দৈনিক সংৰক্ষণাগাৰ : February 6, 2018

চৰাইদেউত চাঞ্চল্য: চাহ বাগিছাত গুলীচালনা দুৰ্বৃত্তৰ

চৰাইদেউ বৰহাটৰপৰা সুৰেণ বুঢ়াগোঁ‌হাই,অসম সংবাদ: চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিছাত যোৱা ৫ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০-৩০ বজাত অচিনাক্ত দুৰ্বৃত্তই বাগিচা কাৰ্য্যালয়লৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত তীব্ৰ চাঞ্চয়ৰ সৃষ্টি হৈছে । প্ৰাপ্ত বাতৰি অনুসৰি কোনো লোক হতাহত হোৱা নাই যদিও কাৰ্য্যালয়টোলৈ লক্ষ্য কৰি দুৰ্বৃত্তই জধেমধে গুলীবৰ্ষণ কৰাৰ ফলত বিভিন্ন স্থানত গুলীৰ চিন পৰিলক্ষিত হৈছে ৷

অধিক পঢ়ক »

কাজিৰঙাত মাৰণাস্ত্ৰসহ কৰায়ত্ত ৫ চোৰাং চিকাৰী

অসম সংবাদ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ বাবে পুনৰ সক্ৰিয় হৈ উঠিছে চোৰাং চিকাৰী । যোৱানিশা জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ সহ ৫ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা চোৰাং চিকাৰী কেইটা হল ফাৰুক আহমেদ(২৬), মুস্তাফা আহমেদ(৩০), পদ্দ ৰাজপুত(৩৫), ফুলকান আহমেদ(২৫), আৰু গুলজাৰ হুছেইন(৩৭) । এটা …

অধিক পঢ়ক »