মাহিলী সংৰক্ষণাগাৰ : January 2018

মংগলদৈত বীৰ চিলাৰায় দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মংগলদৈৰ পৰা নিৰঞ্জন শইকীয়া,অসম সংবাদ:অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়লৰ উদ্যোগত দৰং জিলা প্ৰশাসনে চিলাৰায়ৰ ৫০৮ সংখ্যক জয়ন্তী উপলক্ষে মঙলদৈ গান্ধী ময়দানত বীৰ চিলাৰায় দিৱস পালন কৰে। সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে,মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, মংগলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে বিশিষ্ট ব্যক্তিসকল৷

অধিক পঢ়ক »

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,অসম সংবাদ:বিশ্বনাথৰ তিনিসুতিত ভয়ংকৰ পথ দুৰ্ঘটনা। পিকনিকৰ পৰা আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বলেৰ’ । থিতাতে নিহত এজন । আহত হৈছে কেইবাজনো।

অধিক পঢ়ক »

ৰঙিয়াত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি  টায়াৰ জ্বলাই পথ অৱৰোধ

অসম সংবাদ,ৰঙিয়া:ৰঙিয়াৰ বেচৰকাৰী বাছষ্টেণ্ডত যোৱা নিশা ভযংকৰ পথ দুৰ্ঘটনাত ৰঙিয়া মুৰাৰাৰ বাসিন্দা অসামৰিক অভিযন্তা মানস প্ৰতীম ডেকা(২৬) নিহত হয়। ঘটনা সংঘটিত হোৱা পৰা বৰ্তমানলৈ অব্যাহত আছে তীব্ৰ উত্তেজনা । যোৱানিশা একাংশ উত্তেজিত ৰাইজে ৰঙিয়া আৰক্ষী  থানা ঘেৰাও কৰি থানাৰ সন্মুখত এখন ট্ৰেইলাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ পিছত আৰক্ষীয়ে লাঠি চালনা কৰি প্ৰতিবাদকাৰীসকলক ছত্ৰ ভঙ্গ দিবলগা হয় । পুনৰ আজি দিনৰ ভাগত বজৰংগ দলৰ কৰ্মীয়ে …

অধিক পঢ়ক »

চিলাপথাৰ চিলাসূতীত পথ দুৰ্ঘটনা–থিতাতে নিহত এজন ছাত্র

অসম সংবাদ,চিমেন চাপৰি: চিলাপথাৰ থানাৰ অন্তৰ্গত চিলাসূতীত সংঘটিত এটা পথ দুৰ্ঘটনাত ১০ বছৰীয়া এজন ছাত্রৰ মৃত্যু হয়। ছাত্রজন চিলাসূতী আর্চীবৰগড়া গাঁওৰ লক্ষীনাথ য়েইনৰ জ্যেষ্ঠ পুত্ৰ মেণ্টাৰাম য়েইন বুলি জানিব পৰা গৈছে । ইটানগৰৰ পৰা পাচিঘাট অভিমুখে গৈ থকা অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহন নিগমৰ AR-02-0882 নম্বৰযুক্ত বাছখনে মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে ছাত্রজন মৃত্যু হয়।

অধিক পঢ়ক »

চৰাইদেউৰ বৰহাটত চোৰ কৰিবলৈ গৈ যুৱকৰ মৃত্যু

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই,অসম সংবাদ:চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাখাত চুতীয়াকাৰি গাঁৱৰ ৰাজ কৰ নামৰ চোৰ এটাই এখন ম’বাইল দোকানত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ভূঞাখাত গাওঁ পঞ্চায়তৰ চুতীয়াকাৰি গাঁৱৰ নিবাসী শম্ভূ কৰৰ পুত্ৰ ৰাজ কৰে(১৭) বৰুৱাছালিস্থিত জয়ন্ত সিঙৰ ম’বাইল দোকানত চোৰ কৰিবলৈ গৈ বেৰ কাটি ভিতৰলৈ সোমাই থকা অৱস্থাত মৃত্যু হোৱা পৰিলক্ষিত …

অধিক পঢ়ক »

বিহালীৰ কেটেলাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

অসম সংবাদ,বিহালী: আজি বিহালীৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত কেটেলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ এক কালভাৰ্টত এক অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃত ব্যক্তিজনৰ বিতং তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই ৷ সম্প্ৰতি বৰগাং আৰক্ষী চকী বিষয়াৰ তত্বাবধানত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

অধিক পঢ়ক »

সদৌ অসম ভিত্তিত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা

চামগুৰিৰ পৰা দিব্যজ্যোতি ভূঞা,অসম সংবাদ: “ডু ৰে মি মিউজিক স্কুল”ৰ উদ্যোগত অহা এঘাৰ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চানমাৰিস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা ভৱনত সদৌ অসম ভিত্তিত এখনি প্ৰাইজমানি দেশপ্ৰেমমূলক অসমীয়া গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ প্ৰতিযোগীসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,;কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,;সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ (এককভাৱে)দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব লাগিব৷ তিনিটা শাখাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণী, “খ” …

অধিক পঢ়ক »

পলাশবাৰীৰ কলহী নৈত ১২৬ বিধায়কৰ পুত্তলিকা দাহ কৰি উটুৱাই দিলে নৈত

অসম সংবাদ,আজাৰা; কলহী নৈত হঠাৎ জ্বলি উঠিল অসমৰ ১২৬ গৰাকী বিধায়কৰ পু্ত্তলিকা । ৰাইজে অভিযোগ তুলিলে বিধায়ক প্ৰণৱ কলিতাৰ বিৰূদ্ধে৷ অভিযোগ তুলিলে প্ৰনৱ কলিতাই কেৱল নিৰ্বাচনৰ সময়ত কেৱল ভোট খূজিবলৈ হে যায় অন্য কোনো কাম নাই পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাৰ । বিজেপি চৰকাৰ মুৰ্দবাদ,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিত উত্তাল হ’ল পাৰঘাট । পাৰঘাট আৰু পানীখাইতি সংযোগী দলং নথকাৰ বাবে অঞ্চলটোৰ …

অধিক পঢ়ক »

বোকাজানত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

অসম সংবাদ, বোকাজান: কাৰ্বি আংলংৰ বোকাজান আৰক্ষীয়ে আজি পুৱতি নিশা গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন চোৰাং চেগুন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা বিহাৰৰ তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চোৰাং কাঠভৰ্তি জি টি ২৬ টি ৪৬৭৯ নম্বৰৰ ট্ৰাকখন। উক্ত ট্ৰাকখন বিহাৰৰ তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত বোকাজানৰ এটা পে’ট্ৰল পাম্পত …

অধিক পঢ়ক »

দৰঙত বৃহৎ পৰিমাণৰ চুৰি সামগ্রী জব্দ আৰক্ষীৰ

মংগলদৈৰ পৰা নিৰঞ্জন শইকীয়া, অসম সংবাদ: দৰং আৰক্ষীয়ে বিপুল পৰিমাণৰ হিৰোইন, ড্ৰাগছ, দুটা চুৰি লেপটপ, ৫ টা চুৰি ম’বাইল আৰু কেবালাখো টকা জব্দ কৰিবলৈ সক্ষম হৈছে। গোপন সূত্ৰৰ আধাৰত দৰং আৰক্ষীয়ে কিৰাকাৰা গাঁৱৰ চিদ্দিক (২৫) আৰু ধলপুৰ গাঁৱৰ ৱাহিদ ইছলাম (১৯)ৰ বাসগৃ্হত তালাচী চলাই কালি সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয়। দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ থিৰাভিয়ামে এন ই নাওক জনোৱা মতে …

অধিক পঢ়ক »