দৈনিক সংৰক্ষণাগাৰ : February 8, 2018

কামপুৰত কপিলী নদীত বালি মহলৰ বালি খনন বন্ধ কৰিলে স্থানীয় ৰাইজে ।

কামপুৰৰ পৰা ৰূপজ্যোতি ভূঞা, অসম সংবাদ: বৰ্তমান ষ্পষ্ট হৈ পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰৰ দুমুখীয়া নীতি ৷ এফালে গঢ়াখহনীয়া ৰোধৰ কোনো ব্যৱস্থা নাই চৰকাৰৰ, আনফালে য’ত ত’ত বালি মহলৰ অনুমোদন দি সৰ্বসাধাৰণ ৰাইজক পুনৰ খহনীয়াৰ কবলত পেলাইছে ৰাজ্যৰ বন বিভাগে ৷ যাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ বন্ধ কৰিলে বালিৰ মহল ৷এফালে গঢ়াখহনীয়া ৰোধৰ কোনো ব্যৱস্থা নাই চৰকাৰৰ, আনফালে কামপুৰ কপিলী …

অধিক পঢ়ক »

মেজিকে মহতিয়ালে বাইক আৰোহীক

অসম সংবাদ,জাজৰি: নগাঁৱৰ ৰাইডঙীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । মেজিকে মহতিয়াই নিলে বাইক অাৰোহীক ৷ থিতাতে নিহত হয় বাইক অাৰোহীজন । নিহত যুৱকজন নগাঁৱৰ উৰিয়া গাৱঁৰ প্ৰেমানন্দ বৰা । দুৰ্ঘটনা সংঘটিত কৰি তীব্ৰ বেগত পলায়ন কৰে মেজিকখনে ৷ স্পেলেণ্ডাৰ বাইকখনৰ নম্বৰ AS02 C 9225 অাৰু দুৰ্ঘটনা সংঘটিত কৰা মেজিক খনৰ নম্বৰ AS01 GC 2489 ৷

অধিক পঢ়ক »

ৰাখে হৰি মাৰে কোনে ?

অসম সংবাদ, নলবাৰী: নলবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ পাগলাদিয়া নদীৰ দলঙৰ সমীপত আজি সন্ধিয়াৰ ভাগত এক পথ দুৰ্ঘটনাক লৈ আতংকময় অৱস্থাৰ সৃষ্টি হয় । পাঠশালাৰ সৌৰভ চৌধুৰী নামৰ যুৱকজনে নিজৰ এ এছ ০১ডি বি ৪১১২ নম্বৰৰ বিলাসী বাহন এখনেৰে গুৱাহাটীৰ দিশৰ পৰা বৰপেটা অভিমুখে গৈ আছিল । যুৱকজনে ভুল পথেৰে আহি থাকোতে নিয়ন্ত্ৰণ হেৰুৱাই পথছোৱাৰ পৰা ছিটিকি বহু দূৰৈৰ …

অধিক পঢ়ক »

শদিয়াত ট্ৰাকৰ খুন্দাত মৃত্যু মহিলাৰ

অসম সংবাদ, শদিয়া: শদিয়া মোগলপুৰ গাঁ‌ৱত ভয়ংকৰ পথ দূঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা । মহিলা গৰাকী বৰ্তমানলৈ চিনাক্ত হোৱা নাই ।

অধিক পঢ়ক »

তিনিচুকীয়াত আটক NSCN ৰ দুই লিংকমেন

অসম সংবাদ, তিনিচুকীয়া: নিশা আছাম ৰাইফলচৰ অভিযানত আটক দুই NSCN (K)ৰ লিংকমেন ৷ ধৃত লিংকমেন দুজন চৌজাগাম চিংফৌ, দুলেন চিংফৌ ৷ লিংকমেন দুজনৰ পৰা ৫৬০০০ টকা, ২২০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে ৷ আছাম ৰাইফলছে বৰডুমচা আৰক্ষীক গতাই দিছে লিংকমেন দুজনক ৷

অধিক পঢ়ক »