কাকপথাৰৰ ছাত্ৰী ববী মহন্ত অপহৰণৰ সন্ধান নোলাল এমাহে: ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

তিনিচুকীয়াৰ পৰা মাইনু মৰাণ, অসম সংবাদ: তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক সোনজান গাওৰ ৯বছৰীয়া ছাত্ৰী ববি মহন্ত অপহৃত হোৱা এমাহ পাৰ হোৱাা পাছতো ছাত্ৰী গৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ প্ৰশাসন৷ আজি কাকপথাৰ ডিৰাক সোনজানত ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি ববি মহন্তৰ সন্ধান বিছাৰে মৰাণ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে৷ ১১ জুলাইত অপহৃত ছাত্ৰী গৰাকী উদ্ধাৰ বাবে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও ছাত্ৰী গৰাকী উদ্ধাৰৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ সমগ্ৰ বিষটোত ক্ষুব্ধ হৈ আজি পুৱা ছয় বজাৰ পৰা সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৫২নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদ কাৰীয়ে সকলে অভিযোগ কৰামতে অৰুণাচল প্ৰদেশৰ অজিৎ চাক্মা নামৰ ব্যক্তি গৰাকীয়ে ঘৰৰ ওচৰৰ পৰা ফুচুলাই লৈ যোৱাৰ সন্দেহ কৰিছে৷অপহৰণকাৰী নাম, ঠিকনা, এটা মোবাইল ফ’ন পোৱাৰ পিছতো এটা মাহে ছাত্ৰী গৰাকীক উদ্ধাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ব্যৰ্থ হৈছে বুলি প্ৰতিবাদকাৰী সকলে মন্তব্য কৰিছে৷প্ৰতিবাদৰ শেষত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অনতিপলমে অপহৰণকাৰীৰৰ কৱলৰ পৰা ববী মহন্তক উদ্ধাৰ কৰি অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে মৰাণ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে৷ অন্যথা অনিদিষ্ট কালৰ বাবে অসম-অৰুণাচল প্ৰদেশৰ মাজত অৰ্থনৈতিক অবৰোধ গঢ়ি তোলাৰো হুংকাৰ দিছে৷ আনহাতে আজি এই পথ অৱৰোধৰ ফলত অসম-অৰুণাচল মাজত যোগাযোগ বিছিন্ন হৈ পৰে৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …