দৈনিক সংৰক্ষণাগাৰ : February 1, 2018

শালবাৰীত দুৰ্ঘটনা: আহত ১

অসম সংবাদ,শালবাৰী: বাক্সাৰ আনন্দ বজাৰ-দক্ষিণ বিজনী মহাবিদ্যালয় পথৰ গিৰীশ বিদ্যাপীঠ বিশেষ হাইস্কুলৰ সন্মুখত দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল AS- 15 C- 0232 নম্বৰৰ ট্ৰেক্টৰ । গুৰুতৰভাৱে আহত চালক পিয়াৰ আলীক উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ । ঘটনাস্থলীত শালবাৰী আৰক্ষী উপস্থিত ।

অধিক পঢ়ক »

ৰঙিয়াৰ এপ’ল মিল পুনৰুজ্জীৱিতকৰণৰ দাবী: এপ’ল শ্ৰমিকৰ বাইক ৰেলী

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, অসম সংবাদ: ৰাজ্যৰ একমাত্ৰ বস্ত্ৰ উদ্যোগ ৰঙিয়া তুলসীবাৰীস্থ এপ’ল মিলটো পুনৰজ্জীৱিত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ পিছতো ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুণৰবাৰ এপ’ল মিল শ্ৰমিক সন্থা, বৈদগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু শুভাকাংক্ষী ৰাইজে এক বৃহৎ বাইক ৰেলী উলিয়ায় । প্ৰতিবাদকাৰীসকলে তুলসীবাৰীস্থ এপ’ল মিল চৌহদৰ পৰা বাইক ৰেলী উলিয়াই আমিনগাঁওস্থিত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত …

অধিক পঢ়ক »

নলবাৰীত মাজুলীৰ লোকনাথ কুটুমক মোহন ভাইৰা বঁটা প্ৰদান আছুৰ

অসম সংবাদ, নলবাৰী:’মোহন ভাইৰা(মোহন চন্দ্ৰ বৰ্মন) মানে সংগ্ৰাম। যিজনে ঢোলক ৰূপান্তৰিত কৰিছিল সৌন্দৰ্যলৈ’ এই মন্তব্য বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহৰ।আজি সন্ধিয়া নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত ২০১৮ বৰ্ষৰ বাবে ‘মাজুলীৰ লোকনাথ কুটুমক’মোহন ভাইৰা বঁটা’প্ৰদান কৰি এইদৰে কয় বীৰেন সিংহই। তেওঁ এইবুলিও আক্ষেপ কৰে যে ওৰে জীৱন সাধনা কৰা লোকশিল্পীসকলক চৰকাৰ তথা সমাজে উচিত মৰ্যাদা দিয়া নাই। সদৌ নলবাৰী …

অধিক পঢ়ক »

নাগালেণ্ডৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী নেইৱাঙ কন্যাকৰ দেহাৱসান

ডিমাপুৰৰ পৰা মণ্টুচ কোঁৱৰ,অসম সংবাদ: চাৰিবাৰকৈ বিধায়ক তথা নাগালেণ্ডৰ প্ৰাক্তন শিক্ষামন্ত্ৰী নেইৱাঙ কন্যাকৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়। নেইৱাঙ কন্যাকে ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভালৈ ইউ ডি এফ দলৰ হৈ বিধায়ক নিৰ্বাচিত হৈছিল। পিছত নাগা পিপলছ ফ্ৰণ্টৰ হৈ মোককচাং জিলাৰ আবৈ সমষ্টিৰ পৰা ২০০৩ আৰু ২০০৮ চনত জয়ী …

অধিক পঢ়ক »

অসমৰ মহিলা বক্সাৰৰ সাফল্য: লাভলিনা-ফাইলাওৰ স্বৰ্ণ

নিউজ ডেস্ক, অসম সংবাদ: অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুঃসংবাদ৷ অপেন আন্তঃৰাট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ দুগৰাকী মহিলাই জিনিলে বক্সাৰৰ স্বৰ্ণ পদক৷ বক্সাৰ দুগৰাকী হৈছে লাভলিনা বৰগোঁহাই আৰু ফাইলাও বসুমতাৰী৷ ফাইনেলত ফাইলাওৱে থাইলেণ্ডৰ খেলুৱৈক পৰাস্ত কৰাৰ বিপৰীতে ভাৰতৰে পূজাক হৰুৱাই স্বৰ্ণ জিনিলে লাভলিনাই৷ আনহাতে অসমৰে আলাৰী বড়োৱে দখল কৰে ব্ৰঞ্জৰ পদক৷

অধিক পঢ়ক »

তিতাবৰ দাংধৰাত অগ্নিকাণ্ড: লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট

অসম সংবাদ, তিতাবৰ: তিতাবৰৰ দাংধৰা কৰতিপাৰ সত্ৰৰ সমীপৰ এঘৰত লাগিল জুই। এটা বৃহৎ শব্দ কৰাৰ পিছতে ঘৰটোৰ চাৰিওফালে ছানি ধৰে জুয়ে। ঘৰটোৰ থকা ইনভাৰ্টাৰত বিজুতি হৈ বিস্ফোৰণ হোৱাৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হ’ল বুলি আশংকা কৰিছে ৰাইজে। অন্য একাংশই অন্য বৈদ্যুতিক বিজুতিৰ ফলতহে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল বুলি ক’ব খোজে। ঘৰটোৰ গৰাকীৰ নাম তিতাবৰস্থ অসম কৃষি গৱেষণা প্ৰতিষ্ঠানৰ কৰ্মচাৰী ৰঞ্জন শৰ্মা আৰু …

অধিক পঢ়ক »

নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবী: যোৰহাটত যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান

যোৰহাটৰ পৰা বিচু চাহা, অসম সংবাদ:নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত আৰু ডিমা হাচাও জিলাত সংঘটিত চৰকাৰী সন্ত্ৰাসৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷।

অধিক পঢ়ক »

উদুলি-মুদুলি জোনাইৰ জোনকাৰেঙৰ আবুতানি লত্তা: মিচিং বা:নে কেবাঙ জাতীয় মহাসভাৰ ৩৬ সংখ্যক অধিবেশন আৰম্ভ

অসম সংবাদ, জোনাই: জোনাইত আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মিচিং জাতিৰ পিতৃসংগঠন মিচিং বা:নে কেবাঙ জাতীয় মহাসভাৰ ৩৬ সংখ্যক সাধাৰণ অধিবেশন৷ আজি পুৱাৰে পৰা এক উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে আবতানি লত্তাত৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ জ:নেকৰঙৰ আবতানি লত্তাত বৰ্ণাঢ্য কাৰ্য্যসুচীৰ আৰম্ভনিতে অধিবেশনস্থলীৰ আবতানি লত্তা উদ্ধোধন কৰে অৰুণাচল প্ৰদেশৰ আদি বা:নে কেবাঙৰ সভাপতি টনি পেৰটিনে৷ লগতে উপস্থিত থাকে মিচিং …

অধিক পঢ়ক »

পুৰণিগুদামত মহামৃত্যুঞ্জয় যজ্ঞ: শংখ-ঘণ্টাৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত নৰসিংহ ক্ষেত্ৰ

অসম সংবাদ,পুৰণিগুদাম: নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম নিকটবৰ্তী ভেৰভেৰীৰ নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি থকা ১২৬ ফুট উচ্চতাৰ বিশ্বৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰত বুধবাৰৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে মহান তাপস ভূগুগিৰিৰ সংকল্পৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় যজ্ঞ মহোৎসৱ । মাঘী পূৰ্ণিমাৰ সৰ্বোত্তম মুহূৰ্তত অনুষ্ঠিত হোৱা যজ্ঞ মহোৎসৱস্থলীত যজ্ঞ দৰ্শনৰ লগতে বাবা ভূগুগিৰি মহাৰাজক দৰ্শনৰ বাবে সৃষ্টি হোৱা ভক্তিপ্ৰাণ ৰাইজৰ সমাগমে …

অধিক পঢ়ক »

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস

নিউজ ডেস্ক, অসম সংবাদ:ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে৷ এই অনুসৰি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত হ্ৰাস ৩.৫০ টকা আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৩ টকাকৈ হ্ৰাস পাইছে৷ আন্তৰ্জাতিক বজাৰত মূল্য হ্ৰাস পোৱাৰ বাবেই এই হ্ৰাসৰ সিদ্ধান্ত৷

অধিক পঢ়ক »