পাৰ্বত্য এলেকাত ক্ৰীড়াৰ ক্ষেত্রত বিশেষ গুৰুত্ব কাৰ্বি পৰিষদৰ

হামৰেণৰ পৰা অপূৰ্ব কুমাৰ নাথ, অসম সংবাদ: “মানুহৰ শাৰীৰিক তথা মানসিক বিকাশত ক্ৰীড়ায়ে এক গুৰুত্বপূৰ্ণ ভুমিকা গ্রহন কৰে। সেয়ে সকলোৰে কিবা নহয় কিবা খেল খেলাৰ অভ্যাস থাকিব লাগে। ইয়াৰ দ্বাৰা বহু বেমাৰ আজাৰৰ পৰাও হাত সাৰিব পৰা যায়”–পশ্চিম কাৰ্বি আংলঙত বিশ কোটি টকাৰ দুটাকৈ মিনি ষ্টেডিয়ামৰ আধাৰশীলা স্থাপন কৰি এইদৰে কয় কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। শেহতীয়াকৈ পাৰ্বত্য জিলা খনত কাৰ্বি পৰিষদখনে ক্ৰীড়াৰ ক্ষেত্রত যথেষ্ট গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে। গ্রাম্যাঞ্চল বসবাস কৰা দূখীয়া খেলুৱৈ সকলৰ সুবিধাৰ্থে গ্রহন কৰিছে বহু আঁচনি। পাহাৰীয়া জিলা পূৱ আৰু পশ্চিম কাৰ্বি আংলঙৰ মূঠ ২৬ টা পৰিষদীয় সমষ্টিৰ প্রতিটো সমষ্টিতে ১০ কোটিকৈ টকা নিৰ্ধাৰণ কৰি আৰম্ভ কৰিছে ষ্টেডিয়াম,ইণ্ডোৰ ষ্টেডিয়াম,মুকলি মঞ্চ আদিৰ নিৰ্মানৰ কাম। তাৰে অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ বিথুং পৰিষদিয় সমষ্টিৰ তৰাডুবি আৰু ৰংখাং পৰিষদীয় সমষ্টীৰ হানলকক্ৰকত পৃথকে পৃথকে দুটা ষ্টেডিয়ামৰ আধাৰশীলা স্থাপন কৰে। CEM তুলিৰাম ৰংহাঙক লগ দিয়ে কাৰ্হি পৰিষদৰ ই.এম. অমৰছিং টিছু ,জগতচিং ইংতি,১নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ এম.এ.চি. প্রভাত চন্দ্র তাৰ’,মঙ্গলছিং টিমুং আদিয়ে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …