । প্ৰথম অৱস্থাত অফলামূখ ঘাটো আৰম্ভ কৰা হয় যদিও যাত্রীৰ সংখ্যা কম হোৱাৰ বাবে এখনেই ফেৰি চলিচিল , পিছৰ পৰ্য্যায়ত এই ঘাটটোৱে মাজুলীবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ ঘাটত পৰিগণিত হল। মাজুলী কমলাবাৰী পাৰঘাটৰ লগত সমানে সমানে ফেৰমাৰি চলিবলৈ সক্ষম হৈছে ঘাটটো। বৰ্তমান মাজুলীৰ অফলামূখ পৰা ৪ বাৰ আৰু নিমাটিঘাটৰ পৰা ৪ বাৰ ফেৰি অহাযোৱা কৰে । যাত্রীৰ সংখ্যা অত্যাধিক হোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহন বিভাগে আজিৰ পৰা অত্যাধুনিক জাহাজ চলাইছে যদিও পূব মাজুলীবাসীয়ে ঘাটটোত দুখন অত্যধুনিক ফেৰিৰ দাবী জনোৱাৰ পাছতো কি ৰহস্যৰ খাতিৰত জিলা প্ৰশাসনে বৰ্তমান এখন ফেৰি হে প্ৰদান কৰিলে তাকলৈয়ো একাংশ জনসাধাৰনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মাজুলী নতুন বজাৰ , জেংৰাই মূখ , ফুলনি, ৰতনপুৰ গায়ন , ৰঙাচাহী , পৰা আৰম্ভ উজনি মাজুলী , পূৱ মাজুলী আৰু মধ্য মাজুলীৰ হাজাৰ হাজাৰ জনসাধাৰণৰ ওপৰিও প্ৰৰ্যটকে অহাযোৱা কৰে । ইয়াৰোপৰি জৰুৰী কালিন ৰোগী সকলকো ১০৮ আৰু ১০২ গাড়ীৰে ২ এম্বুলেচ ফেৰীৰে উন্নত চিকিৎসা বাবে মাজুলীৰ বাহিৰলৈ এই ঘাটেৰে অনানিয়া কৰি আহিছে । মাজুলীত চাকৰি কৰা বাহিৰৰ কম্মচাৰী সকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ যাত্ৰী সকলো এই পাৰঘাটতোৱেদিই অহা যোৱা কৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতি , মাজুলী মহকুমা ছাত্ৰ সন্থা , পূৱ মাজুলী উন্নয়ন সমিতি, বনগাও আঞ্চলিক তৰুণ ক্লাৱ আদি দল সংগঠন সমুহে পাৰঘাটত ১ ঘন্টা অন্তৰে অন্তৰে জাহাজৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে । যিহেতু এই পাৰঘাটতোত জাহাজ চলা চল বিশেষ সুবিধা আছে । নদীৰ গভীৰতাৰ লগতে যাত্রীৰ যাতায়তৰ উন্নত মানৰ সুবিধা আছে । আৰম্ভণিৰে পৰা আজিলৈকে যাত্ৰীয়ে কোনোদিনেই নদীৰ মাজত আৱদ্ধ হৈ থাকিব লগা হোৱা নাই , পনী কমি যোৱাৰ কোনো অসুবিধা নাই । মাজুলীবাসীয়ে অফলামূখ-নিমাতি পাৰঘাটত অত্যধুনিক জাহাজ প্ৰদান কৰাত মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক সৰ্বানন্দ সোণোৱাল , জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মাজুলী প্ৰশাসন , আভ্যন্তৰীণ জল পৰিবহন বিভাগক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰু এখন অত্যাধুনিক ফেৰি প্ৰদান কৰাৰ আহ্বান জনাইছে ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …