প্ৰৱন্ধ

সমীক্ষাত্মক দৃষ্টিত কৰম পৰৱ

অবিনাশপাটনায়ক অসম এখন বিভিন্ন ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ ৰাজনৈতিক, আৰ্থসামাজিক জীৱনৰ উপৰিও সাংস্কৃতিক সমাহাৰত গঢ় পোৱা ভাৰতৰ এক অংগ ৰাজ্য ৷ অসমৰ চিনাকিৰ সমলবোৰেই হৈছে এইবোৰ পিন্ধা উৰা, খোৱা বোৱা, বিশ্বাস, পৰম্পৰা, নিজা নিজা লোককৃষ্টি-লোকাচাৰ, সাহিত্য, সংগীত, জীৱন যাপনৰ পদ্ধতি, জীৱিকা আদিয়েই৷ এই অসমৰ প্ৰতিটো নৃসমাজৰে পৃথকে পৃথকে জন্ম বিবাহ মৃত্যুৰ নিয়ম, সকাম, অন্ধবিশ্বাস, অন্যান্য ভিতৰুৱা ৰীতিনীতি, দোৱান আদি আছে৷ এই …

অধিক পঢ়ক »

প্ৰগতি আৰু ৰূপান্তৰৰ নামত অসমীয়াৰ জাতীয় বিহু, বসন্তৰ ৰঙালি

অবিনাশ পাটনায়ক বিহুৰ অনুভৱ , অসমত হয় মানে হৈছিল বিশেষকৈ তাঁতশাল, ঢেঁকীৰ মাতে, জুশাল, খেতি পথাৰ, মহিলাসকলৰ গল্প আদিৰে !! সেই তাহানিতে নদীৰ ঘাটলৈ জুম পাতি পানী অনা, জান-বিললৈ গৈ মাছ-কাছ ধৰা, হাবিয়নিত খৰি লুৰা, বাৰীত শাক-পাত বুটলা আৰু যৌৱনা গাভৰুৱে ঘৰত কৈ যোৱা এই যে ” ‘এনাইৰ ঘৰৰ পৰা’, ‘নিচাদেউৰ ঘৰৰ পৰা’ , ‘খুৰীৰ ঘৰৰ পৰা’ গৈ – চেৰেকী, …

অধিক পঢ়ক »

আজিৰ বিহু বনাম ৩০ লাখটকীয়া উদ্যোক্তা

-ধীৰেন শইকীয়া এতিয়া ৰঙালী বিহুৰ বতৰ। বহাগত অসমীয়া জাতিয়ে ঐক্যবদ্ধতাৰে স্নান কৰাৰো বতৰ। বিভিন্ন জাতি জনগোষ্ঠীয় সমাহাৰেৰে সিক্ত এই অসমীয়া জাতিক ব’হাগেই আনি দিয়ে কৰ্মসংস্কৃতি গঢ়াৰ পৰিকল্পনা। আমি অসমীয়া সকলৰ মাজত চলি থকা আচাৰ অনুষ্ঠানৰ দুই এটা দোষ ক্ৰুটি আৰু দায়িত্বৰ কথা সোঁৱৰাই দিবলৈকে এই প্ৰবন্ধৰ আয়োজন কৰিছোঁ। অসমত বিহু অনুষ্ঠান কিমানখনৰ আয়োজন হয় তাৰ সংখ্যা কাৰো হাতত নাই যদিও এক …

অধিক পঢ়ক »

ব’হাগ আহিল…কুলিয়ে বিনালে

অনুপম চৌধুৰী ‘অ’ কুলি! অ’ কুলি! কুউ-কুউ-কুউ বুলি আকৌ…এবাৰ মাত…কুলি… আকৌ…এবাৰ…মাত…” ব’হাগৰ আগমনত অমৃতবৰষা কল-কণ্ঠেৰে প্ৰকৃতিৰ বুকুলৈ যেন সুন্দৰৰ উদ্বেলিত বন্যা বোৱাই আনিলে কুলি চৰায়ে। বসন্তত শতৰূপা অংগসজ্জাৰে আলোকিত হৈ পৰা বসুন্ধৰাই মানৱচিত্তলৈ অনিৰ্বচনীয় প্ৰশান্তিৰ ভাবাৱেশ সঞ্চাৰিত কৰাৰ লগতে সমাগত বসন্ত উৎসৱৰো আগলি বতৰা কঢ়িয়াই আনে ৷ কূ-উ, কূ-উ মুৰ্হুমুহুঃ কুহৰণেৰে কুলিটিয়েও আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে অসমীয়াৰ বাপতি-সাহোন ৰঙালী …

অধিক পঢ়ক »

দৰঙৰ জনপ্ৰিয় লোক-উৎসৱ “দেউল”

-কন্দৰ্প কুমাৰ নাথ সমগ্ৰ অসমবাসী বহাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সমান্তৰাল ভাৱে দৰঙৰ ৰাইজো ৰঙালীৰ ৰঙৰ লগতে আন এটি লোক-উৎসৱত মতলীয়া হৈ পৰে । একাদশ শতিকাৰ পৰাই পালন কৰি অহা এই লোক-উৎসৱটি হৈছে দেউল উৎসৱ । আচলতে এইসময়ছোৱাত শীতৰ হাড়-কপোৱা জাৰো নাথাকে আৰু গ্ৰীষ্মৰ প্ৰখৰতাও নাথাকে । নতুনকৈ বৃষ্টিপাতৰ সুত্ৰপাত হৈ পৃথিৱী জীপাল হৈ পৰে আৰু প্ৰকৃতিয়ে …

অধিক পঢ়ক »

অতিকৈ চেনেহৰ বিহুটি আকৌ আহিল…

✍️হিমাংশু ৰঞ্জন ভূঞা অতিকৈ চেনেহৰ বিহুটি আকৌ আহিল ৷ অসমীয়া জাতীয় জীৱনৰ প্রাণস্পন্দন স্বৰূপ এই বিহুটিয়েই অসমীয়াৰ ঐতিহ্য আৰু অসমীয়াৰ পৰিচয়। নক’লেও হ’ব যে, বিহু কৃষিভিত্তিক লুইতপৰীয়া অসমীয়া চহা সমাজৰ কৌটিকলীয়া উৎসৱ, লােকজীৱনৰ বুনিয়াদ আৰু লােক-সংস্কৃতিৰ দাপােনস্বৰূপ ৷ প্রকৃতপক্ষে অসমীয়া সমাজ জীৱনৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰণ কৰণ, পিন্ধন উৰণ, খেতি-বাতি, খােৱা-বােৱা, চিন্তা কল্পনা আদি এনে এটা দিশ নাই যিসমূহ বিহুৰ মাজেদি …

অধিক পঢ়ক »

বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব

পলাশ বৰগোহাঞি বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই এপ্ৰিল , মে মাহত বহুলোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ ৷ এতিয়া বজ্ৰপাত পৰাৰ দিন সমাগত ৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো তাকে লিখিবলৈ লৈছো ৷ প্ৰথমতেই কওঁ কিছু গাৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধ বিশ্বাস আছে ৷ গতিকে আমি প্ৰথমতেই এই অন্ধ বিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ …

অধিক পঢ়ক »

মানসিক চিন্তাৰ সমাধান আপোনাৰ হাততেই

দিবাকৰ ৰেণু স্বামী বিবেকানন্দই কৈছিল-আমাৰ দেহটো এটা পাত্ৰৰ দৰে।মনটো এই দেহৰ চলন্তি।যদি আমাৰ মনটো অনেক কুভাৱনাৰ আৱৰ্জনাৰে ভৰি থাকে ,আমি একোটা ডাষ্টবিনৰ বাহিৰে একো নহওঁ‌ ।মনক পৰিষ্কাৰকৈ নিয়ন্ত্ৰণ কৰি শুদ্ধ আৰু স্বচ্ছন্দ কৰি ৰাখিব পাৰিলে আমি সকলোতেই জয়ী হ’ম।আপুনি আপোনাৰ প্ৰতিটো দিন সদায় বেলেগ বেলেগ পায়।ইয়াৰ কাৰণ হ’ল মন।আমাৰ বহুতেই কয়,আগৰ দিনত এনে আছিল তেনে আছিল।আগৰ দিনক বা অতীত সদায় …

অধিক পঢ়ক »

জয়া নাই

অভিজিত বৰপাত্ৰগোহাঁই জয়মতী-অসমৰ আকাশ-বতাহ মুখৰিত কৰি ৰখা এক সঘন উচ্চাৰিত নাম।সতী জয়মতী,মহাসতী জয়মতী,পতিব্ৰতা জয়া আদি বিশেষণৰ সাজ পিন্ধি জাতি-বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ মানসপটত কৰুণ স্মৃতি হৈ এইগৰাকী ৰাজকুঁৱৰী আজিও জিলিকি আছে আৰু হয়তো সদায়েই থাকিব।এইগৰাকী মহীয়সী নাৰীয়েই অসমৰ ভাগ্য ৰবি ডুব খোৱাৰ সময়তেই মাতৃহেন ৰূপত থিয় দি ৰাজনৈতিক সংকটৰ পৰা নিজৰ প্ৰাণৰ বিনিময়ত দেশ আৰু জাতিক ৰক্ষা কৰিছিল।সেই কৰুণ …

অধিক পঢ়ক »

প্ৰেমৰ বিষয়ে একলম

কৰৱী বৰশইকীয়া প্ৰেম দুটি আখৰৰ এটি সৰু শব্দ । যদিও প্ৰেম শব্দটো সৰু ই কিন্তু পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৰু মহান শব্দ। প্ৰেম শব্দটো সকলোৱে পৰিচিত হ’লেও ইয়াক বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰি।প্ৰেম মানে স্নেহ, মৰম ,প্ৰীতি।প্ৰেমৰ সংজ্ঞা একে উশাহে এটা বাক্যত দিবলৈ কঠিন। প্ৰেমৰ সংজ্ঞা প্ৰাচীন কালৰ পৰা বৰ্ত্তমানলৈকে বিভিন্নজনে বিভিন্ন ধৰণে উপস্থাপন কৰি আহিছে। তাৰ ভিতৰত বংকিমচন্দ্ৰ চট্ৰোপাধ্যয়ে দিয়া প্ৰেমৰ …

অধিক পঢ়ক »