নগাঁৱৰ কচুৱা অঞ্চলত চৰকাৰী আঁচনি ধোঁৱাচাঙত: সম্প্ৰতিও নাই বিদ্যুৎ সংযোগ

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা, অসম সংবাদ: গ্ৰামাঞ্চলৰ উন্নণৰ বাবে প্ৰধান মন্ত্ৰীৰ সপোনৰ আচনি বোৰে আজিও গ্ৰামাঞ্চলৰ লোকে লাভ কৰিবলৈ সক্ষম হোৱা ।শনিবাৰে গ্ৰামোন্নয়ণ বিভাগে চলোৱা জৰিপে এই কথাই প্ৰমান কৰিলে । নগাওঁ কচুৱা অঞ্চলৰ বহু লোকে আজিও টিপ চাকিৰ পোহৰত আৰু খৰিৰ চৌকাত ভাত বনাই খাব লগা অৱস্থা নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ দিনটো বিৰাজ মান ।এনেদৰে মোডীৰ ভিজিটেল ইণ্ডিয়াৰ নামত ভেকোভাওঁনা চলিছে এইবোৰ গ্ৰামাঞ্চলত। অকল কচুৱাই নহয় আজিও নগাৱৰ বহু পৰিয়ালে পোৱা নাই ইন্ধন গেছ আৰু বিদ্যুত সংযোগ ।খৰিৰ চৌকা আৰু টিপ চাকিৰ পোহৰত এটা ৰাতি কতালে গ্ৰমোন্নয়ণৰ বিষয়া কৰ্মচাৰীয়ে । উল্লেখ্য যে শনিবাৰৰ নিশা গ্ৰামোন্নয়ণ বিভাগৰ নিৰ্দেশ অনুসৰি নগাৱৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ কচুৱা পঞ্চায়তৰ হিতাধিকাৰীৰ ঘৰত নিশা যাপন কৰিলে উন্নয়ন খণ্ড টোৰ বিষয়া কৰ্মচাৰীয়ে ৷ আচনি অধীনৰ গৃহ নিৰ্মান সন্দৰ্ভত হিতাধিকাৰীয়ে সন্মুখীন হোবা বিভিন্ন সমস্যা তথা তথ্য সংগ্ৰহৰ উদ্দেশ্যৰে নিশা যাপন কৰি চৰকাৰৰ বহু আচনিৰ কথা আলোচনা কৰিলে গাওবাসীৰ লগত
বিষয়া সকলে অতি পিছ পৰা অঞ্চমটোৰ বহু পৰিয়ালত আজিও বিদ্যুতৰ সংযোগআৰু ।বহু দুখীয়া পৰিয়ালে আজিও উজলা গেছৰ আচনিত নাম সংযোগ হোৱা নাই বুলি মন্তব্য কৰি ইয়াৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ জনোৱা হব বুলি কয়৷ আনহাতে বিষয়া কৰ্মচাৰী সকলে হিতাধিকাৰীৰ ঘৰত এসাজ খাই নিশা নিশাটো কটোবাৰ কথা প্ৰকাশ কৰে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …