শীৰ্ষ

নলবাৰী কাৰাগাৰত কয়দীৰ চিপ লৈ আত্মহত্যা

অসম সংবাদ, নলবাৰী: নলবাৰী জিলা কাৰাগাৰত আজি এটা অঘটন সংঘটিত হয়৷ কাৰাগাৰৰ ভিতৰত এজন কয়দীয়ে আত্মহত্যা কৰিছে। এই ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। বিকাশ কলিতা নামৰ কয়দীজনে কাৰাগাৰৰ ভিতৰত গা ধোৱা ঘৰত নিজৰ পিন্ধা কাপোৰেৰে চিপ লৈ আত্মহত্যা কৰিছে ৷ এই ঘটনাই কাৰাগাৰৰ নিৰাপত্তাৰ দিশটোত প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে।প্ৰেমজনিত কাৰণত কাৰাগাৰলৈ অহা বিকাশ কলিতাৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে৷

অধিক পঢ়ক »

বিহালী মোনাবাৰীত জঘন্য ধৰ্ষণকাণ্ড: ৭০ বছৰীয়া বৃদ্ধাক দলবদ্ধ ধৰ্ষণ

অসম সংবাদ, বিহালী: বিহালীৰ মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰীত সংঘটিত হল এক জঘন্য কাণ্ড। ৭০ বছৰৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধাক নিজ গৃহতে দলবদ্ধ ধৰ্ষন কৰিলে দুবৃত্তই। ঘৰত কোনো নথকা সুযোগ গ্ৰহন কৰি দুবৃত্তই মহিলা গৰাকীক কৰিলে নিজৰ কামনাৰ বলি। আইতা গৰাকীৰ একমাত্ৰ পুত্ৰ নিশা নিজৰ কৰ্তব্য স্থানত যোৱাৰ পাছতে নিজ গৃহতে দলবদ্ধ ধৰ্ষনৰ বলী হল আইতা গৰাকী। মানৱ জাতিক কলংকিত কৰা পেলোৱা …

অধিক পঢ়ক »

ফেচবুকত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য: এজনক আটক

গহপুৰৰ পৰা অৰূপ মহন্ত, অসম সংবাদ: যিসময়ত দেশে অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাক হেৰুৱাই শোকত ম্ৰিয়মান হৈ আছে, সেইসময়ত অসমৰ এজন শিক্ষিত যুৱকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক লৈ ছ’চিয়েল মিডিয়াত লিখিছিল আপত্তিজনক মন্তব্য।গহপুৰৰ ধেনুধৰা গাঁৱৰ দীপ শৰ্মা নামৰ যুৱকজনৰ এনে কাণ্ডই সকলোৰে চকু কপালত তুলিছিল। ফেচবুকত এই যুৱকজনে লিখিছিল, ‘মীৰাট ষড়যন্ত্ৰ মামলাৰ ব্ৰিটিছ ৰাজসাক্ষী। এনে দেশদ্ৰোহীও যে বহুতৰে নমস্য! প্ৰধানমন্ত্ৰী হ’ল তিনিবাৰকৈ। …

অধিক পঢ়ক »

অভয়াপুৰীৰ শিঙিমাৰীত অচিনাক্ত বাহনৰ খুন্দাত নিহত ১

অসম সংবাদ, অভয়াপুৰী: আজি সন্ধিয়া শিঙিমাৰীত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ কৰুণ মৃত্যু ঘটে ৷ অচিনাক্ত বাহনৰ খুন্দাত এই লোকজনৰ মৃত্যু হয় ৷ লোকজনৰ নাম মধুৰাম ৰায় ৷ সংকটজনক অৱস্থাত ব্যক্তিজনক বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা ১০-৩০ বজাত লোকজনে মৃত্যুক সাৱটি লয় ৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখন এতিয়ালৈ আৰক্ষীয়ে কৰায়ত্ত …

অধিক পঢ়ক »

নলবাৰীৰ চেইন্ট মেৰীজ স্কুলৰ ফাডাৰৰ যৌন কেলেংকাৰী: কৰ্মচাৰীক যৌন নিৰ্যাতনৰ অভিযোগ

অসম সংবাদ, নলবাৰী: নলবাৰীৰ পানীগাওঁস্থিত চেইন্ট মেৰীজ স্কুলৰ ফাদাৰ গৰাকীৰ যৌন কেলেংকাৰীক লৈ আজি মুহুৰ্ততে উত্তাল হৈ পৰে বিদ্যালয় চৌহদ । বিদ্যালয়খনিত নিয়োজিত ফাদাৰ গৰাকীয়ে একেখন বিদ্যালয়ৰে চতুৰ্থ শ্ৰেনীৰ মহিলা কৰ্মচাৰী এগৰাকীক আজি বিদ্যালয় চৌহদতে যৌন আতিশৰ্যা চলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে । লগে লগে বিবাহিত মহিলা কৰ্মচাৰী গৰাকীয়ে চিঞৰ বাখৰ কৰি দিয়াত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকল আৰু স্থানীয় লোকসকল …

অধিক পঢ়ক »

সকলো দিশতে ‘অটল’ মানুহজনৰ কথাৰে…

-ধীৰেন শইকীয়া এই লেখাত প্ৰয়াত প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ বিষয়ে আমাৰ অনুভৱ কিছু অৱগত কৰিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী হিচাপে বিচক্ষন হোঁৱাৰ ওপৰিও সঁচা মনৰ মানুহ আছিল তেওঁ। সেয়েহে কবিতা আৰু গীতে আহি নিজে নিজে তেওঁৰ মনত ঘৰ পাতিছিলহি। তেওঁ আছিল আধুনিক মনৰ মানুহ,যাৰ বাবে তেওঁ কৈছিল – ‘ভঙা মন লৈ কোনো থিয় হব নোৱাৰে, যিদৰে সৰু মন লৈ কোনো ডাঙৰ …

অধিক পঢ়ক »

নাৰায়নপুৰত সন্ধানহীন ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ: ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

নাৰায়নপুৰৰ পৰা গোপাল গোৱালা, অসম সংবাদ: নাৰায়ণপুৰৰ ৰাজগড়ত দ্বিতীয় শ্ৰেণীৰ ছাত্রীৰ মৃতদেহ উদ্ধাৰ। ছাত্রী গৰাকীৰ নাম বিনীতা অধিকাৰী। অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰি মিলনপুৰৰ ঘন জংঘলৰ মাজত উদ্ধাৰ হৈছে মৃতদেহ। কালি বিদ্যালয় চুটিৰ পিছত ঘৰলৈ আহি থকাৰ পথত নিৰুদ্দেশ হৈছিল ছাত্রী গৰাকী। সোনাজুলী দকুৱা প্ৰাথমিক বিদ্যালত অধ্যয়নৰত আছিল ছাত্রী গৰাকী। কোনো দুষ্ট প্ৰকৃতিৰ লোকে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

অধিক পঢ়ক »

দৌলাশালত লোমহৰ্ষক ঘটনা: এজনক ডিঙি ৰেপি হত্যাৰ চেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ

অসম সংবাদ, চেঙা: নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দৌলাশালত যোৱা নিশা সংঘটিত এক লোমহৰ্ষক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিশা বন্ধ ঘৰত ডিঙি ৰেপি হত্যাৰ চেষ্টা এজনক । অচিনাক্ত লোকৰ আক্ৰমণৰ বলি হোৱা লোকজন দৌলাশালৰ কৰুণা কান্ত পাঠক ( ৫১) বুলি জানিব পৰা গৈছে । ঘটনাৰ বিৱৰণী মতে বামুণবড়ী শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক দৌলাশালৰ কৰুণা কান্ত পাঠকে …

অধিক পঢ়ক »

কৰিমগঞ্জত বৰ্বৰ ঘটনা: ৰছীৰে গছত বান্ধি মাৰপিট অসহায় মহিলাক

অসম সংবাদ, কৰিমগঞ্জ: কৰিমগঞ্জত বৰ্বৰ ঘটনা। প্ৰাপ্য টকা বিচৰাত ৰছীৰে গছত বান্ধি মাৰপিট অসহায় মহিলাক। ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ ছেৰুলবাগ গাঁওত। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰি আনে অসহায় মহিলা ছাফিয়া বেগমক। প্ৰায় ৮/৯ মাহ পূৰ্বে আবদুল ওয়াৰিছ নামৰ এজনে ছাফিয়া বেগমৰ পৰা ৩০ হেজাৰ টকা ধাৰ লৈছিল। কিন্তু সেই টকা উভতাই দিয়াৰ বাবে ছাফিয়া বেগমে চাপ …

অধিক পঢ়ক »

এন এচ চি এন (কে)ৰ অধ্যক্ষ খাংগু কন্যাকক অপসাৰণ

অসম সংবাদ, তিনিচুকীয়া: NSCN(K)অধ্যক্ষ খাংগু কন্যাকক অপসাৰণ। নগা বিদ্ৰোহী সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ জৰুৰী বৈঠকত লোৱা হল এই সিদ্ধান্ত । নেতা য়ুং আঙক NSCN(K)ৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে নিযুক্তি।এছ এছ খাপলাঙৰ আত্মীয় বাৰ্মিজ মূলৰ বিদ্ৰোহী নেতা য়ুং আং।

অধিক পঢ়ক »