দৈনিক সংৰক্ষণাগাৰ : February 11, 2018

হৰিনামৰ ধ্বনি,ভাগৱত পাঠৰ অমিয়া সুৰেৰে ভক্তিপীঠত পৰিণত কপাহেৰাৰ সম্বন্বয় ক্ষেত্ৰ

অসম সংবাদ,বেবেজীয়া: দেওবাৰে পুৱাই বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত কপাহেৰাত সৃষ্টি হ’ল এক উদুলি-মুদুলি পৰিবেশৰ। নগাঁও-মৰিগাঁও জিলাৰ সমীপৱৰ্তী কপাহেৰাৰ ঐতিহ্যমণ্ডিত সৰ্বোদয় ক্ষেত্ৰৰ পৰা ওলোৱা এক বৰ্ণময় ভাগৱত শোভাযাত্ৰাই সমগ্ৰ কপাহেৰা অঞ্চল কৰি তোলে মুখৰিত। বৰ্ণিল শোভাযাত্ৰাটিত ভক্ত বৈষ্ণৱৰ হৰিনামৰ ধ্বনি,জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰ লগতে কণ কণ শিশুসকলে প্ৰদৰ্শন কৰা সত্ৰীয়া সংস্কৃতিৰ অভিনয়েৰে উজ্বলি উঠে।কপাহেৰাত চলি থকা নগাঁও-মৰিগাঁও জিলাৰ জনজাতি সংস্কাৰী সংঘৰ …

অধিক পঢ়ক »

চামগুৰিত চাঞ্চ্যলকৰ ঘটনা

অসম সংবাদ,পুৰণিগুদাম:নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰিৰ হেমাৰবৰিত আজি দুপৰীয়া এক চাঞ্চ্যলকৰ ঘটনা সংঘটিত হয় ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে গুৱাহাটীত এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ ঘৰত দেহৰক্ষী হিচাবে কৰ্মৰত অসম আৰক্ষীৰ জোৱান উৎপল বৰাই চাৰ্ভিচ পিষ্টলটো ঘৰলৈ লৈ আনিছিল ।তাৰ পিছতেই দূৰ্ভাগ্যবশত:এক অঘটন সংঘটিত হয় ।জোৱায়েক উৎপল বৰাৰ চাৰ্ভিচ পিষ্টলৰ গুলীৰে গুলীবিদ্ধ হৈ নিহত হয় শাহুৱেক ৰূপৰেখা বৰা।ৰূপৰেখা …

অধিক পঢ়ক »

ত্ৰিপুৰাত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

নিউজ ডেস্ক, অসম সংবাদ: ত্ৰিপুৰাত উপস্থিত হৈছে বিজেপিৰ সভাপতি অমিত শ্বাহ । আগৰতলাত অমিত শ্বাহক আদৰণি জনালে ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লৱ দেই । ৩দিনীয়া কাৰ্যসূচীৰে ৰাজ্যখনলৈ গৈছে বিজেপিৰ সভাপতিজন । দেওবাৰ আৰু সোমবাৰে ভাগ ল’ব নিৰ্বাচনী প্ৰচাৰ সভাত । দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে।

অধিক পঢ়ক »