পশ্চিম কাৰ্বি আংলঙৰ কৃষকক ট্রেক্টৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী চুম ৰংহাঙ

হামৰেণৰ পৰা অপূৰ্ব কুমাৰ নাথ, অসম সংবাদ: “মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আচঁনি”ৰ অধীনত আজি পাহাৰীয়া জিলা পশ্চিম কাৰ্বিআংলঙত দূখীয়া কৃষকৰ মাজত টেক্টৰ বিতৰণ কৰা হয় । এই উপলক্ষে বৈঠালাংছ’ চেৰদিহুন আক্লামত অনুষ্ঠিত কৰা হয় ট্ৰেক্টৰ বিতৰণী সভা। সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে।
জিলা কৃষি বিভাগে আনুষ্ঠানিক ভাবে ৬টা আত্মসহায়ক গোটৰ মাজত ৬ খন ট্ৰেক্টৰ বিতৰণ কৰে ৷আবেদন কৰা গোটসমূহৰ সৰ্বমূঠ ১৪৯ টা গোটৰ ১৪৯ খন ট্রেক্টৰ বিনৰণ কৰিব। কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অন্যান্য কাৰ্যবাহী সদস্য সকল উপস্থিত থকা সভাত মন্ত্ৰী ৰংহাঙে অসম চৰকাৰে কৃষক সকলৰ সুবিধাৰ বাবে বিভিন্ন আচঁনি লোৱাৰ বিষয়ে অৱগত কৰে ৷ কৃষিপ্ৰধান ৰাজ্য অসমত কৃষিক নতুন প্ৰজন্মই এক প্ৰফেচন ৰূপে লোৱাৰ তেওঁ আহবান জনায় ৷ আধুনিক কৃষি কৰ্মই কাৰবি আংলঙৰ লগতে অসমৰ প্ৰতিখন জিলাক অৰ্থনৈতিক ভাবে সবল কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …