কলিয়াবৰত বানাক্ৰান্তলৈ ক্ষতিপূৰণ বিতৰ্ক প্ৰসংগ: মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল

অসম সংবাদ, কলিয়াবৰ: কলিয়াবৰৰ বানাক্ৰান্তলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক আৰু উত্তাল পৰিবেশ সন্দৰ্ভত আজি প্ৰথম বাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী কেশৱ মহন্তই। কলিয়াবৰ আবৰ্ত ভৱনত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই এক সংবাদমেলৰ আয়োজন কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰাত বিসংগতি হোৱাতো সত্য। লগতে প্ৰতিবাদী বানাক্ৰান্ত ক ধন্যবাদ দি কয় যে তেওঁ লোকে বিষয়টো পোহৰলৈ আনিলে। মন্ত্ৰী গৰকীয়ে ইয়াকো কয় যে মোৰ বদনাম হওঁক তাত মোৰ আপত্তি নাই। কিন্তু বানাক্ৰান্ত সকলে উচিত মূল্য পাওঁক। অতি কম সময়ৰ ভিতৰতে কলিয়াবৰৰ বানাক্ৰান্তই প্ৰাপ্য ক্ষতিপূৰণ লাভ কৰিব। স্বচ্ছ আৰু নিকা তালিকা প্ৰস্তুত কৰিবলৈ এগৰাগী সহকাৰী আয়ুক্তৰ নেতৃত্বত একোখনকৈ কমিটি গঠন কৰিবলৈ পৰামৰ্শ দিয়া বুলি জানিব দিয়ে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …