দৈনিক সংৰক্ষণাগাৰ : February 2, 2018

নাগালেণ্ডত চি আৰ পি এফৰ বাহন দুৰ্ঘটনাগ্ৰস্ত:তেৰ জোৱান আহত,

ডিমাপুৰৰ পৰা মণ্টুচ্ কোঁৱৰ,অসম সংবাদ:ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাত নিৰ্বাচনৰ কতৰ্ব্য সম্পাদন কৰিবলৈ যোৱা কেন্দ্ৰীয় গৃহৰক্ষী বাহিনীৰ এখন বাহন আজি দুপৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰে। এই দুৰ্ঘটনাত ১৩ জন আহত হয় আৰু ইয়াৰে তিনিজন চি আৰ পি এফ জোৱান গুৰুতৰৱে আহত হয়। উল্লেখযোগ্য যে চি আৰ পি এফ জোৱান কঢ়িয়াই গাড়ীখনে কিছু খাদ্য সামগ্ৰীলৈ মন জিলালৈ গৈ আছিল,কিন্তু চিয়েনঘা …

অধিক পঢ়ক »

খেৰণিত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

অসম সংবাদ,খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলত এটা মতা বনৰীয়া হস্তীৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে,এজন খৰিকটিয়াই ঘৰলৈ বুলি খৰি বিচাৰিবলৈ গৈ উক্ত বন্যহস্তীৰ প্ৰত্যক্ষ কৰে আৰু লাগে লাগে খৱৰ দিয়ে বন বিভাগক। খেৰণিস্থিত বন বভাগৰ এটি দলে  উক্ত স্থানত উপস্থিত হৈ বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে সপ্তাহ দিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। মৃত্যুৰ …

অধিক পঢ়ক »

যোৰাবাটত জাৱৰ ভৰ্তি গাড়ী জব্দ ৰাইজৰ

অসম সংবাদ,ক্ষেত্ৰী: যোৰাবাটৰ ১৩ মাইলত জাৱৰ ভৰ্তি ডি আই গাড়ী প্ৰত্যক্ষ কৰি ৰাইজে আৰক্ষীৰ হাতত গতাই দিলে ৷ উল্লেখ্য যে, যি সময়ত গুৱাহাটী সমীপৰ ক্ষেত্রী সোনাপুৰত পাৰিৱেশিক বাতাবৰণৰ বাবে বহুসংখ্যক লোকে নিজক অলপ জিৰণি দিবলৈ বা মুকলি বতাহৰ বাবে ক্ষেত্রীৰ বিভিন্ন অঞ্চললৈ বহু সংখ্যক পৰ্যটকৰ সমাগম হয়, সেইসময়ত যোৰাবাটৰ ১৩ মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে জাৱৰ পেলোৱা অবাধ হাৰত …

অধিক পঢ়ক »

পবিতৰাত হাতী চাফাৰী ৰাজ্যপাল জগদীশ মুখীৰ

মায়ঙৰ পৰা নজৰুল ইছলাম,অসম সংবাদ: বন বিভাগৰ ৬ টাকৈ হাতী লৈ ৰাজ্যপাল জগদীশ মুখীয়ে আজি পত্নীসহ পবিতৰা অভয়াৰণ্য দৰ্শন কৰে ৷ ভিতৰত প্ৰৱেশ কৰে। ৰাজ্যপাল জগদীশ মুখী আৰু পত্নী প্ৰেম মুখীয়ে পবিতৰা দৰ্শন কৰি আপ্লুত হৈ পৰে। পুৱা ৬ বজাত পবিতৰাত উপস্থিত হয় ৰাজ্যপাল গৰাকী। সংগ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসে। পুৱাৰ আহাৰ গ্ৰহণ কৰে পবিতৰাৰ ডাক বাংলাত।

অধিক পঢ়ক »

সোণাৰিত তৈলখাদত তলা লগালে ৰাইজে

অসম সংবাদ,সোণাৰি: সোণাৰি নাফুকস্থিত অএনজিচিৰ তৈল খাদত তলাবন্ধ কৰিলে নাফুক সন্মিলিত যুৱ মঞ্চ আৰু স্থানীয় ৰাইজে । নাফুক চফ্ৰাই পথ মেৰামতিৰ দাবীত এই তলা বন্ধ কাৰ্যসূচী। অএনজিচিৰ গধুৰ যান বাহনে বিধস্ত কৰিছে পথটি। পূৰ্বতে কেইবাবাৰো পথ অৱৰোধ কৰিও কোনো সুফল নাপালে স্থানীয় ৰাইজে।

অধিক পঢ়ক »

হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মাহেকীয়া আলোচনী বিন্দুৰ ৰক্তদান শিবিৰ

নিউজ ডেস্ক,অসম সংবাদ: “বিন্দু স্মাৰ্ট”ৰ উদ্যোগত মাহেকীয়া আলোচনী বিন্দুৰ প্ৰায় ডেৰ শতাধিক সদস্যই স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৪৯ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত ৰক্তদান কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰৰ নেতৃত্বত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত উক্ত শিবিৰৰ সফলতাৰ বাবে বিন্দু আলোচনীৰ সদস্যসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমেন তালুকদাৰে ভূয়সী প্ৰশংসা কৰে । …

অধিক পঢ়ক »

বহি:ৰাজ্যত সন্ধানহীন টংলাৰ যুৱক

টংলাৰ পৰা অৰূপ বড়ো,অসম সংবাদ: ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত জলাহ এৰাবাৰী গাওঁৰ খগেন স্বৰ্গীয়াৰীৰ পুত্ৰ ব্ৰজেন স্বৰ্গীয়াৰী(৪৭)য়ে যোৱা মাহত কৰ্ম সূত্ৰে বহি:ৰাজ্য গুজৰাটৰ কোম্পানীলৈ যোৱাৰ পথত বৰোদা জংচন পাবলৈ ৪ কিলোমিটাৰ বাকী থকাৰ পথত হঠাৎ সন্ধানহীন হৈ পৰে। বগা বৰণৰ ছয় ফুট ওখ উক্ত যুৱক জনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা বা 9854921194 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে …

অধিক পঢ়ক »

নীৰৱ বনবিভাগ: জাঁজী তামুলীছিগাত জাঁজী নদীৰ গড়া খান্দি তহিলং অসাধু ব্যৱসায়ীৰ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য,অসম সংবাদ: যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত তামুলীছিগা অঞ্চলত একাংশ অসাধু লোকে জাঁজী নদীৰ গড়া খান্দি তহিলং কৰিছে যদিও প্ৰশাসন, বন বিভাগ অথবা জলসম্পদ বিভাগে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। জাঁজী শিমলুগুৰিৰ জনৈক শৰ্মা উপাধিৰ এটা বালি মাফিয়াৰ নেতৃত্বতে অঞ্চলটোত বালি,পলসৰ অবৈধ খননৰ লগতে জাঁজী নদীৰ গড়া খনন চলাই অহাৰ অভিযোগ উঠিছে। নদী খনৰ গড়া …

অধিক পঢ়ক »

সাহিত্য সভালৈ গৈ থাকোতে অঘটন: ইন’ভা বাগৰি আছু নেতাৰ মৃত্যু

অসম সংবাদ, কাকপথাৰ: অসম সাহিত্য সভালৈ অহাৰ পথত পেঙেৰী বনাঞ্চলত সংঘটিত পথ দুৰ্ঘটনাত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক বিশ্বজিত বৰা(২৪)ৰ মৃত্যু হোৱাৰ উপৰি জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমৰ গোঁহাইসহ দুজন আহত হৈছে৷ নিয়ন্ত্ৰণ হেৰুৱাই দ’ নলাত বাগৰি পৰিল ইন’ভা গাড়ী৷ গাড়ী নম্বৰ এ এছ ২৩ আৰ ৮৭০০৷

অধিক পঢ়ক »