দৈনিক সংৰক্ষণাগাৰ : February 10, 2018

লংকাত অঘটন: ৰেলৰ খুন্দাত নিহত চাৰিটাকৈ বন্যহস্তী

অসম সংবাদ, কামপুৰ: ৰেলৰ খুন্দাত পুনৰ ৰাজ্যত প্ৰাণ হেৰুৱালে চাৰিটাকৈ বন্যহস্তীয়ে ৷ ৰেল বিভাগৰ অমনোযোগিতাৰ বাবে লংকাৰ হাৱাইপুৰত শোকাৱহ ঘটনা ৷ ৰেলৰ খুন্দাত থিতাতে মৃত্যু হ’ল চাৰিটাকৈ বন্যহস্তীৰ ৷ ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত এটা বন্যহস্তী ৷ গুৱাহাটী-শিলচৰ পেচেঞ্জাৰ ৰেলৰ খুন্দাত সংঘটিত হয় এই কৰুণ ঘটনা ৷ দুৰ্ঘটনাস্থলীতে বহুসময় ধৰি আৱদ্ধ হৈ পৰে পেচেঞ্জাৰ ৰেলখন ৷

অধিক পঢ়ক »

ঢকুৱাখনাত লখিমপুৰ জিলাৰ মহিলা কংগ্ৰেছৰ এক বিশাল সভা

ঢকুৱাখনাৰপৰা পাপু বৰুৱা ,অসম সংবাদ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ উদ্দোগত আজি ঢকুৱাখনাৰ ৰাজীৱ ভৱনত এক বিশাল সমাবেশ অনুষ্ঠিত হয়।জিলাখনৰ ৬ খন ব্লকৰ মহিলা কংগ্ৰেছৰ নেত্ৰী আৰু কৰ্মীসকলক লৈ আয়োজিত মহিলা কৰ্মশালাৰ অনুষ্ঠানত সভানেত্ৰীত্ব কৰে লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগমে।সভাত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ‌ য়াছমিন হ’ক , লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি …

অধিক পঢ়ক »

টিহুত ৰেল বিভাগৰ কৰ্মচাৰী হেমচন্দ্ৰ বেজবৰুৱাৰ মৃত্যু

টিহুৰ পৰা পংকজ বেজবৰুৱা,অসম সংবাদ:টিহু মহকুমাৰ পৰমানখোৱা গাঁও নিৱাসী ,উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ এগৰাকী কৰ্মচাৰী ,সমাজকৰ্মী তথা বৈষ্ণৱ ধৰ্মৰ একান্ত সাধক হেমচন্দ্ৰ বেজবৰুৱাৰ আজি দোকমোকালিতে নিজা বাসগৃহত মৃত্যু হয়।উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ তেজপুৰ, ৰঙাপাৰা,নলবাৰী, পাঠশালা আৰু টিহু. ষ্টেচনত দীৰ্ঘকাল বাণিজ্যক কেৰাণী হিচাপে আছিল। ১৯৯৭ চনত টিহু ৰেল ষ্টেচনৰ পৰা প্ৰধান বাণিজ্যক কেৰাণী হিচাপে বিভাগীয় সেৱাৰ পৰা নিযুক্ত দিয়া হয়।বৈষ্ণৱ ধৰ্মৰ …

অধিক পঢ়ক »

আজৱ কাণ্ড: শিক্ষকক প্ৰহাৰ কৰা ছাত্ৰৰ সপক্ষত আন্দোলন

অসম সংবাদ,গোৱালপাৰা: গোৱালপাৰা জিলাৰ জলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি হঠাৎ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।  বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত তলা ওলোমাই প্ৰতিবাদ জনায় ছাত্ৰ ছাত্ৰীসকলে । ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ছাত্ৰ-ছাত্ৰীসকলৰ দাবী বিনাচৰ্তে আৰক্ষীয়ে মুক্তি দিব লাগে বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সা:সম্পাদক জিৰাফ উদ্দিনক।  জানিবপৰামতে যোৱা ৬ ফেব্ৰুৱাৰীত বিদ্যালয়খনত পাঠদান আৰম্ভ হোৱাৰ পিছত শিক্ষক আব্দুৰ ৰেকিবে উচ্চতৰ মাধ্যমিক …

অধিক পঢ়ক »

কাজিৰঙাত বন বিভাগত নিযুক্তি প্ৰক্ৰিয়াত চৰম গাফিলতি: দল-সংগঠনৰ প্ৰতিবাদ

কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়া: পুনৰ গাফিলতি বনবিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত ৷ ৰাজ্যৰ পাচঁখন জিলাৰ ওপৰত ভিত্তি কৰি বনবিভাগে যি এক বিশেষ বাহিনী তৈয়াৰ কৰা যো-জা কৰিছে তাত সম্পূৰ্ণৰূপে গাফিলতি কৰাৰ পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত উক্ত বাহিনীৰ শাৰিৰীক পৰীক্ষা আৰম্ভ কৰিছিল বোকাখাতস্থিত ৰাজহুৱা খেল পথাৰত ৷ কিন্তু আচৰ্য্যজনক ভাৱে শৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো বহু পৰীক্ষাথীৰ …

অধিক পঢ়ক »