সাহিত্যৰ নবেল বিজয়ী ভি এছ নাইপল আৰু নাই

নিউজ ডেস্ক, অসম সংবাদ: নবেল বিজয়ী ভাৰতীয় বংশোদ্ভুত ব্ৰিটিছ লেখক ভি এছ নাইপল (৮৫)আৰু নাই৷ শনিবাৰে ভি এছ নাইপলৰ পত্নী নাদিৰা নাইপলে এই কথাটো নিশ্চিত কৰিছে৷
উল্লেখযোগ্য যে ২০১১ চনত সাহিত্যৰ নবেল বঁটাৰে সন্মানিত হৈছিল নাইপল৷
১৯৩২ চনৰ ১৭ আগষ্টত ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা ছাৰ বিদ্যাধৰ সূৰ্যপ্ৰসাদ নাইপলে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যত অধ্যয়ন কৰিছিল৷
নাইপলে ৩০ খনতকৈও অধিক কিতাপ লিখিছে৷ ১৯৭১ চনত বুকাৰ বঁটাৰ লগতে তেওঁ ২০১১ চনত সাহিত্যৰ নবেল বঁটাও লাভ কৰে৷

মন্তব্য

পঢ়িব পাৰে

শিমুলটাপুত অচিনাক্ত মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ

অসম সংবাদ, গোসাঁইগাঁও: গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অন্তৰ্গত শিমুলটাপু ব্লক গাঁৱৰ সমীপত সোণকোষ নদীৰ পৰা …