বৰপেটাৰ বিভিন্ন প্ৰান্তত বাইক চোৰৰ সন্ত্ৰাস: এজনক আটক

অসম সংবাদ,চেঙা: বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত বাইক চোৰৰ এটা চক্ৰই সমাজ জীৱনক দীৰ্ঘ দিন ধৰি উদ্বিগ্ন কৰি তোলাৰ সময়তে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে চোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।দুদিন আগতে দুখনকৈ গাড়ীসহ দুটা চোৰক আটক কৰাৰ পাছত কালি তাৰাবাৰী আৰক্ষীয়ে পুনৰ এটা চোৰ গ্লেমাৰ বাইকসহ বৰপেটা জিলাৰ ৰৌমাৰী গাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে ধৃত চোৰটো নলবাৰী জিলাৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত কুৰিহামাৰী গাঁৱৰ ফৰিদ আলী (১৯) । তাৰাবাৰী আৰক্ষী থানাত ৰুজু হোৱা ১৯৭/১৮ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৭৯/৪১১ ধাৰাৰ অধীনত আজি চোৰটোক তাৰাবাৰী আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …