দৈনিক সংৰক্ষণাগাৰ : February 13, 2018

মৰাণত জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল

অসম সংবাদ,মৰাণ: চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই অঞ্চলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চোৰাং তেল ৷ এখন ইণ্ডিগ’ গাড়ী(AS06-J-2277)ৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩০০ লিটাৰ চোৰাং তেল৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

অধিক পঢ়ক »

নলবাৰীত সদৌ অসম ছিনিয়ৰ-জুনিয়ৰ ৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত শীৰ্ষ স্থানত তিনিচুকীয়া 

অসম সংবাদ,নলবাৰী:নলবাৰী ক্ৰীড়া সংঘৰ সোণালী জয়ন্তী বৰ্ষত সৰিয়হতলীস্থিত জিলা ক্ৰীড়া প্ৰকল্পত যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত ৪১ সংখ্যক সদৌ অসম ছিনিয়ৰ জুনিয়ৰ(পুৰুষ /মহিলা)ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা খনৰ আজি সামৰণি পৰিছে ৷এই প্ৰতিযোগিতাত তিনিচুকীয়া জিলাই শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।তিনিচুকীয়াই ২১ টা সোণৰ ,১১ টা ৰূপৰ আৰু ৮ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷অসম …

অধিক পঢ়ক »

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে কামপুৰত তীব্ৰ প্ৰতিবাদ

অসম সংবাদ,কামপুৰ:সাংবাদিক সকলৰ কোনো ধৰনৰ সুৰক্ষা নোহোৱা হৈ পৰিছে।ইজনৰ পাছত সিজন সাংবাদিক নিৰ্যাতিত হৈ আহিছে ।এইবাৰ ঘটনাস্থান পশ্চিম কাৰ্বি আংলং জিলাৰ নামতৰাভুবি।সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে নগাঁও জিলাৰ কামপুৰত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে ।মংগলবাৰে কামপুৰত বিভিন্ন দল সংগঠণে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰি দোষিক উপযুক্ত শাস্তি দাবী কৰে ।এইবাৰ ঘটনাস্থান পশ্চিম কাৰ্বি আংলং জিলাৰ নামতৰাভুবি।উল্লেখযোগ্য যে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ …

অধিক পঢ়ক »

টিহু নগৰ সমিতিৰ কৰ্মচাৰীৰ “সৰ্বাত্মক ধৰ্মঘট”

টিহুৰ পৰা পংকজ বেজবৰুৱা,অসম সংবাদ: সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান মৰ্মে পৌৰ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ,বকেয়া দৰমহা আদায়কে ধৰি দহ দফীয়া দাবীৰ ভিত্তিত তৃতীয় পৰ্যায়ৰ “সৰ্বাত্মক ধৰ্মঘট” কাৰ্যসূচী টিহু নগৰ সমিতিৰ কৰ্মচাৰী সকলেও পালন কৰে। ফলস্বৰূপে টিহু নগৰ সমিতিৰ সকলো ধৰনৰ কামকাজ স্তব্ধ হৈছে । কালিৰে পৰা হোৱা উক্ত ধৰ্মঘটৰ কাৰ্যসূচী অহা ২১ ফেব্ৰুৱাৰীত সামৰণি পৰিব। পৌৰ কৰ্মী সকলৰ …

অধিক পঢ়ক »

আমছু আৰু লুইত পৰীয়া মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদত মহাবিদ্যালয় চৌহদ কপাঁই তোলে

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান অসম সংবাদ:বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান আলোপতি-মাজৰচৰস্থ লুইত পৰীয়া মহাবিদ্যালয়ত সুদীৰ্ঘ দিন ধৰি চলি থকা বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে আজি মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে আমছুৰ দক্ষিণ বৰপেটা জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কলেজ খনৰ চৌপাশ কপাই তোলা পৰিলক্ষিত হয়। অভিযোগ মতে, সংশ্লিষ্ট মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ বহু বিতৰ্কিত সভাপতি …

অধিক পঢ়ক »

