কাব্যশিল্প

আই

ৰিঙ্কুমনি পূজাৰী তুমি বিমৰ্ষতা গৰকি বৰষি থকা বিস্ময়ৰ এটি গান হতাশাক নিচুকাই ভৰসাত উজ্জ্বলি উঠা আশ্বৰ্য্যৰ এটি লহৰ কেৱল দিয়েই আছাঁ, দিয়েই আছাঁ মা তুমি অনন্যা, তুমি দেৱী এঙেৰুৱা কলিজা পুৰি উজ্জ্বলি থকা এটুকুৰা সোণ ।

অধিক পঢ়ক »

কুন্তী

মিনাক্ষী মেচ তীক্ষ্ণ আলোকৰ মাজত ক্ৰমে দৃশ্যমান হৈ উঠিছিল সূৰ্য্য-নাৰায়ন কুমাৰী কুন্তীৰ আৱাহনত ঋষিৰ বৰত প্ৰাপ্ত অমোঘ মন্ত্ৰ মনত উতসুকতা অজ্ঞাত মন্ত্ৰৰ প্ৰৱলতা, প্ৰয়োগৰ প্ৰয়োজনীয়তা, কঠোৰ নিয়মানুবদ্ধতা ফুল কোমল হৃদয়ৰ মনৰ পুলকানুভূতি ৰোধিব পৰা নাছিল আশ্বস্ত হ’ব পৰাকৈ পৈনত নাছিল কুন্তী খিৰিকিৰে সোমাই অহা কুহূমীয়া অংশুমালীৰ স্পৰ্শই জাগ্ৰত কৰিলে আৱাহনৰ স্পৃহাক স্বতঃস্ফুৰ্তভাৱেই উচ্চাৰিত হ’ল সেই মন্ত্ৰ কুন্তীৰ কণ্ঠত পলকতে উতকণ্ঠাৰ …

অধিক পঢ়ক »

এজাক বৰষুণত তোমাক বিচাৰি

পম্পী গগৈ বহু দিন হ’ল লিখা নাই কবিতা শব্দবোৰো বিচাৰি চলাথ কৰিছো.. বহাগৰ প্ৰথমজাক বৰষুণতেই যে হেৰুৱাইছিলো সিহঁতক বিচাৰিছো মাথো বিচাৰিছো অপেক্ষা আকৌ এজাক বৰষুণৰ । চুই চালো হেঁপাহেৰে মুকলি আকাশৰ নীলাবোৰ নামি আহিল এজাক ভাল লগা বৰষুণ চোতালৰ মাজ মজিয়াত আবেগেৰে দুহাত মেলি দিলো লৈ যাওঁক বুলি দূৰণীলৈ গুজৰি উঠা এবুকু হতাশা আৰু হুমুনিয়াহ আৰু তেতিয়াই সিহঁতেও আঁকি দিলে …

অধিক পঢ়ক »

জিন্দাবাদ নালাগে

অনুজ দাফলাৰী জিন্দাবাদ নেলাগে মুৰ্দাবাদ নেলাগে অথবা নিসংগতা মোক অলপ ভালপােৱা দিয়া সেউজীয়া হ’ব পৰাকৈ দুখ, বিষাদ, যন্ত্ৰণা নিৰবে হাঁহি হাঁহি জিনিবলৈ ৷ মোৰ মৃত্যুৰ পৰত মই সকলােকে এৰি থৈ যাম মাথোঁঁ লৈ যাম তোমাৰ জোন ঘুৰণীয়া ছবি এখন৷ আৰু তোমাৰ সজল স্মৃতি বিশ্বাস নহয় যদি মই মৰিলে মোৰ মৰিশালিত খুচৰি চাবা কোনোবা নজ্বলা কামিহাড়ৰ মাজত তোমাৰ সাচি থোৱা ছবিৰ …

অধিক পঢ়ক »

অনুভৱ

মহিবুল মণ্ডল ডেউকাত সোনালী পোহৰ সানি উৰিছিল এক দূৰন্ত বালিকা মোৰ নীল আকাশত।। উজান দিছিল অনুচৰ মন কেতিয়া যে সেই পোহৰ কণ কবিতাৰ সৈতে মিশ্ৰিত হৈছিল গমকে পোৱা নাছিলো।। আজি কবিতাৰ সেই শব্দ বোৰ অতলান্ত আকাশত হেৰাই গৈছে অভিমানত!!! যন্ত্ৰণা-আদৰৰ জলন্ত ডেউকা এতিয়া ধোঁৱাময় চাহৰ পিয়লাত।। এটাও যেন আজি সত্য নহয় সত্য কেৱল জীয়াই থকাৰ অভ্যাস।।

