অভয়াপুৰীৰ পৰা যুৱক সন্ধানহীন: ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

অসম সংবাদ, অভয়াপুৰী: বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী চকীৰ অন্তৰ্গত হৰিপুৰ গাঁওৰ পৰা যোৱা ৯ আগষ্টৰ পৰা এজন একৈশ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ যুৱকজনৰ নাম অজিত মণ্ডল ৷ নিশা ভাতপানী খাই শুৱাৰ পিছতে যুৱকজন সন্ধানহীন হয় ৷ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল যদিও খিৰিকী এখন খোলা অৱস্থাত পোৱা গৈছে ৷ যুৱকজন নিজে কৰ’বাত গৈছে নে অপহৰণ কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ ইতিমধ্যে পৰিয়ালে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ কোনোবা ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান পায় তেন্তে ৯৯৫৪২৯৭৮২৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …