দৈনিক সংৰক্ষণাগাৰ : February 14, 2018

শিৱৰাত্ৰিত লোকে লোকাৰণ্য কামৰূপৰ পিংগলেশ্বৰ দেৱালয়

অসম সংবাদ,বাইহাটা চাৰিআলি: সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ পিংগলেশ্বৰ দেৱালয়ত পালন কৰা হয় মহা শিৱৰাত্ৰী পূজা৷ ৰাতিপুৱাৰে পৰা কেবা সহস্ৰাধিক ভক্তই হিন্দু সকলৰ দেৱতা শিৱক আৰাধনা কৰি পূজা আগবঢ়ায় ৷

অধিক পঢ়ক »

হাজাৰ হাজাৰ ভক্তৰে মুখৰিত দৰঙৰ নাৰিকলি মন্দিৰ

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া,অসম যংবাদ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন হৈছে শিৱৰাত্ৰি পূজা। দৰঙ জিলাৰ নাৰিকলি মন্দিৰতো আজিৰ পৰা তিনিদিনীয়াকৈ পালন কৰিছে শিৱৰাত্ৰি পূজা ৷ হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিৰে মুখৰিত হৈ পৰিল নাৰিকলি।মন্দিৰত শিৱৰাত্ৰি উপলক্ষে বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈ শিৱক আৰাধনা কৰি পূজা আগবঢ়ায় ভক্তসকলে।

অধিক পঢ়ক »

ৰঙিয়াত পথ দুৰ্ঘটনাত নিহত ১

অসম সংবাদ,ৰঙিয়া: ৰঙিয়া চহৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ হাইৱে চ’কত আজি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। এখন নলবাৰী অভিমুখী তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ গাড়ীয়ে খুন্দিওৱাৰ ফলত পথচাৰী এজনৰ মৃত্যু হয়।  ৩১নং ৰাষ্টীয় ঘাইপথটো অতিক্ৰম কৰিব যাওঁতে মৃত্যু হোৱা লোকজনক নলবাৰী জিলাৰ সানেকুচিৰ ৰবীন্দ্ৰ লহকৰ (৫৪) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ কিছুপৰ পিছতে ঘটনাস্থলীত ৰঙিয়া থানাৰ  আৰক্ষী উপস্থিত …

অধিক পঢ়ক »

আমগুৰি হালোৱাটিঙত ভয়ংকৰ অগ্নিকাণ্ড: ছয় লক্ষাধিক টকাৰ মূল্যৰ সা-সম্পত্তিৰ ক্ষতি

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য,অসম সংবাদ: আজি সন্ধ্যা প্ৰায় ৮ বজাত শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত চুটীয়া  বস্তিত  সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ছয় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতি হয়। জানিব পৰা মতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।এখন জুৱেলাৰী, এখন চাইকেল দোকান আৰু এখন খাদ্য সামগ্ৰী বিক্ৰী প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে জুইত জাহ যায়। আমগুৰি আৰু নাজিৰাৰ …

অধিক পঢ়ক »

মাজুলীৰ কেন্দ্ৰীয় আলি আয়ে লৃগাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

জেংৰাইমুখৰ পৰা প্ৰাঞ্জল খাউণ্ড,অসম সংবাদ: সত্ৰ নগৰি মাজুলীৰ জেংৰাইমুখ মহাবিদ্যলয়,জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰংগনত আজি উলহ মালহেৰে মিচিং সকলৰ প্ৰধান উৎসৱ আলি আ: য়ে লৃগাং উদযাপন কৰা হয় ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মাজুলী জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসমৰ মূখ্য মন্ত্ৰী তথা মাজুলীৰ স্থানীয় বিধায়ক সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি মিচিং সকলক সুন্দৰৰ পূজাৰি বুলি কৈ সকলোকে আধ্যাত্মিকতাৰ মাজেৰে …

অধিক পঢ়ক »

শিৱৰাত্ৰিত গৌৰীনাথৰ আশীষ প্ৰাৰ্থনা অভিনেতা আকাশদ্বীপৰ

অসম সংবাদ,বেবেজীয়া; ভক্তৰ শাৰীত থিয় হৈ শিৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণত শৈব্য আৰাধনাত মিলিত হ’ল একালৰ জনপ্ৰিয় অভিনেতা তথা বৰ্তমানৰ বিজেপি নেতা আকাশদ্বীপ ডেকা। আজি নগাঁও জিলাৰ চকলাঘাটৰ সোণাইপাৰ গৌৰিনাথ মন্দিৰত শিৱৰাত্ৰি উদযাপন কাৰ্যসূচীত ভাগ লৈ দেবাদিদেৱ মহাদেৱ চৰণত সেৱা জনাই সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ উন্নতি সুখ-সমৃদ্ধি কামনা কৰে কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক গৰাকীয়ে। অগণন ভক্তৰ সমাগমেৰে আজি পৱিত্ৰ শিৱৰাত্ৰিত উদুলি মুদুলি হৈ …