অধিক পঢ়ক »

মহাৰথী

যদুমণি গগৈ হব পাৰা তুমি মোৰ জন্মদাত্ৰী কিন্তু হব নোৱাৰা তুমি মোৰ মাতৃ মোৰ বাবে তুমি ঘৃণাগ্নিত জাহ যোৱা এটা অতীত দিনমণিৰ ঔৰসত মোৰ কি অপমানৰ বাবেই জন্ম উসঃ এয়াই মোৰ ভাগ্য জন্মতেই অপমানিত মই মোক দেখাৰ পিছতো জাগি উঠা নাছিল নে তোমাৰ পুত্ৰস্নেহ মাতৃৰ মমতা কান্দি উঠা নাছিল নে তোমাৰ হৃদয়ে যিদৰে কান্দিছিল ৰাধা-অধিৰথে মোৰ জীৱন নাট সামৰিবৰ হ’ল …

অধিক পঢ়ক »

নিশাৰ চিঞৰ

তন্ময়ী বৰুৱা কুৱঁলী পৰা আন্ধাৰ নিশা  আকাশৰ জোনাকক এটুকুৰা  ক’লা মেঘে ঢাকি ধৰিছে । এটা চৰাইৰ কৰুণ চিঞৰ মই শুনিছিলো  কিজানিবা কিবা এটা  হেৰাই যোৱাৰ বেদনাত  চিঞৰি চিঞৰি কান্দিছে । ক’লা মেঘ টুকুৰা আঁতৰাব পৰা  বতাহ এজাক অহা হ’লে  এজাক জোনাকৰ বৰষুণ হোৱা হ’লে  কিজানিবা হেৰাই যোৱাবোৰ  বিচাৰি পালোহেঁতেন! 

অধিক পঢ়ক »

বহাগ

মিলন শইকীয়া বহাগ মানেই সম্ভাৱনাময় প্ৰতিশ্ৰুতি দেহ-মন শাঁত পৰা সুৱদি সুৰ এটি ন-সাজেৰে উদ্ভাষিত ধৰণী কুঁহিপাত আৰু ফুলেৰে সুশোভিত ষোড়শী প্ৰকৃতি মান্ধাতাযুগীয়া লাস্যময়ী সংস্কৃতি মৌ বৰষা মাত কুলি কেতেকীৰ ঢোল পেঁপা গগনাৰ সুৰীয়া মাতত চৌপাশে বাজে সুন্দৰৰ বীণ সাইলাখ তাজমহলৰ প্ৰেমৰ ৰাগিনী ।

অধিক পঢ়ক »

জোন গলা জোনাক

দিপালীমা দত্ত জোনটো গলি গলি নিগৰি নিগৰি মোৰ পৰা তোলৈ আলফুলে পাৰ হয় জোনাকৰ অপেক্ষাত সেউজী হৃদয়েৰে আবেগ বুলাই বৈ যায় এচাটি শীতল বতাহ তোৰ পৰা মোলৈ জোন গলি গজালি মেলা জোনাকে তোৰ বুকুলৈওঁ শিপাই মোৰ প্ৰীতিৰ প্ৰাৱস্থাৰ ঠেঙুলী…

অধিক পঢ়ক »

বহাগ

বিমান শইকীয়া ( ৰঙালী বিহুৰ ওলগ জনাইছোঁ হেঁপাহেৰে…) বহাগৰ বুকুতে জী উঠে এটা বহাগ জী থাকে জাতি মাটি আপোন ভেটি বিৰিঙে মূখত আপোনভোলা এমোকোৰা হাঁহি পলসুৱা বুকুৰ কঠিয়াতলিত পুনঃ পুনঃ জী উঠে আশাৰ বীজ বুকুৰ পৰা বুকুলৈ বয় আপোনতাৰ সোঁত মানুহ হৈ জী উঠে পুনশ্চ একোটা অমানুহ – বহাগৰ বাবেই সলনি হয় বতৰ বহাগৰ বাবেই সলনি হয় বছৰ – আনন্দত …

অধিক পঢ়ক »