দেৰগাঁৱৰ ইছফাকুলৰ হত্যাৰ লগত জড়িত তিনি অভিযুক্ত গ্ৰেপ্তাৰ

অসম সংবাদ, দেৰগাও: ইচফাকুলৰ হত্যাকাণ্ডক লৈ দ্বিতীয় দিনাও উত্তপ্ত দেৰগাওঁ । দেওবাৰে হত্যাৰ অভিযোগত অভিযুক্ত হাজিৰুল হুছেইন নামৰ এজন আচামীক দেৰগাওঁ থানা চৌহদতে আক্ৰমন কৰে একাংশ উত্তেজিত ৰাইজে । আচামীজনক গোলাঘাট আদালতলৈ নিবলৈ বুলি এখন গাড়ীত উঠাবলৈ লওতেই পূৰ্বৰে পৰা ৰৈ থকা উত্তেজিত শতাধিক জনতাই আৰক্ষীৰ উপস্থিতিতে তেওক আক্ৰমণৰ লক্ষ্য কৰি লয় । ঘটনাক লৈ দেৰগাওঁ থানাত অভাৱনীয় পৰিস্থিতি সৃষ্টি হয় । আৰক্ষী আৰু একাংশ ৰাইজে কোনোমতেহে আচামীৰ প্ৰাণ ৰক্ষা কৰি পুনৰ লকআপত ভৰায় । ইয়াৰ পাছতে দেৰগাও থানাত আৰক্ষী আৰু ৰাইজৰ মাজত খণ্ড যুদ্ধ আৰম্ভ হয় । মৃত ইছফাকুলৰ মাতৃয়েও উগ্ৰ মূৰ্তি ধৰি থানা চৌহদত আচামীক বিচাৰি ফুৰে । পৰিস্থিতিৰ অধিক অৱনতি ঘটাত থানা খনত বৃহত সংখ্যক আৰক্ষী মোতায়ন কৰা হয় । ইচফাকুলৰ মাতৃয়ে কোৱা মতে তেও নিজে এজন আচামী চিনাক্ত কৰিছে কিন্তু আৰক্ষীক নজনোৱাকৈ নিজে ব্যৱস্থা গ্ৰহণ কৰিব । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে কতকতীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অভিযুক্ত হাজিৰুল হুছেইনক গোলাঘাট আদালতলৈ লৈ যায়। অন্যহাতে এই ঘটনাৰে জড়িত আন দুজন অভিযুক্ত মোস্তাইন হুছেইন আৰু ইজাজুৰ ৰহমানক দেৰগাৱৰ উপকন্ঠ মৌখোৱাত আৰক্ষীৰ বৃহত দলে ধৰিবলৈ সক্ষম হয় । কিন্তু দেৰগাৱৰ পৰিস্থিতৰ অধিক অৱনতি ঘটি থকাৰ পৰিপেক্ষিতত পোনে ঋপোনে গোলাঘাট থানালৈ লৈ যায় । ঘটনাক লৈ এতিয়াও উত্তেজনা অব্যাহত ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …