শুভ সংবাদ

অভয়াপুৰী মহাবিদ্যালয়ৰ ঐতিহাসিক সিদ্ধান্ত: “বাহন প্ৰৱেশ পত্ৰ” অবিহনে প্ৰৱেশ নিষিদ্ধ

অসম সংবাদ, অভয়াপুৰী: অসমৰ শিক্ষা ব্যৱস্থাত নতুন ইতিহাস ৰচনা কৰিলে নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বঙাইগাঁওৰ অভয়াপুৰী মহাবিদ্যালয়ে ৷ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসমত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱৰ্তন কৰিলে Vehicle Entry Pass অৰ্থাৎ বাহন প্ৰৱেশ পত্ৰৰ ৷ এতিয়াৰে পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই দিয়া আবেদন পত্ৰৰ লগত বাহনৰ যাৱতীয় কাগজ পাতি জমা দিয়াৰ পিছতহে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অভয়াপুৰী মহাবিদ্যালয় চৌহদত …

অধিক পঢ়ক »

কাইলৈৰ পৰা নগাঁওবাসীৰ কাষলৈ সাপ্তাহিক কাকত ‘কলংপাৰ’

অসম সংবাদ,বেবেজীয়া: ১৯৯৯ চনৰ ১৮ আগষ্টৰ পৰা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বলেন বৰাৰ একক প্ৰচেষ্টাত প্ৰকাশ পাই আহিছিল নগাঁৱৰ সপোন, নগাঁৱৰ দাপোণ ‘কলংপাৰ’ নামৰ সাপ্তাহিক বাতৰিকাকতখন ৷ বিগত ২০১৭ বৰ্ষৰ ৯ অক্টোবৰত সম্পাদক বলেন বৰাৰ অকাল মৃত্যুত কেইবামাহ ধৰি ‘কলংপাৰ’ কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে ৷ যোৱা জুলাই মাহত নগাঁৱৰ কেইবা জনো ব্যক্তিৰ প্ৰচেষ্টাত সামাজিক কাম কৰাৰ আঁচনি ৰে গঠন কৰা …

অধিক পঢ়ক »

দৌৰবিদ হিমা দাসৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণ কৰিব ৰিমা দাসে

নিউজ ডেস্ক, অসম সংবাদ: অসমৰ দৌৰবিদ হিমা দাসৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণ কৰিব চলচ্চিত্ৰ নিৰ্মাতা অসম গৌৰৱ ৰীমা দাসে। চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অত্যাধুনিক ভ্ৰাম্যমাণ চিত্ৰগৃহ মুকলি কৰি এই ঘোষণা কৰে ৰীমা দাসে। ‘বুলবুল কেন ছিং’ ছবিখন টৰণ্ট’ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হোৱাৰ বাবেও আনন্দ প্ৰকাশ কৰে ৰীমা দাসে। চানমাৰিত উদ্বোধন কৰা ভ্ৰাম্যমাণ চিত্ৰগৃহৰ জৰিয়তে গাঁৱে গাঁৱে প্ৰদৰ্শন কৰা …

অধিক পঢ়ক »

বৰ্ষীয়ান পেঁপাবাদক মাণিক কলিতালৈ শিল্পী পেঞ্চন: বিধায়িকা আঙুৰলতা,স্থানীয় সাংবাদিকক কৃতজ্ঞতা

অসম সংবাদ, বেবেজীয়া: ঐতিহাসিক আঁহতগুৰিৰ ম’হযুজৰ কথা ক’লে সকলো ৰে মানস পটত ভাহি উঠে এগৰাকী বিশেষ ব্যক্তিৰ প্ৰতিচ্ছবি। নাম তেওঁৰ মাণিক কলিতা। বিগত ৩ দশকৰো অধিক কাল আঁহতগুৰি ৰ ম’হযুজস্থলীত ম’হৰ শিঙৰ পেপা বজাই দৰ্শকৰ দৰ্শকৰ হৃদয় জুৰোৱা বৰ্ষীয়ান পেঁপুৱা মাণিক কলিতাই অৱশেষত লাভ কৰিলে শিল্পী পেঞ্চন। ৰাজ্য চৰকাৰে কালি ঘোষণা কৰা শিল্পী পেঞ্চন প্ৰাপকৰ তালিকাত নগাঁও জিলাৰ ৰাইডংগীয়া নতুন …

অধিক পঢ়ক »

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষই কৰ্মৰে দেখুৱাইছে আদৰ্শ

অসম সংবাদ, তিনিচুকীয়া: তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চৈতন্য বৰাই দেখুৱাইছে আদৰ্শ। অধ্যক্ষ গৰাকীয়ে কৰ্ম ব্যস্ততাৰ মাজতো সময় উলিয়াই কেঁচু সাৰ উৎপাদন আৰু প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আনকি তেওঁ কলেজত এটা কেঁচু সাৰ প্ৰস্তুতৰ পৰীক্ষাগাৰ সাজি উলিয়াইছে। তেওঁ তাতে ছাত্ৰ ছাত্ৰীৰ লগতে বহুতক কেঁচু সাৰ কেনেকৈ উৎপাদন আৰু প্ৰস্তুত কৰিব পাৰি তাক অৱগত কৰিছে। কৰ্ম ব্যস্ততাৰ মাজতো এনে কৰাৰ …