অধিক পঢ়ক »

শিৱৰাত্ৰিৰ দিনাই আমগুৰিত চলন্ত মালবাহী ৰেলে মহতিয়ালে এজনক

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য,অসম সংবাদ:শিৱসাগৰ জিলাৰ আমগুৰি ৰেল ষ্টেচনৰ সমীপত  অঘটন। মালবাহী ৰে’লৰ চেপাত থিতাতে মৃত্যু বিজু বৰা (৩৫) নামৰ এজন যুৱকৰ। ৰেলৰ চিৰি পাৰ হওতে মহতিয়াই নিয়ে যুৱক জনক। বৰ্তমানলৈকে ঘটনাস্হলীত উপস্হিত হোৱা নাই চি আৰ পি বাহিনী ‌। প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য মতে ৰখাই থোৱা মালৱাহী ৰেল খন সন্মূখেদি যুৱকজন পাৰ হৈ যোৱা মুহূৰ্ততে ৰেলখন চলাই দিয়াত এই শোকাবহ দূৰ্ঘটনাটো সংঘটিত হয়।

অধিক পঢ়ক »

উৰিয়ামঘাটত এক শোকাৱহ পথ দুঘটনা।

সৰুপথাৰপৰা বিচিত্ৰ গোস্বামী,অসম সংবাদ: ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত অাজি এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন বাইক অাৰোহীৰ মৃত্যু হয় । প্ৰাপ্ত তথ্যমতে সৰুপথাৰ উৰিয়ামঘাট গডকাপ্তনি পথৰ ফৰেষ্ট তিনিঅালিত উৰিয়ামঘাটৰ দিশে গৈ থকা এ এচ ০৫ চি ৫৪২০ নম্বৰৰ ডাম্পাৰখনৰ লগত এখন মটৰ চাইকেলৰ নং এ এচ ০৩ কে ২৭৫৯ ৰ মুখামুখি সংঘষৰ ফলত ঘটনাটো সংঘটিত হয় ।বাইক অাৰোহী ইন্দ্ৰপুৰগাৱৰ নিবাসী মনি বসুমতাৰিৰ …

অধিক পঢ়ক »

সোণাপুৰত আজৱ ঘটনা: কবৰ খান্দি উলিওৱা হ’ল যুৱতীৰ মৃতদেহ

অসম সংবাদ,ক্ষেত্ৰী: মহানগৰীৰ সমীপৰ সোনাপুৰৰ কছুতলীত সংঘটিত হৈছে এক আজৱ ঘটনা। সোনাপুৰ আৰক্ষীয়ে কবৰ খান্দি উলিওৱাত ব্যস্ত হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। পুৱাৰে পৰা অঞ্চলটিৰ শিশুৰ পৰা বৃদ্ধ জনলৈ ভিৰ কৰিছে পুখুৰীৰ পাৰ ৷ জানিব পৰা মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল যুৱতীগৰাকী আৰু ৮ ফেব্ৰুৱাৰীত মৃত্যুক সাৱটি লয় । সেইদিনাই পৰিয়ালৰ লোকে নিজ বাসগৃহৰ পুখুৰী পাৰত জানাজা সম্পন্ন …

অধিক পঢ়ক »

জোনাইত আলি আ:য়ে লৃগাং উদ্ যাপন

অসম সংবাদ,জোনাই : আজি ফাগুন প্ৰথম বুধবাৰ।এই ফাগুনৰ প্ৰথমটো বুধবাৰতে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ উৎসৱ আলি আ:য়ে লৃগাং পালন কৰে। মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আ’য়ে” মানে ফল আৰু “লিগাং” মানে উৎসৱ । অন্যান্য প্ৰান্তৰ লগতে জোনাইতো আজি মিচিং গাঁওসমূহত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশ । গোমৰাগ চ:মান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জোনাইৰ মিচিং গাঁওসমূহত ।পুৱাৰে পৰা …

অধিক পঢ়ক »