দৈনিক সংৰক্ষণাগাৰ : February 18, 2018

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন ফাদিল কৰা শিক্ষকক চিনাক্ত

নিউজ ডেস্ক, অসম সংবাদ: শিক্ষকতাৰ নামত কলংক ৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কৰি শিক্ষকতাৰ নামত কলংক সানিলে এজন শিক্ষকে ৷ শিক্ষকজন হ’ল ওমৰ ফাৰুক । ওমৰ দক্ষিণ শালমৰাৰ ফুলেৰ চৰৰ খাদিজা জাতীয় বিদ্যালয়ৰ শিক্ষক । 8011758349 নম্বৰৰ পৰা WhatsApp যোগে ফাদিল কৰিছিত যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত । সম্প্ৰতি পলাতক অৱস্থাত অভিযুক্ত শিক্ষকজন । শিক্ষকজনৰ …

অধিক পঢ়ক »

জনাথনৰ মৃত্যুত মুখ্যমন্ত্ৰী মুকুল চাংমাৰ শোকপ্ৰকাশ

নিউজ ডেস্ক, অসম সংবাদ: সন্দেহযুক্ত জি এন এল এ উগ্ৰপন্থীৰ আক্ৰমণত নিহত মেঘালয় দক্ষিণ গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰত দুজনকৈ দেহৰক্ষীসহ নিহত হোৱা এন চি পি ৰ প্ৰাৰ্থী জনাথন এন চাংমাৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মুকুল চাংমাই ৷ সন্ত্ৰাসবাদে মেঘালয়ৰ শান্তিত বাধা জন্মাব নোৱাৰে বুলি মন্তব্য কৰে চাংমাই ৷ সন্ত্ৰাসবাদক প্ৰশয় দিয়া নহ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অধিক পঢ়ক »

দৰঙৰ ঔতলাত পথ দুৰ্ঘটনা: নিহত ১

অসম সংবাদ,মংগলদৈ: দৰঙৰ ঔতলাত এক পথ দুৰ্ঘটনা সংঘটিত হয়।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰিল তীব্ৰবেগী ট্ৰেক্টৰ। টেক্টৰখন নাম্বাৰ হল এ এছ ০১জি চি ১৯০৩। টেক্টৰৰ ছেপাত নিহত চালক বিৰাজ কলিতা। সন্ধিয়া পৰিক্ষিত নাৰায়ণ এম ই স্কুলৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনাটো।নিহত বিৰাজ কলিতাৰ ঘৰ ছয়গাৱত বুলি জানিব পৰা গৈছে ।

অধিক পঢ়ক »

লাহৰীঘাটত সাংবাদিকৰ বিৰুদ্ধে অপপ্ৰচাৰ: সাংবাদিকক ভুল পথে পৰিচালিত কৰিব বিচাৰিছিল স্থানীয় দালাল চক্ৰই

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম,অসম সংবাদ:লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাজাগাধোৱা গাঁও পঞ্চায়ত ৰূপায়িত হৈ থকা দৰিদ্ৰ লোকৰ গৃহ নিৰ্মাণৰ কামত এটা দালাল চক্ৰই বাধা দি নিজৰ স্বাৰ্থ আদায়ৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত  হৈছে। স্থানীয় এই দালাল চক্ৰটোৱে বিগত দিনত  বিভিন্ন আঁচনি ৰূপায়ন নামত লাখ লাখ টকা লুণ্ঠন কৰি অহাৰ পাছত শেহতীয়া ভাৱে এনে লুণ্ঠন কাৰ্য বন্ধ হৈ যোৱাত দালাল চক্ৰটোৱে সাংবাদিক …

অধিক পঢ়ক »

মেঘালয় নিৰ্বাচন: এন চি পি প্ৰাৰ্থীক গুলীয়াই হত্যা অাততায়ীৰ

নিউজ ডেস্ক,অসম সংবাদ: ৰক্তাক্ত হোৱাৰ দিশত মেঘালয় নিৰ্বাচন ৷ আজি সন্ধিয়া ৭-৪০ বজাত নিৰ্বাচনী প্ৰচাৰ চলাই অহাৰ পথত এন চি পিৰ প্ৰাৰ্থী জনাথন এন চাংমাৰ বাহনত আততায়ীয়ে আক্ৰমণ চলায় ৷ ফলত প্ৰাৰ্থী চাংমাসহ তেওঁৰ দেহৰক্ষী দুজনো নিহত হয় ৷ দক্ষিণ গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰত সংঘটিত হয় এই ঘটনা ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মেঘালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত …

অধিক পঢ়ক »

লখিমপুৰত বাল্যবিবাহৰ বিৰোধিতা আমছুৰঃ গোচৰ ৰুজু

অসম সংবাদ, লালুকঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ম চমুকৈ আমছুৱে বাল্যবিবাহৰ বিৰুদ্ধে আন্দোলন চলাই থকা সময়তে সংগঠনটোৰ এগৰাকী কেন্দ্ৰীয় সম্পাদক আনাৰুল ইছলামে এগৰাকী কিশোৰীৰে বিবাহপাশত আবদ্ধ হয়৷ উক্ত ঘটনাটোৱে লখিমপুৰত প্ৰতিবাদৰ জোঁৱাৰ তুলিছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সভাপতি আজিজুৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নাওবৈছা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে৷

অধিক পঢ়ক »

লক্ষীপুৰত ছাডেন ভিজিট প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ

অসম সংবাদ, লক্ষীপুৰঃ মেঘালয়ৰ টিক্ৰিকিল্লাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আজি হঠাতে লক্ষীপুৰত উপস্থিত হয়৷ লক্ষীপুৰত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় কৰ্মী আৰু সাংবাদিকৰে সৈতে মত-বিনিময় কৰে৷ লক্ষীপুৰ প্ৰেছ ক্লাবৰ সভাপতি দেলোৱাৰ হুছেইনে খহনীয়া সমস্যাৰ কথা উল্লেখ কৰি বিষয়টো বিধানসভাত উত্থাপনৰ বাবে আহ্বান জনায়৷ উল্লেখ্য যে গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটো …

অধিক পঢ়ক »

ৰঙিয়া তিনিআলিত অগ্নিকাণ্ড সংঘটিত

অসম সংবাদ, ৰঙিয়াঃ ৰঙিয়া চহৰৰ তিনিআলিৰ সমীপৰ ৭নং ৱাৰ্ডত নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়৷ স্থানীয় ৰাইজে জুই দেখা মাত্ৰকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে৷ অতি কম সময়ৰ ভিতৰত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়৷ ফলত বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে৷

অধিক পঢ়ক »

পানেৰীত ভয়ংকৰ দুৰ্ঘটনা: নিহত ১

অসম সংবাদ,ভেৰগাওঁঃ ওদালগুৰি জিলাৰ পানেৰীৰ অন্তৰ্গত কচুবিলত আজি এখন বলেৰ’ পিক আপ ভান (এ এচ ১৩ চি ৮০৬২) দুৰ্ঘটনাত পতিত হয়৷ ফলত বাহনখনত থকা ২৩ জন লোক আহত আৰু এগৰাকী মহিলা থিতাতে নিহত হয়৷ আহতসকলৰ ভিতৰত ৪ জনৰ অৱস্থা সংকটজনক৷ বাহনখনত থকা যাত্ৰীসকলে নিকটৱৰ্তী ডিমাকুছিত অনুষ্ঠিত এক ধৰ্মালোচনী সভাত অংশগ্ৰহণৰ উদ্দ্যেশ্যে আহিছিল৷ গুৰুতৰভাৱে আহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা …

অধিক পঢ়ক »

বাদুলিপাৰত মুখামুখি সংৰ্ঘষত নিহত দুই

অসম সংবাদ, কমাৰগাওঁঃ গোলাঘাট জিলাৰ দেৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰত আজি এখন এল্ট’ আৰু মটৰচাইকেল মুখামুখি সংৰ্ঘষত পতিত হয়৷ সংৰ্ঘষৰ ফলত আহত হোৱা মটৰচাইকেল আৰোহী বলোৰাম পেগু (৩৮) আৰু দেবাংগ পেগু (৩৫) ক যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে৷ মৃত বলোৰাম পেগু ৰঙামাটি মৌজাৰ দুসুঁতিমুখ আঞ্চলিকৰ মিচিং কিমাক কেবাং নামৰ সংগঠনটোৰ সভাপতি আছিল৷ দুয়োৰে …

অধিক পঢ়ক »