দৈনিক সংৰক্ষণাগাৰ : February 7, 2018

মানকাছাৰত সন্ধানহীন মাতৃ-পুত্ৰ

অসম সংবাদ, মানকাছাৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাৰ পৰা তিনি দিন ধৰি সন্ধানহীন মাতৃ-পুত্ৰ । সন্ধানহীন মাতৃৰ নাম গোলাপী খাতুন (৪০) পুত্ৰৰ নাম গোলাম মোস্তাফা (১৩)। দুয়োৰে খাৰুৱাবান্ধা গাওঁৰ বেল্লাল হোছেনৰ পত্নী আৰু পুত্ৰ । সোমবাৰৰ দিনা ৰাতিপুৱা ৮-৩০ মান বজাত গোলাপী খাতুনৰ জ্বৰ হোৱাত পুত্ৰক লগতলৈ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিছৰ পৰা দুয়ো সন্ধানহীন হৈ পৰে । …

অধিক পঢ়ক »

আলি আয় লিগাঙক চৰকাৰী বন্ধ হিচাপে ঘোষণাৰ দাবী

অসম সংবাদ, জোনাই: মিচিংসকলৰ জাতীয় উৎসৱ আলি আ:য়ে লিগাঙক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই আজি মিচিংসকলৰ বিভিন্ন জাতীয় সংগঠনৰ উদ্যোগত ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্ণা কাৰ্য্যসূচী ৷ ৰাজ্যখনৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী মিচিংসকলে ফাগুণৰ প্ৰথমটো বুধবাৰে আলি আ:য়ে লিগাং উৎসৱ পালন কৰি আহিছে৷ যাৰ ফলত ফাগুনৰ প্ৰথমটো বুধবাৰ মিচিংসকলে পালন কৰা আলি আ:য়ে লিগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে …

অধিক পঢ়ক »

অন্ত পৰিল নাগালেণ্ড নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া

ডিমাপুৰৰ পৰা মণ্টুচ্ কোঁৱৰ, অসম সংবাদ: বুধবাৰে সামৰণি পৰে ত্ৰয়োদশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ মনোনয় পত্ৰ দাখিলৰ পৰ্ব । নগা বিদ্ৰোহী সংগঠন এন এছ চি এনে নিৰ্বাচন বৰ্জন নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নিৰ পিছতো কালি বিভিন্ন দলৰ ২২ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আজি অন্তিম দিনা ৯ টা ৰাজনৈতিক দলৰ ২২২ গৰাকী প্ৰাৰ্থীয়ে ১২ খন জিলাৰ ৬০ সমষ্টিৰ …

অধিক পঢ়ক »

কোকৰাঝাৰত আজিৰে পৰা আছুৰ নাছিৰ হুছেইন সোঁৱৰণী আন্ত:জিলা ভলীবল প্ৰতিযোগিতা

কোকৰাঝাৰৰ পৰা বিক্ৰম ৰঞ্জন ৰয়, ব্যুৰ’, অসম সংবাদ: “আছুৱে অকল আন্দোলন বা শৈক্ষিক দিশতে নহয় ৷ অসমত খেল-ধেমালিৰ উন্নতিৰ বাবেও কাম কৰি আহিছে” এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ আজিৰে পৰা কোকৰাঝাৰৰ গৌৰাং হাইস্কুল খেলপথাৰত যুৱ বিনম্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী আন্ত:জিলা ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি এই মন্তব্য কৰে ৷ উল্লেখ্য আছুৱে প্ৰতিবছৰে কামৰূপৰ …

অধিক পঢ়ক »

আলি-আ:য়ে লৃগাঙত চৰকাৰী বন্ধ ঘোষনাৰ দাবীত ঢকুৱাখানাত অৱস্হান ধৰ্মঘট

ঢকুৱাখানাৰ পৰা পাপু বৰুৱা,অসম সংবাদ:মিচিং সকলৰ বিহু উৎসৱ আলি আ:য়ে লৃগাঙৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণাৰ দাবীত ঢকুৱাখনাত অৱস্থান ধৰ্মঘট। TMPK,TMMK,MMK ৰ ঢকুৱাখনাৰ তিনিও জিলা সমিতিৰ মিচিং উদ্দোগত এই কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত। এই অৱস্থান কাৰ্যসূচীত TMPK ৰ সাধৰণ সম্পাদক পদ্মলোচন দলে,উপদেষ্টা ইন্দ্ৰ কুমাৰ চূংক্ৰাং,ক্ষীৰোদ পেগু,পুলিন দলে,যতীন পেগু ইত্যাদিৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰিছে

অধিক পঢ়ক »

নগাঁৱৰ কঠিয়াতলীত পথ দুৰ্ঘটনা

নিউজ ডেস্ক,অসম সংবাদ: নগাঁৱৰ কঠিয়াৰতলীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল ডালমিয়া চিমেণ্ট ভৰ্তি ট্ৰাক। লংকাৰ পৰা নগাঁও অভিমুখে আহিছিল ট্ৰাক খন। সৌভাগ্য বশত কোনো লোক হতা-হত হোৱা নাই যদিও ঘটনা সংঘটিত কৰি ট্ৰাক চালকৰ পলায়ন। ট্ৰাক খনৰ নম্বৰ AS09AC-0292

অধিক পঢ়ক »