কলগাছিয়াত দেহ ব্যৱসায়ী চক্ৰ উৎখাত: ৰাইজে উত্তম মাধ্যম দি চমজাই দিলে আৰক্ষীক

কলগাছিয়াৰ পৰা স্বফিকুল হাছান,অসম সংবাদ: বৰপেটা জিলাৰ কলগাছিয়াৰ মাজমজিয়াত তথা কলেজিয়েট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমীপত চলাই থকা দেহ ব্যৱসায় চক্ৰ এটা আজি ৰাইজৰ তৎপৰতাত উৎখাত কৰা হয়। ইনছাফ আলী নামৰ ব্যক্তি গৰাকীয়ে দীৰ্ঘ দিনৰ পৰাই নিজ ঘৰত নাৰী ব্যৱসায়ী চক্ৰ চলাই আছিল। আজিও কলগাছিয়াৰ বলাইপথাৰ গাঁওৰ মিৰ ছবদুল নামৰ যুৱক এজনে দেলোৱাৰা খাতুন নামৰ এগৰাকী …

অধিক পঢ়ক »

বৰঝাৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

অসম সংবাদ,আজাৰা:ৰাজ্যত প্ৰায় বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা।বৰঝাৰ বিমানবন্দৰৰ সমীপৰ পলাশবাৰী আৰক্ষী চকীৰ অন্তগৰ্ত বঙৰাত পথৰ দাঁতিত বাগৰি পৰিল চুপাৰিভৰ্তি পাঞ্জাৱবডি ট্ৰাক।জানিব পৰা ম’তে গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকখনৰ আগে আগে আহি থকা বাছ এখনে ব্ৰেক মৰাৰ ফলত ট্ৰাক খনে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে এডাল গছত ।ঘটনাত কোনো লোক হতাহত হে‍াৱা নাই যদিও চালকসহ হেণ্ডিমেন আঘাত প্ৰাপ্ত হয়।আনহাতে কথমপি প্ৰান …

অধিক পঢ়ক »

বৰক্ষেত্ৰীত নাই পেলু প্ৰতিষেধক টেবলেট

অসম সংবাদ,মুকালমুৱা:যি সময়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্যখণ্ডত সংস্কাৰ হোৱা বুলি দম্ভালি মাৰি ফুৰিছে ঠিক তেনে সময়তে বৰক্ষেত্ৰীত ওলাই পৰিছে স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন ৷ উল্লেখযোগ্য যে যোৱা কালিৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযান ৷ এই অভিযানতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ফফোলাস্বৰূপটো ওলাই পৰিছে ৷ পেলু নিৰ্মূল অভিযান দিৱসৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত নাই পেলু প্ৰতিষেধক টেবলেট …

অধিক পঢ়ক »

দুলীয়াজানত চোৰৰ হাতত ৫ লাখ টকাৰ ম’বাইল

দুলীয়াজানৰ পৰা জয়ন্ত ভূঞা,অসম সংবাদ: দুলীয়াজানৰ অতিকে সুৰক্ষিত বজাৰ হিচাপে পৰিচিত অইল মাৰ্কেটৰ এখন মবাইলৰ দোকানত চোৰে চলালে অভিযান। দোকানৰ ভিতৰত চোৰৰ প্ৰবেশ বন্দী হ’ল চি,চি,কেমেৰাত । সোমবাৰৰ দিনা দুলীয়াজান বন্ধৰ সুবিধা গ্ৰহন কৰি সন্ধিয়াতে দোকানৰ টিং খুলি দোকানৰ ভিতৰত প্ৰবেশ কৰিলে দুধৰ্ষ চোৰটোৱে। ভিতৰত প্ৰবেশ কৰিয়ে প্ৰথমে গতি লগালে দুটাকৈ চিচি কেমেৰাৰ । তাৰপাছত প্ৰায় ৫ লাখ টকাৰ মবাইল …

অধিক পঢ়ক »

চলন্ত ৰেলৰ পৰা সন্ধানহীন যাত্ৰী

অসম সংবাদ,লামডিং: অসমত সুৰক্ষিত নহয় এতিয়া ৰেল ৰেল যাত্ৰী ৷ পুনৰ ৰেলৰ পৰা যাএী নিৰুদেশ ৷ উজনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলৰ পৰা জাগীৰোড আৰু লামডিংৰ মাজত সন্ধানহীন লামডিংৰ ৰাজীৱ দত্ত ৷ বহি:ৰাজ্যৰ কেৰেলাত কৰ্মৰত আছিল ৰাজীৱ দত্ত ৷ দুই বন্ধুৰ সৈতে দুমাহ পাছত কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছত ঘৰলৈ উভতাৰ সময়ত জাগীৰোড আৰু লামডিংৰ মাজত পুৱতি নিশা সন্ধানহীন হয় যুৱকজন ৷ যুৱক …

অধিক পঢ়ক »