দৈনিক সংৰক্ষণাগাৰ : February 12, 2018

আগিয়াত “ৰাম বিজয়”

অসম সংবাদ,আগিয়া: আগিয়া বাপুপাৰা মদন মোহন সত্ৰত ৩৯ সংখ্যক তিনিদিনীয়াকৈ পালন সাৰ্বজনীন পালনামৰ অন্তিমদিনা অৰ্থাৎ ১২ ফেব্ৰৱাৰীৰ বৰপেটা সত্ৰৰ পৰা অহা ভাওনা গোষ্ঠীয়ে পৰিৱেশন কৰে গুৰুজনাৰ বিৰচিত “ৰাম বিজয়” অংকীয়া নাটখনি । ভাওনাখনিৰ শুভ উদ্বোধন কৰে গোৱালপাৰা বিদ্যুৎ বিভাগৰ কনিষ্ঠ অভিযন্তা গপেশ ঠাকুৰীয়াই । নামনি অসমত বিশেষকৈ গোৱালপাৰা জিলাত গুৰুজনাৰ ভাওনা দেখিবলৈ পোৱা নাযায় বাবে বৃহত্তৰ আগিয়া অঞ্চলৰ হেজাৰোধিক দৰ্শকে …

অধিক পঢ়ক »

বেবেজীয়াত এতিয়া চোৰৰ লক্ষ্য ধৰ্মীয় উপাসনা গৃহ: একে নিশাই ৮ টাকৈ নামঘৰ-বিষ্ণু মন্দিৰত চুৰি

অসম সংবাদ,বেবেজীয়া,নগাঁও জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বেবেজীয়া আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত এতিয়া চোৰৰ টাৰ্গেট হৈ পৰিছে নামঘৰ, মন্দিৰকে ধৰি ধৰ্মীয় উপাসনাগৃহসমূহ। যোৱা নিশা চোৰে বেবেজীয়া, জামুগুৰি আৰু টোকোলাই বেবেজীয়াৰ নামঘৰ আৰু মন্দিৰত তাণ্ডৱ চলাই বয়বস্তু লণ্ড ভণ্ড কৰাৰ লগতে টকা পইচা লুট কৰি নিয়ে।জানিব পৰামতে, যোৱানিশা চোৰে ঐতিহ্যমণ্ডিত বেবেজীয়া জুৰীয়া নামঘৰত প্ৰতিষ্ঠিত মণিকুটত থকা গুণমালা পুথি লণ্ড ভণ্ড কৰাৰ …

অধিক পঢ়ক »

ভাইৰেল ভিডিও’ৰ হাঁহিমুখীয়া ছোৱালীজনীৰ আঁৰৰ কথা

অজয় দাস সংবাদ মাধ্যমত হঠাৎ ভাইৰেল হৈ পৰিছে এটা ভিডিও’ আৰু কেইখনমান বিশেষ ছৱি ৷ এজনী ছোৱালীৰ এটা মিচিকিয়া হাঁহি আৰু এবাৰ চকু টিপ মৰা ভিডিও’ আৰু ফটো ভাইৰেল হৈ পৰিল সমগ্ৰ ছচিয়েল মিডিয়াত । আচলতে এই ভিডিও’টো হ’ল এখন আহিব লগীয়া মালায়লম চিনেমাৰ দৃশ্যাংশ । আহিবলগীয়া এই চিনেমাখনৰ নাম হ’ল “Ora Adaar Love” এই মালায়লম চিনেমাখনত অভিনয় কৰিছে ‘প্ৰিয়া …

অধিক পঢ়ক »

তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰিলে কমাৰকুছি আৰক্ষীয়ে

অসম সংবাদ,বৰভাগ:এক গোপন তথ্যৰ ভিত্তিত  যোৱা কালি পুৱতি নিশা কমাৰকুছি আৰক্ষীয়ে বৰভাগৰ সৰুকুছি আৰু বেটকাতা গাওঁত অভিযান চলাই তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । চোৰ তিনিজম ক্ৰমে তাজেৰ আলী(২৮),চাহাবুদ্দিন আহমেদ (২০)আৰু আলী হুছেইন (২৩)বুলি কমাৰকুছি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাই জানিবলৈ দিছে।গ্ৰেপ্তাৰধীন আটাইকেইজন চোৰৰ ঘৰ সৰকুছিত বুলি জানিব পৰা গৈছে ।অভিযান কালত আৰক্ষীয়ে এটি কম্পিউটাৰ ছেট উদ্ধাৰ কৰে …

অধিক পঢ়ক »

ৰঙিয়াৰ ভাৰত -ভূটান সীমান্ত আন্ত:ৰাষ্ট্ৰীয় পথৰ বালাগাঁৱত পথ দুৰ্ঘটনা, নিহত বৃদ্ধা

অসম সংবাদ,ৰঙিয়া:ৰঙিয়া চহৰৰ সোঁমাজেৰে যোৱা ভাৰত -ভূটান সীমান্ত আন্ত:ৰাষ্ট্ৰীয় পথৰ বালাগাঁৱত  আজি দিনৰ ভাগত সংঘটিত পথ এক দুৰ্ঘটনাত এগৰাকী বৃদ্ধা মহিলাই অকাল মৃত্যুক সাৱটি লয়।পথচাৰী বৃদ্ধা মহিলা গৰাকী  বালাগাঁওৰ  চমলা বিবি বুলি চিনাক্ত কৰা হৈছে ।ঘটনাৰ বিৱৰণী মতে এ.এছ-বি. জেড ০১-০১৯৮ নম্বৰৰ তীব্ৰ বেগী  মহেন্দ্ৰ বলেৰ’খনৰ চালক জনে নিয়ন্ত্ৰণ হেৰুৱাই   পথচাৰী মহিলাগৰাকীক মহতিয়াই নিয়ে।ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা বৃদ্ধা মহিলাগৰাকীক লগে …

অধিক পঢ়ক »

বিহালীত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ প্ৰতিবাদ

অসম সংবাদ,বিহালী:আজি বিহালীৰ বৰগাংত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ বন বিভাগৰ বিৰূদ্ধে প্ৰতিবাদ৷ প্ৰতিবাদকাৰীয়ে দাহ কৰে নৰ্ডান ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ প্ৰতিকৃতি ৷ কাজিৰঙা ষষ্ঠ সংযোজন এলেকাত গড় হত্যাৰ ব্লু প্ৰিন্ট কৰাৰ অভিযোগৰে গ্ৰেপ্তাৰৰ দাবী ৷

অধিক পঢ়ক »