গল্প

হেৰি ! ভালে আছে

দিবাকৰ ৰেণু জোতাৰ ভিতৰত পানী সোমাই চেপট চেপট এটা শব্দই ভাস্কৰৰ মন আন্দোলিত কৰিলে।সি সদায় ভাৱে ,আজি কামৰ পৰা অলপ আগতে যাম,নহ’লে নৱগ্ৰহ শ্মশানৰ সেইখিনিত তাৰ বৰ ভয় লাগে।কিন্তু কোনো দিনেই তেওঁ কামৰ পৰা ১০ বজাৰ আগতে ওলাব নোৱাৰে।পেপচি, কোকাকোলাৰ বটলৰ মাজৰ পৰা টয়লেট চাফা কৰি আঠগাঁ‌ৱৰ অফিচত বজৰং চাহাবক মদ খাবৰ বাবে আলু ভাজি দিয়ালৈকে সকলো কাম অতাইহে তেওঁ …

অধিক পঢ়ক »

প্ৰেমৰ বাবে

খুশবু হাজৰিকা : কি বনাইছা এইবোৰ? শুদা ভাত আৰু আলু বইল! ৰুটি ক’ত।- কাঁহীখন দেখিয়েই ভোৰভোৰাই উঠিল প্ৰতীকে। : আজি বনাবলৈ নহলেই।- লাহেকৈ কলে নন্দিনীয়ে। : কিনো কৰি থাকা ৰাতিপুৱাৰে পৰা! ৰুটিখনো বনাব নোৱাৰা। ৰাতিপুৱাই নাখাইহে পাৰিছো এইবোৰ।- কাঁহীখন থেলা এটা মাৰি চিধাই দুপদুপাই গৈ চিৰিত উঠিলগৈ সি। সি যোৱাৰ ফালে এবাৰ চাই পুনৰ কাঁহীখনলৈ চালে ৰাজনন্দিনীয়ে। দীৰ্ঘ নিশ্বাস এটা …

অধিক পঢ়ক »

নিৰৱ নিনাদ

নিৰুপমা ডেকা “তোমাৰ নিৰুত্তৰ সময়বোৰে মোক যেতিয়া অন্তৰত আঘাত কৰে তেতিয়া অনুমান কৰোঁ কিমান বেছি ভালপোৱা থাকিলে এনে মনোকষ্ট পাব পাৰি ৷ তেতিয়া তোমালৈ মোৰ ভালপোৱা আৰু বাঢ়ে৷” নিৱেদিতাই তাইৰ ডায়েৰীখনত লিখি গ’ল শাৰীকেইটা ৷ কিমান দিন হ’ল বাৰু নিৰজ হেৰুৱাৰ , তাই হিচাব এটা কৰিলে এক দুই….আজি দুবছৰ , নহয় তিনিবছৰ এহ মনতে নপৰে কিমান বছৰ৷ তাই থেকেচি পেলালে …

অধিক পঢ়ক »

সৰস্বতী পূজা

জ্ঞানদীপ বৰুৱা                           (১) অন্য দিনৰ দৰেই তাই ঢল পোৱাতেই উঠি হাতত বাঢ়নীটো লৈ চোতাল পালেগৈ । আনদিনৰ দৰেই আজি যেন তাই চোতালখন সাৰিব পৰা নাই । তাতেই বাঢ়নিটো পেলাই ভিতৰ পালেহি মায়া । ঠায়ে ঠায়ে ফাটিব ধৰা চোৱেটাৰ এটা পিন্ধি মাক অন্য দিনৰ দৰেই ফিকা চাহ এবাতি …

অধিক পঢ়ক »

সোণালী সম্পৰ্কৰ সোণালী ৰং

অপূৰ্ব দাস জোনাকীয়ে অন্য দিনাৰ দৰে স্কুলৰ পৰা আহিয়েই কিতাপৰ বেগটো বিচনাত দলিয়াই থৈ কাপোৰ সলালে৷ গৰম আৰু ৰ’দৰ তাপত তাইৰ অসহ্য লাগিল ৷ আনদিনা স্কুলৰ পৰা আহিয়েই আইতাকক বিচাৰে৷ আইতাকে বহুত মৰম কৰে কাৰণে তাইও আইতাকক এৰিব নোখোজে৷ বুঢ়ী আইতাকে তাইক ধুনীয়া ধুনীয়া সাধু ক’য়৷ প্ৰতিদিনে জোনাকীয়ে আইতাকৰ মুখৰ পৰা এটা সাধু শুনিহে কিতাপ পঢ়িবলৈ ল’য়৷ নিশা শুবৰ সময়তো …

অধিক পঢ়ক »

এমুঠি জোনাক

নীলাভ জ্যোতি কোঁৱৰ সৰু কোঠাটোৰ ভিতৰলৈ ৰাজুক সোমাই অহা দেখি অপ্ৰস্তুত হৈ দুপাত্তাখনৰে বুকুখন ঢকাৰ চেষ্টা কৰিলে কোমল বয়সৰ ছোৱালীজনীয়ে। এবাৰ ছোৱালীজনীলৈ চাই তৎক্ষণাৎ দৃষ্টি ঘূৰাই ৰূমটোৰ চাৰিওফালে চকু ফুৰালে ৰাজুয়ে । আঁচ-বাচ বুলিবলৈ বিশেষ একো নাই কোঠাটোত | ৰঙা বিচনা চাদৰ পৰা সৰু এখন কাঠৰ বিচনা , চিলিংত এখন পুৰণি ফেন আৰু এটা চুকত এখন সৰু টেবুলত দুটা পানীৰ …

অধিক পঢ়ক »

দাঁত

🖋প্ৰাঞ্জল দলৈ ৰাভা জনজাতিৰ ছোৱালী এজনীক বিয়া কৰাম বুলি ভাবি ঠাট্টাৰ সন্মুখীন হৈছে টোপাল কলিতা। বহুতে টোপালক কৈছে—-কলিতাৰ ল’ৰা হৈ ট্ৰাইবেল ছোৱালীৰ প্ৰেমত পৰেনে!! টোপালে ভাবে—— এয়াই খেলিমেলিৰ কাৰণ। মূলসূতিৰ অসমীয়াই যদি জনজাতি সকলক এনেকুৱা ঘৃণা আৰু অৱজ্ঞাৰ দৃষ্টিৰে নাচালেহেঁতেন, তেন্তে অসমীয়াৰ পৰা জনজাতি সকল আঁতৰি যাব নিবিচাৰিলেহেঁতেন। এটুপি ৰাভা। এই এটুপিৰ হাঁহিটো দেখি টোপালে তাইৰ প্ৰেমত পৰিছে। হাঁহি ঠিক …

অধিক পঢ়ক »

সন্ধিক্ষণ

(এক) “চিঃ চিঃ হৰি হৰি নাপায় দেউ পুৱাই পুৱাই কাৰ মুখ দেখিলো পাপে নুচুলেহে ৰক্ষা পৰৰ তিৰি চকু দিয়া পৰৰ বাৰীত সোমাই পাচলি চুৰ কৰা একে কথা, হৰি বিষ্ণু”- ৰমনি বুঢ়া কথাকেইটাই নিশান্ত দাসক বহুপৰলৈ চিন্তিত কৰি ৰাখিল, নামঘৰীয়া বুঢ়াটোৱে এনেকৈ কোৱাৰ কাৰণবোৰ বিচাৰি নাপায় নিশান্ত বিমোৰত পৰিল সাম্প্ৰতিক গাৱৰ প্ৰায়বোৰ মানুহে তাক মাহী মাকৰ চকুৰে চাই, সি বুজিব পৰা …

অধিক পঢ়ক »

স্বীকাৰোক্তি

মনোৰোগ বিশেষজ্ঞ ডঃ গীতা চক্ৰৱৰ্তীৰ চেম্বাৰত মই ৰূপাকলৈ উপস্থিত হৈছিলোঁ¸লগত আছিল মোৰ সহযোগী মনোৰমা।আমি তেখেতৰ চেম্বাৰ গৈ পোৱালৈ ৰোগী চোৱাৰ সময় প্ৰায় শেষ হ’বৰ হৈছিল।তথাপি ডঃ চক্ৰৱৰ্তীৰ লগত মোৰ আগৰে পৰা এটা ভাল সম্পৰ্ক থকা বাবেই আমাৰ বাবে তেওঁ অতিৰিক্ত সময় খৰছ কৰিছিল।সময়ে সময়ে যিহেতু বিভিন্ন মানসিক ৰোগীক লৈ তেখেতৰ ওচৰলৈ আহি থাকিব লগা হয় আৰু সেইবাবেই তেনেকুৱা এটা ধাৰণালৈয়ে …

অধিক পঢ়ক »