অসম

গোলকগঞ্জত ছাত্ৰ নেতাক মাৰপিট: তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল

অসম সংবাদ,গোলকগঞ্জ: ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলীত আজি এজন ছাত্ৰ নেতাক ফোনযোগে মাতি তিনিজন যুৱকে মাৰপিট কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, গোলকগঞ্জ আঞ্চলিক ছাএ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আবু ছফিয়ানক আজি দিনৰ এঘাৰ বজাত তিনিজন যুবকে ফোন যোগে বিৰাট নগৰ চাৰিআলিলৈ মাতে । সেইমৰ্মে ছফিয়ানে চাৰিআলীত উপস্থিত হয় । পিছত যুবক তিনিজনে ছাত্ৰ নেতা …

অধিক পঢ়ক »

গোগামুখত এমাহ ধৰি ন-বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন: পলাতক দুই লম্পট

অসম সংবাদ,গোগামুখ: মানৱীয়তাৰ যেন সঁচাকৈয়ে অপমৃত্যু ঘটিছে। গোগামুখত এগৰাকী ন বছৰীয়া কিশোৰীৰ দুটা লম্পতে এমাহ ধৰি যৌন নিৰ্যাতন চলাই থকাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। ঘটনাৰ স্থান গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী গাওঁ পঞ্চায়তৰ চুমনি গাঁও। বিৱৰণী মতে চুমনি গাঁৱৰ নিচেই সমীপৱৰ্তী টিঙিৰি গাঁৱৰ দুটা পাষণ্ডই এগৰাকী ন বছৰীয়া কিশোৰীগৰাকীক যোৱা এমাহ ধৰি যৌন নিৰ্যাতন চলায় আহিছিল ৷ উক্ত নিৰ্যাতনৰ সৰ্ম্পকে …

অধিক পঢ়ক »

কলগাছিয়াত পুত্তলিকা দাহ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান,অসম সংবাদ: পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কৃষক সভা তিতাপানী আঞ্চলিকৰ উদ্যোগত আজি সন্ধিয়া কলগাছিয়াৰ খাটাৰটাৰীত প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে। তিতাপানী আঞ্চলিকৰ নেতৃবৃন্দই খাটাৰটাৰী বজাৰৰ মাজমজিয়াত পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত পেট্ৰলিয়াম মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰে। নিখিল ভাৰত কৃষক সভা তিতাপানী আঞ্চলিকৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিবাদী কার্যসূচীত প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, পেট্ৰলিয়াম মন্ত্ৰী …

অধিক পঢ়ক »

অসমৰ জাতি বিৰোধী নাগৰিকত্ব আইনৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী সমদল

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: অসমত হিন্দু বাংলাদেশী আনি অসমীয়া জাতি ৰক্ষা কৰিবলৈ লোৱা এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আজি যোৰহাটত প্ৰায় পাঁচ সহস্ৰাধিক কংগ্ৰেছ সদস্যই প্ৰতিবাদ কৰি বিগত দিন কেইটাত ৰাইজৰ গণ স্বাক্ষৰ সহ এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগেদি যুটীয়া সংসদীয় সমিতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইয়াৰ পূৰ্বে জিলা পুথিভঁৰালত কংগ্ৰেছৰ এখন সভাও অনুষ্ঠিত হয় । সেই …

অধিক পঢ়ক »

মৰাণত ছাত্ৰ সন্ধানহীন

অসম সংবাদ,মৰাণ: মৰাণৰ চেপন মিলনপুৰৰ এজন ছাত্ৰ কুল প্ৰসাদ গগৈ ( জিতুল ১৬) যোৱা ২৩ মে বিয়লি ৩.৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে । প্ৰয়াত ৰতি কান্ত গগৈৰ পুত্ৰ কুল গগৈ বন্ধুৰ সৈতে ফুৰিবলৈ যাওঁ‌তে মৰাণ মিৰিহোলাৰ পৰা সন্ধান হয় । মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে ৪৩/১৮ নং ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি অভিযান আৰম্ভ কৰিছে । …

অধিক পঢ়ক »

গোসাইগাঁওত অচিনাক্ত মৃতদেহ উদ্ধাৰ

অসম সংবাদ,শ্ৰীৰামপুৰ: কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ দক্ষিণ কৈমাৰী গাঁৱত আজি অচিনাক্ত মহিলাৰ মৃতদেহ উদ্বাৰ হয় । গাঁওখনৰ শ্লুইছ গেটৰ নলাত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ৩৫-৩৬ বছৰীয়া মহিলাগৰাকী । এতিয়ালৈ চিনাক্ত হোৱা নাই যদিও মহিলাগৰাকী বড়ো জনগোষ্ঠীৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

অধিক পঢ়ক »

লখিমপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিশাল প্ৰতিবাদ

অসম সংবাদ,লখিমপুৰ: ছবছৰীয়া অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ বালিদানৰ বিনিময়ত সম্পাদিত অসম চুক্তি মৰ্মে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি থকা অৱস্থাতে অসম চুক্তিক নস্যাৎ কৰি বিজেপি চৰকাৰে ২০১৪ চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত অহা হিন্দু বাংলাদেশীক সংস্থাপনৰ লক্ষ্যৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰ্তমানেও অব্যহত আছে প্ৰতিবাদ । আজিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ …

অধিক পঢ়ক »

দলংঘাটৰ পাঘালী NRC কেন্দ্ৰত তথ্য চুৰি কৰি গ্ৰেপ্তাৰ তিনি চোৰ

অসম সংবাদ,বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তথা মৰিগাওঁ জিলাৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডস্থিত পাঘালী এন আৰ চি সেৱা কেন্দ্রত এন আৰ চিৰ তথ্য চুৰি কৰি ৰঙা ঘৰৰ আলহী হল তিনি চোৰ। বুধবাৰে সংঘটিত হয় এই ঘটনা । গ্ৰেপ্তাৰ হোৱা লোক তিনিজন হল আমিনুল ইছলাম, তাজনুৰ আলী আৰু খাইৰুল ইছলাম । ইয়াৰে আমিনুল ইছলাম এন আৰ চি সেৱা কেন্দ্রৰ কম্পিউটাৰ অপাৰেটৰ …

অধিক পঢ়ক »

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চামগুৰিত ৰাষ্ট্ৰপতিলৈ সাংবাদিকৰ স্মাৰক-পত্ৰ

অসম সংবাদ, চামগুৰি: “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬” ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে “সাংবাদিক সতীৰ্থ বঢ়মপুৰ,পুৰণিগুদাম আৰু চামগুৰি” ৰ অন্তৰ্গত সাংবাদিকসকলৰ আহ্বান ক্ৰমে আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিভিন্ন দল-সংগঠনৰ সহযোগত যোৱা ১৩ মে’ত পুৰণিগুদামস্থিত ড’ ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৃহৎ গণজাগৰণ সভাৰ স্মাৰক-পত্ৰ আজি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়৷ সাহিত্যিক …

অধিক পঢ়ক »

ডিমাকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহতক টংলালৈ প্ৰেৰণ

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মা,অসম সংবাদ: ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ তামুলপুৰ ওদালগুৰি পথৰ ডিমাকুছি চকৰ নিচেই কাখতে আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগত অহা বাইক আৰোহি জনে খুন্দিয়ালে মহিলা বাইচাইকেল আৰোহিক ৷

অধিক পঢ়ক »