বিশেষ

নাগৰিক সাংবাদিক, ডিজিটেল মাধ্যম আৰু নতুন যুগৰ সাংবাদিকতা

-ৰিংকুমণি পাঠক, তেজপুৰ বিশ্ববিদ্যালয় পৰিৱৰ্তন আহিছে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ ৷ ক্ৰমশ: সলনি হৈছে সাংবাদিকতাৰ পৰম্পৰাগত ধাৰণাৰ। প্ৰযুক্তিৰ বহুল ব্যৱহাৰ আৰু নতুন চিন্তা-চৰ্চাই সাংবাদিকতাক এক অনন্য ৰূপ আৰু গতি প্ৰদান কৰিবলৈ সক্ষম হৈছে। পূৰ্বতে সাংবাদিক বুলি ক’লে সংবাদ গোষ্ঠীসমূহৰ বেতনভোগী আৰু পেছাদাৰী অথবা অংশকালীনভাৱে কৰ্মৰত সাংবাদিকসকলকে বুজা গৈছিল। সাংবাদিকে প্ৰচাৰ কৰা সংবাদসমূহ গ্ৰহণ বা উপভোগ কৰাটোৱে সাধাৰণ নাগৰিকৰ দায়িত্ব বুলি ভবা হৈছিল। …

অধিক পঢ়ক »

চৰাই হালধীয়া…পাখিও ধুনীয়া…: চৰাইৰ কথাৰে…

-ধীৰেণ শইকীয়া আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস। চৰাইসমূহক সমগ্ৰ প্ৰকৃতিৰ আটাইতকৈ ৰঙিয়াল জীৱ বুলি জনাজাত ৷ সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমী সংস্থাসমূহে আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস পালন কৰিছে। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত পক্ষীৰ গুৰুত্ব অপৰিসীম। প্ৰকৃতিত আটাইতকৈ শান্ত,পৰিষ্কাৰ-পৰিছন্ন, নীতিনীষ্ঠ, পৰিশ্ৰমী আৰু ধৈৰ্যশীল জীৱ বুলি জনাজাত এই পক্ষীসমূহে যুগে যুগে পৃথিৱীখন প্ৰদূষণ মুক্ত কৰি ৰখাৰ পৰা আৰম্ভ কৰি  নৈসৰ্গিকভাৱেও সৌন্দৰ্য্যশালী কৰি ৰাখিছে। সেয়েহে …

অধিক পঢ়ক »

“নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬”ৰ আধাৰ আৰু কিছু প্ৰসঙ্গ…

অবিনাশ পাটনায়ক বিষয়টোক লৈ কেইটামান শব্দ সাঙোৰ খাই আছে- ধৰ্মীয় সংখ্যালঘু, হিন্দু বাংলাদেশী, নাগৰিকত্ব আইন- ১৯৫৫, ১৯৫১ৰপৰা ১৯৭১ লৈ প্ৰব্ৰজিত জনসমাজ, পূৱ পাকিস্তান (১৯৭১ চনত ভাৰতৰপৰা ভাগ হওঁতে হয় বাংলাদেশ), পশ্চিম পাকিস্তান, আফগানিস্তানৰ কথা… মন কৰিবলগীয়া যে বিধেয়কখনত ‘হিন্দু বাংলাদেশী’ শব্দৰ উল্লেখ নাই, আনকি ১৯৫৫ চনৰ নাগৰিক আইন বা সংবিধানতো উল্লেখ নাই তাৰ পৰিৱৰ্তে ‘ধৰ্মীয় সংখ্যালঘু’ বুলিহে উল্লেখ আছে ৷ …

অধিক পঢ়ক »

নাগৰিকত্ব সংশোধনী বিধেয়ক কি ?

ভাৰতীয় সংবিধানৰ ৫-১১ নং অনুচ্ছেদত সন্নিৱিষ্ট নাগৰিকত্বৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে। সংবিধানে ভাৰতীয় সংসদক নাগৰিকত্ব সম্পৰ্কে আইন গ্ৰহণ কৰাৰো ক্ষমতা দিছে। সেই অনুসৰি নাগৰিকত্ব আইন,১৯৫৫ সংসদত গৃহীত হয় আৰু এই আইন খন ১৯৫৭, ১৯৬০, ১৯৮৫, ১৯৮৬, ১৯৯২, ২০০৩, ২০০৫ আৰু ২০১৬ চনত সংশোধন হৈছে। এই আইন অনুসৰি এজন ব্যক্তি পাছ প্ৰকাৰে ভাৰতৰ নাগৰিক হব পাৰে। এই বিষয়ে জানেই সকলোৱে, এতিয়া …

অধিক পঢ়ক »

ভাস্কৰ কলিতাৰ মৃত্যু আৰু বুলেটপ্ৰুফ জেকেট: ৰাজ্যৰ গৃহ বিভাগত উন্মোচিত হ’ব নেকি বৃহৎ কেলেংকাৰীৰ?

অসম সংবাদৰ বিশেষ প্ৰতিবেদন: দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত চৰকাৰে এটা শকত পুঁজি ব্যয় কৰি আহিলেও এইক্ষেত্ৰত দুৰ্নীতি হোৱাটো কোনো নতুন কথা নহয়৷ ইতিমধ্যে সংঘটিত ব’ফৰ্ছ কেলেংকাৰীও তাৰেই এক উদাহৰণ৷ চুবুৰীয়া পাকিস্তান বা চীনৰ পৰা অহৰহ ভাবুকি লাভ কৰি অহাৰ সময়তে এনেবোৰ দিশে দিশবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে৷ এইবাৰ ৰাজ্যৰ গৃহ বিভাগতো প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ কেলেংকাৰী উন্মোচিত হোৱাৰ আশংকা …

অধিক পঢ়ক »

মে’ দিৱস বনাম শ্ৰমিকৰ অধিকাৰ

-ধীৰেণ শইকীয়া সমগ্ৰ পৃথিৱীত এক মেৰ দিনা ৭০ খন দেশে আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাবে ছুটীৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ উক্ত দিনা বিভিন্ন সভা সমিতিৰে “শ্ৰমিক দিৱস” পালন কৰি আহিছে। প্ৰধানত: কৃষক-শ্ৰমিকৰ অধিকাৰৰ দাবীত প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। ১৮৮৬ বৰ্ষত চিকাগো চহৰত এটা কাৰখানাৰ শ্ৰমিকে মালিক পক্ষৰ সন্মুখত প্ৰতিবাদ কৰাৰ বাবে মালিকে পুলিচ লগাই তেওঁলোকক উৎপীড়ন কৰাৰ ফলত এঘাৰ গৰাকী …

অধিক পঢ়ক »

যোৰহাটত উপস্থিত হৈয়েই বিহু নাচিলে প্ৰিয়ংকা চোপ্ৰাই

যোৰহাটৰ পৰা নেকিব আহমেদ,অসম সংবাদ: অসম পৰ্যটনৰ বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে বিশেষ বিমানেৰে আজি বিয়লি ৩.৩০ মান বজাত যোৰহাটত উপস্থিত হয়হি অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ, বলিউড তথা হলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা । ৰৰৈয়া বিমান বন্দৰৰ পৰা AS-03-H-5225 নম্বৰৰ এখন বিশেষ বিলাসী বাহনেৰে আহি অভিনেত্ৰী গৰাকী প্ৰথমে উপস্থিত হয় তিতাবৰ ন-আলি ঢেকিয়াজুলিস্থিত সুৱৰ্ণ প্ৰভা বৰদলৈ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ …

অধিক পঢ়ক »

মুম্বাইত বিবাহ সম্পন্ন মিলিন্দ সুমন আৰু অংকিতা কোঁৱৰৰ

নিউজ ডেস্ক,অসম সংবাদ: মুম্বাইত বিবাহ সম্পন্ন হ’ল ছুপাৰ মডেল মিলিন্দ সুমন আৰু প্ৰেমিকা অংকিতা কোঁৱৰৰ।আলীবাগৰ এখন ৰিজ’ৰ্টত সম্পূৰ্ণ বৈদিক নিয়মেৰে বিবাহপাশত আবদ্ধ হ’ল মিলিন্দ সুমন আৰু অংকিতা।বিবাহৰ অনুস্থানত উপস্থিত থাকে পৰিয়াল -আত্মীয়ৰ লগতে অভিনেত্রী দীপান্বিতা শৰ্মাও।

অধিক পঢ়ক »

আগন্তুক নাট্যবৰ্ষত কোন তাৰকা কোন ভ্রাম্যমাণত?

চাওতে চাওতে ভ্ৰাম্যমাণ থিয়েটাৰৰ চলিত নাট্যবর্ষৰ যৱনিকা পৰিল। এতিয়া মাজত মাথোঁ দুমাহ বিৰতি । আকৌ জুলাই মাহৰ পৰা নাট্যদলসমূহে যুদ্ধংদেহি প্রস্তুতিৰে আৰম্ভ কৰিব আগন্তুক নাট্যবর্ষৰ আখৰা । প্রায়বোৰ আগশাৰীৰ নাট্যদলৰে নাট নির্বাচন আৰু শিল্পীৰ চুক্তি প্রক্রিয়া ইতিমধ্যে সম্পন্ন হৈ উঠিছে । ৰাজ্যৰ কেইটামান আগশাৰীৰ ভ্রাম্যমাণৰ নাট্যদলৰ ২০১৮-১৯ নাট্যবর্ষৰ নাট নির্বাচন, শিল্পী নির্বাচন আদিক সামৰি অসম সংবাদ-ৰ সাংস্কৃতিক সম্পাদক কল্যাণ কুমাৰ …

অধিক পঢ়ক »

দৰঙৰ জনপ্ৰিয় লোক-উৎসৱ “দেউল”

-কন্দৰ্প কুমাৰ নাথ সমগ্ৰ অসমবাসী বহাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সমান্তৰাল ভাৱে দৰঙৰ ৰাইজো ৰঙালীৰ ৰঙৰ লগতে আন এটি লোক-উৎসৱত মতলীয়া হৈ পৰে । একাদশ শতিকাৰ পৰাই পালন কৰি অহা এই লোক-উৎসৱটি হৈছে দেউল উৎসৱ । আচলতে এইসময়ছোৱাত শীতৰ হাড়-কপোৱা জাৰো নাথাকে আৰু গ্ৰীষ্মৰ প্ৰখৰতাও নাথাকে । নতুনকৈ বৃষ্টিপাতৰ সুত্ৰপাত হৈ পৃথিৱী জীপাল হৈ পৰে আৰু প্ৰকৃতিয়ে …

অধিক পঢ়ক »