খেৰণিত বন্যহস্তীৰ তাণ্ডৱ: বাসগৃহ, বাহন, খেতিপথাৰৰ ক্ষতিসাধন

অসম সংবাদ, খেৰণি: পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানা অন্তৰ্গত আজি নিশা প্ৰায় দুটা বজাত বনৰীয়া হাতীয়ে খেৰণি পাব্লিক স্কুলৰ চাৰিসীমাৰ বেৰ ভাঙি স্কুলত নিয়োগ কৰা স্কুলৰ নৈশ চকিদাৰৰ বিক্ৰম গৌড়ৰ ঘৰৰ বেৰ ভাঙি দিয়ে৷ উক্ত স্কুলৰ নাইট চকিদাৰজনে পত্নী আৰু পুত্ৰক লৈ ঘৰৰ আন দুৱাৰেদি যেনে-তেনে পলাই প্ৰাণ ৰক্ষা কৰে৷ বনৰীয়া হাতীয়ে বিক্ৰমৰ গৃহত প্ৰবেশ কৰি ঘৰৰ টি.ভি, পালেং, কাপোৰ, চাইকেল, চাউল, নথি-পত্ৰ আদি নষ্ট কৰে৷ লগতে স্কুলখনৰ বাছৰ গ্লাছ ভাঙি দিয়ে৷ সিফালে আজি নিশাই খেৰনী কছাৰী গাঁওত বনৰীয়া হাতয়ে প্ৰৱেশ কৰি কেইবা বিঘা কুঁহিয়াৰ খেতিও নষ্ট কৰিছে ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …