সাহিত্য

দুখ

ৰোনাল্ডো টাইড তুমি দিয়া দুখবোৰ বুকুত গজি উঠে এজোপা গছ হৈ তোমাৰ নখৰ আচোঁৰত দগ্ধ এই কবিৰ হৃদয়

অধিক পঢ়ক »

খুলি দিয়া হৃদয় দুৱাৰ

দিলীপ কুমাৰ উজীৰ তোমাৰ হৃদয়ত টুকুৰিয়াই ভাগিব খুজিছো তোমাৰ চিলমিল নিদ্ৰা জাগ্ৰত কৰিব খুজিছো তোমাৰ কাব্যিক সত্বা প্ৰসাৰিত কৰিব খুজিছো আকাশ চুব পৰা মন তোমাৰ সীমিত আকাংক্ষা আজুৰি পেলাব খুজিছো তোমাৰ সাংসাৰিক বৈৰাগ্যতা উন্মুক্ত কৰিব খুজিছো সাগৰ সদৃশ বিশালতা আল্পনা কৰিব খুজিছো তোমাৰ কপালত এটি সূৰ্য্য ৷

অধিক পঢ়ক »

বিশিষ্ট সাহিত্যিক কামাখ্যা প্ৰসাদ ৰায়ৰ গীতৰ সংকলন “গানে গানে সুৰীয়া গধূলি” উন্মোচন

অসম সংবাদ, অভয়াপুৰী: “বৰ্তমানৰ একাংশ গীতিকাৰে টকাৰ লোভত সস্তীয়া গীত ৰচনা কৰি অসমীয়া গানৰ জগতখনৰ ক্ষতি সাধন কৰিছে ৷ তেওঁলোকক ইতিহাসে কেতিয়াও ক্ষমা নকৰিব” – এই মন্তব্য অভয়াপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰৰ ৷ সোমবাৰে উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ত বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চিলাৰায় জাতীয় বিদ্যালয়ৰ সহযোগত বঙাইগাঁওৰ বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য …

অধিক পঢ়ক »

পঢ়াশালি

নিবেদিতা পূজাৰী থুনুক থানাক মাতেৰে তোমাৰ কোঁচত বহুৱাই ধেমালিৰে সমনীয়াৰ লগত শিকোৱা জীৱনৰ আদিপাঠ। শিষ্টাচাৰ ,নম্ৰতা,ভদ্ৰতাৰে জীৱন ৰথৰ চকা ঘূৰোৱা তুমিয়েই। অ আ ক খ ,পাটিগণিতেৰে হিচাপ শিকোৱা জীৱনৰ। সুখ দুখৰ মাপকাঠিৰে জীৱন গঢ়াৰ বাট দেখুওৱা তুমিয়েই। জীৱন যুদ্ধত যুঁজিবলৈ অনুপ্ৰেৰণা, সাহস যোগোৱা তুমিয়েই। মৌলিক প্ৰয়োজন তিনিটা মানৱ জীৱনৰ অন্ন,বস্ত্ৰ আৰু বাসস্থান এই তিনিটিৰ প্ৰয়োজন অনুভৱ কৰোৱা তুমি শৈশৱতে। ফুলকুমলীয়া …

অধিক পঢ়ক »

হেৰি ! ভালে আছে

দিবাকৰ ৰেণু জোতাৰ ভিতৰত পানী সোমাই চেপট চেপট এটা শব্দই ভাস্কৰৰ মন আন্দোলিত কৰিলে।সি সদায় ভাৱে ,আজি কামৰ পৰা অলপ আগতে যাম,নহ’লে নৱগ্ৰহ শ্মশানৰ সেইখিনিত তাৰ বৰ ভয় লাগে।কিন্তু কোনো দিনেই তেওঁ কামৰ পৰা ১০ বজাৰ আগতে ওলাব নোৱাৰে।পেপচি, কোকাকোলাৰ বটলৰ মাজৰ পৰা টয়লেট চাফা কৰি আঠগাঁ‌ৱৰ অফিচত বজৰং চাহাবক মদ খাবৰ বাবে আলু ভাজি দিয়ালৈকে সকলো কাম অতাইহে তেওঁ …

অধিক পঢ়ক »

প্ৰেমৰ বাবে

খুশবু হাজৰিকা : কি বনাইছা এইবোৰ? শুদা ভাত আৰু আলু বইল! ৰুটি ক’ত।- কাঁহীখন দেখিয়েই ভোৰভোৰাই উঠিল প্ৰতীকে। : আজি বনাবলৈ নহলেই।- লাহেকৈ কলে নন্দিনীয়ে। : কিনো কৰি থাকা ৰাতিপুৱাৰে পৰা! ৰুটিখনো বনাব নোৱাৰা। ৰাতিপুৱাই নাখাইহে পাৰিছো এইবোৰ।- কাঁহীখন থেলা এটা মাৰি চিধাই দুপদুপাই গৈ চিৰিত উঠিলগৈ সি। সি যোৱাৰ ফালে এবাৰ চাই পুনৰ কাঁহীখনলৈ চালে ৰাজনন্দিনীয়ে। দীৰ্ঘ নিশ্বাস এটা …

অধিক পঢ়ক »

নিৰৱ নিনাদ

নিৰুপমা ডেকা “তোমাৰ নিৰুত্তৰ সময়বোৰে মোক যেতিয়া অন্তৰত আঘাত কৰে তেতিয়া অনুমান কৰোঁ কিমান বেছি ভালপোৱা থাকিলে এনে মনোকষ্ট পাব পাৰি ৷ তেতিয়া তোমালৈ মোৰ ভালপোৱা আৰু বাঢ়ে৷” নিৱেদিতাই তাইৰ ডায়েৰীখনত লিখি গ’ল শাৰীকেইটা ৷ কিমান দিন হ’ল বাৰু নিৰজ হেৰুৱাৰ , তাই হিচাব এটা কৰিলে এক দুই….আজি দুবছৰ , নহয় তিনিবছৰ এহ মনতে নপৰে কিমান বছৰ৷ তাই থেকেচি পেলালে …

অধিক পঢ়ক »

সৰস্বতী পূজা

জ্ঞানদীপ বৰুৱা                           (১) অন্য দিনৰ দৰেই তাই ঢল পোৱাতেই উঠি হাতত বাঢ়নীটো লৈ চোতাল পালেগৈ । আনদিনৰ দৰেই আজি যেন তাই চোতালখন সাৰিব পৰা নাই । তাতেই বাঢ়নিটো পেলাই ভিতৰ পালেহি মায়া । ঠায়ে ঠায়ে ফাটিব ধৰা চোৱেটাৰ এটা পিন্ধি মাক অন্য দিনৰ দৰেই ফিকা চাহ এবাতি …

অধিক পঢ়ক »

মাজুলীত গ্ৰন্থ উন্মোচন

উজনি মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড: মাজুলী জিলাৰ অন্তৰ্গত উজনি মাজুলীৰ ভকতি দুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰত আজি এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷ সাহিত্য সংস্কৃতিৰ দিশত আগবঢ়া ঐতিহ্যময় ভকতি দুৱাৰ অঞ্চলৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশ সামৰি মৌচাকৰ সহযোগী সম্পাদক জগত বৰা, সাংবাদিক, লেখক গোবিন কুমাৰ খাউণ্ডৰ সম্পাদনাত প্ৰকাশ কৰা গ্ৰন্থিখনি উন্মোচন কৰে মাজুলী মহাবিদ্যলয়ৰ অধ্যক্ষ ড° দেৱজিত শইকীয়াই ৷ মাজুলী …

অধিক পঢ়ক »

বন্দিনী

ডেইজী চৌধুৰী  জেঠমহীয়া দুপৰীয়া এটাত  তোমাৰ ঘামি থকা মুখলৈ চাই  যেতিয়া কৈছিলো মই তোমাক ভালপাওঁ ভবা নাছিলো বন্দী হৈ ৰ’ব লাগিব  চিৰদিনৰ বাবে তোমাৰ ওচৰত। তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ হেৰুৱাই আজি ভাবিছো মই সজাঁৰ বন্দী হৈছো কেতিয়াবাই।                     

অধিক পঢ়ক »