অধিক পঢ়ক »

মিজোৰামত অনুষ্ঠিত শ্বুটিং প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক লাভ অসমৰ মহিলা খেলুৱৈৰ

উত্তৰ গুৱাহাটীৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ:মিজোৰামত অনুষ্ঠিত হোৱা 6th North East zone shooting championshipত অসমৰ মহিলা খেলুৱৈৰ সফলতা। সান্তা শৰ্মা ঘোষ নামৰ মহিলা খেলুৱৈ গৰাকীয়ে আজুৰি আনিবলৈ সক্ষম হৈছে দুটাকৈ সোণৰ পদক। অসম আৰক্ষী বিভাগত কৰ্মৰত সান্তা শৰ্মা ঘোষ এটি দুবছৰীয়া সন্তানৰ মাতৃ। কৰ্ম ব্যস্ততা সংসাৰ পৰিয়ালৰ দায়িত্ব পালন কৰাৰ উপৰিও তেওঁ খেলৰ জৰিয়তে দেখিছে বিশ্ব জিনাৰ সপোন। …

অধিক পঢ়ক »

প্ৰদূষণমুক্ত-প্লাষ্টিক বৰ্জিত আদৰ্শ গাঁও হ’ল বঙাইগাঁৱৰ বাঘপাৰা

অসম সংবাদ, বঙাইগাঁও: প্ৰদূষণমুক্ত ধৰণী গঢ়াৰ দিশত এখোজ৷ ৰাজ্য চৰকাৰৰ প্ৰদূষণমুক্ত অসম, সেউজীয়া অসম অাঁচনিৰ অধীনত আজি বঙাইগাঁও জিলাৰ খগৰপুৰ প্ৰথম খণ্ড বাঘপাৰা গাঁওখন প্ৰদূষণমুক্ত আৰু প্লাষ্টিকবৰ্জিত গাঁও হিচাপে স্বীকৃতি লাভ কৰে৷ অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বাচেদৰ আনন্দ খাটনিয়াৰে গাঁওখনক আজি এই আনুষ্ঠানিকভাৱে এই স্বীকৃতি দিয়ে৷ এই উপলক্ষে স্থানীয় গীৰ্জাৰ চৌহদত এখন সভাও অনুষ্ঠিত হয়৷ সভাত বঙাইগাঁৱৰ …

অধিক পঢ়ক »

শীঘ্ৰে আৰম্ভ হ’ব গুৱাহাটী-চিংগাপুৰৰ মাজত বিমান সেৱা

অসম সংবাদ, আজাৰা: শীঘ্ৰে আৰম্ভ হ’ব গুৱাহাটী আৰু চিংগাপুৰৰ মাজত বিমান সেৱা । অসম তথা উত্তৰ পূৰ্বাঞ্চল বাসীৰ বাবে এক সুখবৰ আৰম্ভ হ’ব গুৱাহাটীৰ পৰা চিংগাপুৰলৈ পোনপটীয়া বিমান যাত্ৰা । অহা ১ চেপ্তেম্বৰৰ তাৰিখৰ পৰা বৰঝাৰ বিমানবন্দৰৰ পৰা মুকলি হ’ব এই বিমান সেৱা । Druk Airlines য়ে আৰম্ভ কৰিব এই বিমান সেৱা । বঙৰাত নিৰ্মান হ’বলগীয়া Tech-City আধাৰশিলা স্থাপন অনুষ্ঠানত এই …

অধিক পঢ়ক »

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বঁটা ঘোষণা

কৃষ্ণাইৰ পৰা খগেন্দ্ৰ ৰাভা, অসম সংবাদ: বিগত বৰ্ষৰ দৰে এই বেলিও স্বাধীনতা দিৱসৰ দিনা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদে বঁটা প্ৰদান কৰিবলগীয়া ব্যক্তি সকলৰ নাম দুধনৈৰ উদয়পুৰস্থিত পৰিষদৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৷ সাহিত্যিক যোগেন্দ্ৰনাথ বান্ঠোক “ৰাজেন ৰাভা সাহিত্য বঁটা”। অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনক “ৰাভা শ্বহীদ …

অধিক পঢ়ক »

মাজুলীৰ অফলামূখ নিমাতি পাৰঘাটত আজিৰে পৰা চলিল অত্যাধুনিক জাহাজ

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড, অসম সংবাদ: মাজুলীৰ অতি গুৰুত্বপূৰ্ণ পাৰঘাট হিচাপে পৰিচিত অফলামূখ নিমাত ঘাটটো ১৯৯৬ চনত প্ৰথম আৰম্ভণি হৈছিল । সেই সময়ত মাজুলীত পঞ্চায়তৰ পাৰঘাট সমূহ চলি আছিল । প্ৰথম অৱস্থাত অফলামূখ ঘাটো আৰম্ভ কৰা হয় যদিও যাত্রীৰ সংখ্যা কম হোৱাৰ বাবে এখনেই ফেৰি চলিচিল , পিছৰ পৰ্য্যায়ত এই ঘাটটোৱে মাজুলীবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ ঘাটত পৰিগণিত হল। মাজুলী কমলাবাৰী …

অধিক পঢ়ক »