দৈনিক সংৰক্ষণাগাৰ : February 3, 2018

গুলীচালনা: যোগীঘোপাত কয়লা ব্যৱসায়ী গুলীবিদ্ধ

অসম সংবাদ, যোগীঘোপা: যোগীঘোপাত গুলীচালনা৷ কয়লা ব্যৱসায়ী আজমুল হক গুলীবিদ্ধ। গুলীয়াই বাইকেৰে দুৰ্বৃত্তৰ পলায়ন। ৩১(খ)নং ৰাষ্ট্ৰীয় ঘাইপথত ICICI বেংকৰ সমীপত গুলীচালনা। আজমুল হকৰ পেটত গুলীৰ আঘাত। লোকজনক গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷

অধিক পঢ়ক »

নাগালেণ্ড নিৰ্বাচন : আসন বুজাবুজিৰে এন ডি পি পিৰে বিজেপিৰ মিত্ৰতা

ডিমাপুৰৰ পৰা মণ্টুচ কোঁৱৰ: নগা পিপলছ ফ্ৰণ্টৰ সৈতে বিগত ১৫ বছৰীয়া মিত্ৰতাৰ অৱসান ঘটাই এইবাৰ বিজেপিয়ে এন ডি পি পিৰ লগত আসনৰ বুজিবুজিৰে আজি নতুন মিত্ৰতা কৰাৰ কথা ঘোষণা কৰিছে। যোৱা শুক্ৰবাৰে নতুন দিল্লীত বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু এন ডি পি পিৰ নেতা তথা নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ নেইফিঅ ৰি’অৰ সৈতে হোৱা আলোচনাৰ পিছত এই মিত্ৰতা চূড়ান্ত কৰা …

অধিক পঢ়ক »

শদিয়াত ট্ৰেক্টৰ বাগৰি এজনৰ মৃত্যু

অসম সংবাদ, শদিয়া : শুকুৰবাৰে নিশা শদিয়া চেংচাপ গাঁ‌ৱত সংঘটিত টেক্ট্ৰৰ দুৰ্ঘটনাত কৃষ্ণ ফুকন (২৪) নামৰ টেক্টৰ চালকজনৰ থিতাতে মৃত্যু হয় । দুৰ্ঘটনাত মৃত্যু হোৱা টেক্টৰ ড্ৰাইভাৰজনৰ ঘৰ শদিয়া অম্বিকাপুৰ শিমলুগুৰি গাঁৱত বুলি জানিব পৰা গৈছে ।

অধিক পঢ়ক »

বগীনদীত প্ৰশাসনৰ উচ্ছেদ অভিযান

অসম সংবাদ, বগীনদী: লখিমপুৰ জিলাৰ উপায়ুক্ত বৰুণ ভূঞাৰ উপস্থিতিত বগীনদীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে অৱস্থিত বগীনদী ব্যৱসায়িক কেন্দ্ৰ আৰু দৈনিক বজাৰত স্বচ্ছ ভাৰত আইনৰ অধীনত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। অভিযানকালত প্ৰশাসনে এক্সকেভেটৰৰ সহায়ত ঘাইপথৰ দুয়োকাষে থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভেটিসমূহ ভাঙি পেলায়। উল্লেখযোগ্য যে যোৱা ১০ জানুৱাৰীতে প্ৰশাসনে সাতদিনৰ সময়সীমা বান্ধি দি ব্যৱসায় কেন্দ্ৰৰ ব্যৱসা সকলক উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও …

অধিক পঢ়ক »

বেকাজানত পিষ্টল উদ্ধাৰ

অসম সংবাদ, বৰহোলা: বৰহোলা আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই বেকাজানৰ চেনিজান গাঁৱৰ মুনীন শেনছোৱা এজন দুৰ্ধৰ্ষ ডকাইতৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে। উল্লেখ্য যে মুনীন নামৰ ডকাইতটোৱে দুহছৰৰ পূৰ্বে বৰহোলা তেল ডিপোত ডকাইতি কৰাৰ উপৰি যোৱা বছৰ নিজৰ মোমোয়কক পিষ্টলেৰে গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল। তেতিয়াৰ পৰাই মুনীন পলাতক আছিল। কিন্ত ডকাইতটো আজি ঘৰলৈ অহা গোপন খবৰ লাভ কৰাৰ আৰক্ষীয়ে অভিযান …

অধিক পঢ়ক »

অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ জিলা বঁটা দৰং জিলা সাহিত্য সভালৈ

মংগলদৈৰ পৰা নিৰঞ্জন শইকীয়া,অসম সংবাদ: অসম সাহিত্য সভাৰ চতুঃসপ্ততিতম বৰডুমচা অধিৱেশনত অসম সাহিত্য সভাই শ্ৰেষ্ঠ জিলা সাহিত্য সভাৰ বঁটা প্ৰদান কৰে দৰং জিলা সাহিত্য সভাক । আজি অসম সাহিত্য সভাৰ অধিৱেশনৰ মুকলি সভাত বঁটা গ্ৰহণ কৰি দৰং জিলা সাহিত্য সভাৰ সভাপতি চহিৰ ভুঞা, সম্পাদক মুকুট চন্দ্ৰ হাজৰিকাৰ লগতে দৰং জিলাৰ পৰা যোৱা প্ৰতিনিধিসকল উৎফুল্লিত হৈ পৰে । অসম সাহিত্য সভাৰ …

অধিক পঢ়ক »

আই চি চি ১৯ অনূৰ্ধ্ব বিশ্বকাপ: চতুৰ্থবাৰৰ বাবে চেম্পিয়ন ভাৰত

নিউজ ডেস্ক, অসম সংবাদ: আই চি চি ১৯ অনূৰ্ধ্ব বিশ্বকাপত ইতিহাস সৃষ্টিৰে ভাৰত চতুৰ্থবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে৷ আজি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰে৷ জয়ৰ বাবে অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২১৬ ৰাণ ভাৰতে মনজৎ কাৰলাৰ শতকৰ সহায়ত দুটা উইকেট হেৰুৱাই ৩৮.২ টা বলতে অতিক্ৰম কৰে৷ মনজৎ মেন অব দা মেটচ বিবেচিত হয়৷

অধিক পঢ়ক »

১৯ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেল: জয়ৰ বাবে ভাৰতৰ সন্মুখত ২১৬ ৰাণৰ লক্ষ্য

নিউজ ডেস্ক, অসম সংবাদ: আই চি চি ১৯ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতক জয়ৰ বাবে ২১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে অষ্ট্ৰেলিয়াই৷ শনিবাৰে নিউজিলেণ্ডত অনুষ্ঠিত হৈ থকা বিশ্বকাপৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই টজত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়৷ দলটোৱে ভাৰতীয় বলাৰৰ সন্মুখত তিষ্টিব নোৱাৰি ৪৭.২ অ’ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২১৬ ৰাণ কৰে৷ অষ্ট্ৰেলিয়াৰ হৈ জনাথন মোৰেলে সৰ্বাধিক ৭৭ ৰাণ কৰে৷ আনহাতে ভাৰতৰ …

অধিক পঢ়ক »

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

আজাৰাৰ পৰা অজয় দাস, অসম সংবাদ: বৰঝাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । এখন বিশেষ বিমানেৰে আহি বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিছে মোডীয়ে । Advantage Assamত অংশগ্ৰহণ কৰিব মোডীয়ে । বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়া, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়ে আদৰণি জনায় মোডীক । বৰঝাৰৰ পৰা হেলিকপ্তাৰ যোগে খানাপাৰালৈ যাব মোডী। সন্ধিয়া মোডীৰ উপস্থিতত ৬০ …

অধিক পঢ়ক »

বৰঝাৰ বিমানবন্দৰত উপস্থিত ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী

আজাৰাৰ পৰা অজয় দাস,অসম সংবাদ: বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে ৰিলায়েঞ্চ গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী । খন্তেক পূৰ্বে নিজা বিশেষ বিমানেৰে বৰঝাৰত অৱতৰণ কৰে আম্বানী । বৰঝাৰ বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা মুকেশ আম্বানীৰ । মুকেশ আম্বানীয়ে Advantage Assam শীৰ্ষক সন্মিলনত অংশগ্ৰহন কৰিব । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিলাসী বাহনেৰে গুৱাহাটীলৈ লৈ যোৱা হৈছে আম্বানীক ।

অধিক পঢ়ক »