দৈনিক সংৰক্ষণাগাৰ : February 4, 2018

কাকপথাৰৰ বৰডিৰাকত পথ দুৰ্ঘটনা: আহত ৩

অসম সংবাদ, কাকপথাৰ: কাকপথাৰৰ বৰডিৰাকত পথ দুৰ্ঘটনা৷ কাকপথাৰ দিশৰ পৰা অৰুণাচল প্ৰদেশৰ অভিমূখে তীব্ৰ বেগত আহিছিল বলেৰ’ গাড়ীখন৷ ফলত ১৫ নং ৰাষ্ঠীয় ঘাইপথৰ পৰা ৩০ মিটাৰ দূৰত বাগৰিল গাড়ীখন ৷ গাড়ীখনৰ চালকসহ ৩ জন গুৰুতৰভাৱে আহত ৷ এজনৰ অৱস্থা সংকটজনক৷ গাড়ীখনৰ নম্বৰ WB20AG5441

অধিক পঢ়ক »

নাগালেণ্ডৰ পেৰেণ জিলাত এন এছ চি এন আই এমৰ নেতাক গুলীয়াই হত্যা

ডিমাপুৰৰ পৰা মণ্টুচ কোঁৱৰ, অসম সংবাদ: নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক অস্থিৰতাৰ চলি থকাৰ মাজতে কালি নিশা পেৰণ জিলাৰ জালুকিত নগা বিদ্ৰোহী সংগঠনৰ এগৰাকী শীৰ্ষ নেতাক অচিনাক্ত দুৰ্বত্তই নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্য কৰিছে। দুৰ্বৃত্তৰ হাতত নিহত হোৱা এন এছ চি এনৰ নেতাজনৰ নাম কেডিছুঙবি নৰিয়াম । জালুকি আৰক্ষীয়ে সদৰী কৰামতে কালি নিশা এন এছ চি এন …

অধিক পঢ়ক »

শুনিবনে ৰজাঘৰীয়াই বোকাখাতৰ পবিত্ৰ বৰাৰ জীৱন সংগ্ৰামৰ কথা?

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া, অসম সংবাদ : বোকাখাতৰ ৰজাবাৰীৰ এজন যুৱক ৷ নাম পবিত্ৰ বৰা ৷ ৩৯ বছৰীয়া বৰা বোকাখাত সমষ্টিৰ ৫নং ৱাৰ্ডৰ দিনেশ্বৰী বৰাৰ পুত্ৰ ৷ জন্মৰে পৰা শাৰীৰিকভাৱে অক্ষম লোকজনে আজিকোপতি পোৱা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা ৷ চৰকাৰী কোনো আচঁনিত নাম সন্নিবিষ্ট নহয় তেওঁৰ যাৰ বাবে উপায়বিহীন হৈ পৰিছে লোকজন ৷৷অসুখীয়া বৃদ্ধা মাতৃৰ বাহিৰে কোনো নাই …

অধিক পঢ়ক »

তেজপুৰত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি আহত তিনি শিশু

তেজপুৰৰ পৰা অপুৰ্ব বৰা, অসম সংবাদ:তেজপুৰৰ গোটলুঙত ৩৩০০ কিউবিক বিদ্যুৎ তাঁৰ ছিগি তিনিটি শিশু আহত হয় । গোটলুঙৰ জনবহুল গাঁৱৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী এডাল তাঁৰ আকস্মিকভাৱে ছিগি পৰাৰ ফলত অঞ্চলটোৰ নবিৰ হুছেইনৰ ঘৰৰ চোতালত খেলি থকা হাফিজুল ইচলাম, নাগেচ চুলতান, নাজিবুদ্দিন আহমেদ বিদ্যুৎস্পৃষ্ঠ হয় যদিও আব্দুল ৰহিমৰ তৎপৰতাত কথমপি প্ৰাণ বাচে শিশুকেইটিৰ ।

অধিক পঢ়ক »

কবিৰ কবিতা পাঠেৰে জীপাল ধিঙ শংকৰদেৱ শিশু বিদ্যা নিকেতন

অসম সংবাদ,বেবেজীয়া: সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ ধিং আঞ্চলিক কবি সন্মিলন গঠন আৰু স্বৰচিত কবিতা পাঠৰ মনোজ্ঞ অনুষ্ঠান কবিতাৰ আবেলি অনুষ্ঠানটি শনিবাৰে বিয়লি ধিঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ শিক্ষাবিদ তথা সাহিত্যিক দিলীপ কুমাৰ নাথৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য ৰাখে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতিয়ে। সভাত বিশিষ্ট …

অধিক পঢ়ক »

সামৰণি পৰিল অসম সাহিত্য সভাৰ বুঢ়ীদিহিং-বৰডুমচা অধিৱেশন : পৰৱৰ্তী বাৰ্ষিক অধিবেশন সৰুপথাৰ, দ্বিবাৰ্ষিক অধিবেশন কমলপুৰত

তেজপুৰৰ পৰা অপুৰ্ব বৰা, অসম সংবাদ: সামৰণি পৰিল অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিৱেশন ৷ এক নতুন ইতিহাস ৰচি এইবাৰ অসম আৰু অৰুণাচলৰ দুখন ৰাজ্যৰ সমন্বয় আৰু ভাতৃত্ববোধক প্ৰতিনিধিত্ব কৰিলে এই অধিবেশনে । অধিবেশনৰ প্ৰতিনিধি সভাত নিয়মাবলী গৃহীত নহ’ল যদিও এসপ্তাহৰ ভিতৰত জিলা সমিতি আৰু শাখা সমিতিসমূহৰ লগত আলোচনা কৰি সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে । শোনিতপুৰৰ জিলা …

অধিক পঢ়ক »

কৰুণ! দৰিদ্ৰতাৰ বাবেই নিজৰ সন্তানকে বিক্ৰী কৰিলে মাতৃয়ে

অসম সংবাদ, কামপুৰ: মাতৃক মমতাময়ী বুলি কোৱা হয়৷ কিন্তু মাতৃত্বৰ বেদনা কিমান কৰুণ হ’লে এই মাতৃয়ে নিজৰ সন্তানকে বিক্ৰী কৰিব পাৰব? দৰিদ্ৰতাৰ বাবেই সন্তানক বিক্ৰী কৰাৰ এক কৰুণ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বৰপথাৰ মাইচাঙ মাজগাঁৱত। আৰ্থিক দৈন্যতাৰ বাবেই পোন্ধৰ শ টকাত এমাহ দহ দিন হওঁতেই নিজৰ কন্যা সন্তানটিক বিক্ৰী কৰিছে এগৰাকী মাতৃয়ে। এই ঘটনাই এতিয়া জোকাৰি গৈছে মাজগাঁও। দীর্ঘ …

অধিক পঢ়ক »

নাগালেণ্ড নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ডিমাপুৰৰ পৰা মণ্টুচ্ কোঁৱৰ, অসম সংবাদ: অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ২০ আসনৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম তালিকা ঘোষণা কৰিছে। বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকল হৈছে ক্ৰমে- ১ ডিমাপুৰ সমষ্টিৰ বাবে মি:টভিহ’ট, ১ নং ঘাঁহপানী সমষ্টিত জেকব ঝিমমি, পঘব’ট সমষ্টিত ড০  ছখাটু ,ছিজামি সমষ্টিত  মি: কেভেছুৎছ , জাংপেৎকঙ সমষ্টিত ড°  লঙগ্ৰি, অলঙটাকি সমষ্টিত মি: ইমনা …

অধিক পঢ়ক »