পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ক ‘নগৰ’ ঘোষণা: অহা নৱেম্বৰ-ডিচেম্বৰত হ’ব নিৰ্বাচন

হামৰেণৰ পৰা অপূৰ্ব কুমাৰ নাথ, অসম সংবাদ: পশ্চিম কাৰ্বি আংলং জিলাত সংযোজন হ’ল আৰু এখন নগৰ। জিলা সদৰ হামৰেণ আৰু ডংকামোকামৰ পাছত আনুস্থানিক ভাৱে ঘোষনা হ’ল তৃতীয়খন নগৰ। নাম “বৈঠালাংছ’ নগৰ” । আজিৰ দিনটো বৈঠালাংছ’বাসীৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাবাসীৰ বাবে এক ঐতিহাসিক দিন। এতিয়াৰে পৰা,গ্রাম্যাঞ্চলৰ পৰা নগৰলৈ ৰূপান্তৰিত হ’ল “বৈঠালাংছ”। আনুস্থানিক ভাৱে ঘোষনা কৰিলে বৈঠালাংছ’ নগৰ হিচাপে । পাৰ্বত্য উন্নয়ন মন্ত্রী চুম ৰংহাঙৰ উপস্থিতিত কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুস্থানিক ভাবে বৈঠালাংছ’ক নগৰ হিচাপে ঘোষনা কৰে। সাতটা ৱাৰ্ড সাঙুৰি লৈ গঠন কৰা হৈছে বৈঠালাংছ’ টাউন সমিতি। তদুপলক্ষে বৈঠালাংছ’ বেচিক এল.পি.স্কুলৰ খেল পথাৰত এক ৰাজহুৱা সভা অনুস্থিত হয়। সভাত মূখ্য অতিথি হিচাপে অংশ গ্রহন কৰে মন্ত্রী চুম ৰংহাঙৰ লগতে স্থানীয় বিধায়ক ডাঃ মানছিং ৰংপী, পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অমৰচিং টিছ’, প্রভাত চন্দ্র তাৰ’,মঙ্গলচিং টিমুং আৰু বহু কেইজন পৰিষদীয় সদস্য । সভাত CEM তুলিৰাম ৰংহাঙে কয় যে,” বৈঠালাংছ’ নগৰ হোৱাত বৈঠালাংছ’ অঞ্চলত উন্নয়নৰ পৰিমান যথেষ্ট বৃদ্ধি হ’ব। প্রথম অবস্থাতে টাউন সমিতিৰ বিভিন্ন দিশৰ উন্নয়নৰ বাবে ৩০ লাখ টকা অনুমোদন জনোৱা হৈছে। লগতে এইটোও কয় যে এই নগৰ সমিতিৰ নিৰ্বাচন অহা নৱেম্বৰ-ডিচেম্বৰ মাহত নিৰ্বাচন অনুস্থিত হব।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …