সাময়িকী

বৰ্ষীয়ান ৰাজনীতিবিদ সোমনাথ চেটাৰ্জী আৰু নাই

নিউজ ডেস্ক, অসম সংবাদ: বৰ্ষীয়ান ৰাজনীতিবিদ সোমনাথ চেটাৰ্জী আৰু নাই৷ আজি পুৱা হৃদক্ৰিয়াত আক্ৰান্ত হৈ কলকাতাৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা ১০ বাৰ বাবে সাংসদ নিৰ্বাচিত হোৱা কমিউনিষ্ট নেতাজনে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ ৷ যোৱা ২৯ জুলাইত নেতাগৰাকীয়ে ৮৯ সংখ্যক জন্মদিন পালন কৰিছিল৷ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ তেওঁ লোকসভাৰ অধ্যক্ষৰ পদ …

অধিক পঢ়ক »

সাহিত্যৰ নবেল বিজয়ী ভি এছ নাইপল আৰু নাই

নিউজ ডেস্ক, অসম সংবাদ: নবেল বিজয়ী ভাৰতীয় বংশোদ্ভুত ব্ৰিটিছ লেখক ভি এছ নাইপল (৮৫)আৰু নাই৷ শনিবাৰে ভি এছ নাইপলৰ পত্নী নাদিৰা নাইপলে এই কথাটো নিশ্চিত কৰিছে৷ উল্লেখযোগ্য যে ২০১১ চনত সাহিত্যৰ নবেল বঁটাৰে সন্মানিত হৈছিল নাইপল৷ ১৯৩২ চনৰ ১৭ আগষ্টত ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা ছাৰ বিদ্যাধৰ সূৰ্যপ্ৰসাদ নাইপলে অক্সফোৰ্ড বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যত অধ্যয়ন কৰিছিল৷ নাইপলে ৩০ খনতকৈও অধিক কিতাপ লিখিছে৷ ১৯৭১ …

অধিক পঢ়ক »

এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক আশ্ৰয় দিব মমতাই!

নিউজ ডেস্ক, অসম সংবাদ: এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নথকা ৪০ লাখ লোকক আশ্ৰয় দিব পশ্চিমবংগই৷ এই মন্তব্য কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ আজি অসমত প্ৰকাশ পোৱা জাতীয় দলিল এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পিচতে মমতা বেনাৰ্জীয়ে কয় যে চূড়ান্ত খচৰাত নাম নথকাসকলে বংগলৈ আহিব পাৰিব আৰু তাতেই বসবাস কৰিব পাৰিব৷ এন …

অধিক পঢ়ক »

প্ৰীতিনীতি

নীলিম আকাশ কাশ্যপ ২০ জুলাই, ২০১৮ চন ৷ এই দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অন্য এক শুভংকৰ বাৰ্ত্তাবাহক দিন- মোৰ ব্যক্তিগত দৃষ্টিত ৷ কিন্তু কিয়? অটল বিহাৰী বাজপেয়ী চৰকাৰৰ পৰৱৰ্তী পৰ্যায়ত, ডেৰ দশকৰ ব্যৱধানত পুনৰ এবাৰ কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা আহে ৷ এইবাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিপক্ষে এই অনাস্থা ৷ এইমৰ্মে আস্থা-অনাস্থা ভোটক লৈ অনুস্থিত সদনকালত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী …

অধিক পঢ়ক »

ক্ৰিকেটৰ পৰা অৱসৰ ললে মহম্মদ কাঈফে

স্পৰ্টছ ডেস্ক, অসম সংবাদ: ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে মহম্মদ কাঈফে৷ শুক্ৰবাৰে এই সংক্ৰান্তত তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ ই-মেইল প্ৰেৰণ কৰে৷ উল্লেখ্য ৩৭ বছৰীয়া কাঈফে ভাৰতীয় দলৰ হৈ ১৩ খন টেষ্ট আৰু ১২৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে৷ ২০০২ চনত লৰ্ডছত অনুষ্ঠিত নাটৱেষ্ট ট্ৰফীৰ ফাইনেলত তেওঁৰ দুৰ্দান্ত মেচ উইনিং ৮৭ ৰাণৰ ইনিংছৰ বাবে ক্ৰিকেট প্ৰেমীসকলে তেওঁক মনত ৰাখিব৷

অধিক পঢ়ক »

এছিয়াৰ ধনকুবেৰৰ শীৰ্ষত মুকেশ আম্বানী

নিউজ ডেস্ক, অসম সংবাদ: এছিয়া মহাদেশৰ ভিতৰতে ধনবান ব্যক্তি হিচাপে পৰিগণিত হৈছে উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী৷ শুক্ৰবাৰে আম্বানীৰ সম্পদৰ মূল্যই স্পৰ্শ কৰে ৪৪.৩ বিলিয়ন ডলাৰ৷ ইয়াৰ ফলস্বৰূপে আম্বানীয়ে চীনৰ আলিবাবা গ্ৰুপৰ মুখ্য বিষয়া জ্যাক মাক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়৷ সংবাদ প্ৰতিষ্ঠান এন ডি টি ভিৰ মতে ব্লুমবাৰ্গ বিলিয়নিয়াৰ সূচক অনুসৰি শুক্ৰবাৰে ৰিলায়েন্স …

অধিক পঢ়ক »

অজগৰে গোটে গোটে মহিলাক গিলিলে ক’ত ?

নিউজ ডেস্ক, অসম সংবাদ: এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল ইণ্ডোনেছিয়াত ৷ এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলিলে এগৰাকী মহিলাক ৷ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা । মুনা দ্বীপৰ পাৰ্ছিয়াপান লৱেলা গাঁৱত সংঘটিত হয় এই ঘটনা। নিজ বাগিছাৰপৰা ঘৰলৈ উভটি অহাৰ পথত ৫৪ বছৰীয়া ৱা টিবা নামৰ মহিলাগৰাকীক এডাল প্ৰকাণ্ড অজগৰে গোটে গোটে গিলি পেলায় ৷ মহিলাগৰাকী নিশাৰ ভাগতো ঘৰলৈ …

অধিক পঢ়ক »

অসমৰ একাংশৰ ৱাটচএপ গ্ৰুপ আৰু ফেচবুকত সাম্প্ৰদায়িক পোষ্ট: নীৰৱ চৰকাৰী বিভাগ

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ হবলৈ গৈ আছে । সেই খচৰালৈ ৰাজ্যৰ সকলো দল সংগঠনৰ লগতে সকলোৱে বাট চাই আছে । এটা ৰাজনৈতিক দলেও এতিয়া কেৱল ৩০ জুনৰ কথাকে কৈ আছে । কিন্তু তাৰ বিপৰীতে চচিয়েল মেডিয়াৰ ৱাতচাপৰ কিছু গ্ৰুপত আৰু ফেচবুক ত একাংশই ভুৱা একাউণ্ট খুলি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাকৈ কিছু …

অধিক পঢ়ক »

তামিলনাডুত অঘটন: আৰক্ষীৰ গুলিত নিহত ১১

নিউজ ডেস্ক,অসম সংবাদ: তামিলনাডুত আৰক্ষীৰ গুলীত নিহত ১১ জন। টুটিকোৰিনত ষ্টাৰলাইট কপাৰ ইউনিট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ২০ সহস্ৰাধিক লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত ১১ জনৰ মৃত্যুৰ হোৱাৰ লগতে আহত হৈছে ২৪ জনতকৈ অধিক লোক। কপাৰ ইউনিট বন্ধ কৰাৰ দাবীত এমাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৰাইজে। কপাৰ ইউনিটৰ বাবে অঞ্চলটোৰ পানী প্ৰদূষিত হোৱাৰ অভিযোগ।

অধিক পঢ়ক »

কৰ্ণাটকত উফৰিল ৫৫ ঘন্টীয়া মুখ্যমন্ত্ৰীৰ গাদী: শাসনৰ গাদীত বহিব কুমাৰস্বামী

নিউজ ডেস্ক,অসম সংবাদ: কৰ্ণাটকৰ ৰাজনীতিত নাটকীয় পট পৰিৱৰ্তন ৷ ৫৫ ঘন্টাৰ বাবে শাসনৰ গাদীত থাকি পদত্যাগ কৰিলে বি এচ য়েডিয়ুৰাপ্পাই ৷ আস্থা ভোটত পৰাজিত হ’ল বিজেপি দল ৷ এতিয়া কৰ্ণাটকত হব কংগ্ৰেছ-JD(S)ৰ সন্মিলিত চৰকাৰ ৷ নতুন মুখ্যমন্ত্ৰীৰ আসনত বহিব JD(S)ৰ এইচ ডি কুমাৰস্বামী ৷ নতুন মুখ্যমন্ত্ৰীৰূপে কাইলৈ শপত লোৱাৰ সম্ভাৱনা কুমাৰস্বামীৰ ৷

অধিক পঢ়ক »