দৈনিক সংৰক্ষণাগাৰ : February 19, 2018

ধৰ্মপুৰত নলবাৰী জিলা বিজেপিৰ সভাপতিৰ প্ৰতিকৃতি দাহ

অসম সংবাদ, নলবাৰীঃ নলবাৰী আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ একাংশ বিজেপি কৰ্মকৰ্তাৰ অন্তৰ্কন্দল আৰম্ভ হোৱা দেখা গৈছে৷ আজি জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ মিলন চ’কত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমৰ্থকে বিজেপিৰ জিলা সভাপতি বনদ্বীপ ডেকাৰ প্ৰতিকৃতি দাহ কৰে৷ জিলা সভাপতি গৰাকীৰ স্বৈৰাচাৰী নীতিত অতিষ্ঠ হৈ দলীয় সমৰ্থক সকলে প্ৰতিকৃতি দাহ কৰে৷ কিছুদিন পূৰ্বে সংবাদমেলযোগে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পাটোৱাৰীৰ বিৰুদ্ধে বনদ্বীপ ডেকাই …

অধিক পঢ়ক »

মৈৰাবাৰীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত

অসম সংবাদ, মৈৰাবাৰীঃ মৈৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰথল দলৈগাওঁত সন্ধিয়া প্ৰায় ৮ মান বজাত এগৰাকী যুৱ ব্যৱসায়ীক ডিঙি কাটি হত্যা কৰা হয়৷ ঘটনাৰ বিৱৰণী মতে বৰথল দলৈগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ফাৰ্মাচী চলাই জীৱিকা নিৰ্বাহ কৰা মেহদি আলম ওৰফে আৰজো(৩৭) ক ফাৰ্মাচী বন্ধ কৰি ঘৰমুৱা হোৱাৰ পথত দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰে৷ বিবাহিত যুৱকজনৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ উদ্ধাৰ হোৱা নাই৷ …

অধিক পঢ়ক »

কিশোৰীক বলাৎকাৰ: অৰুণাচলৰ তেজুত কাৰাবন্দীক কাৰাগাৰৰ পৰা উলিয়াই আনি ৰাইজৰ শাস্তি

অসম সংবাদ,তিনিচুকীয়া,শদিয়া: অৰুণাচলৰ তেজুত কাৰাবন্দীক কাৰাগাৰৰ পৰা উলিয়াই আনি ৰাইজৰ শাস্তি ৷ গণ প্ৰহাৰত নিহত সঞ্জয় চৱৰ(৩০) আৰু জগদীশ লোহাৰ(৩৫) নামৰ দুজন বলাৎকাৰী কাৰাবন্দী ৷ এজনৰ ঘৰ তিনিচুকীয়া জিলাত আৰু এজনৰ শোণিতপুৰত ৷ উল্লেখ যোগ্য যে যোৱা ১২ ফেব্ৰুৱাৰীত এই দুই পাষণ্ডক এজনী কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধত পলাতক অৱস্থাত ১৭ ফেব্ৰুৱাৰীত ৱাক্ৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল …

অধিক পঢ়ক »

চেঙাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অৰাজকতা: বদলিৰ এমাহ পাৰ হোৱাৰ পিছতো চকী এৰা নাই জ্যেষ্ঠ সহায়কে

চেঙাৰ পৰা মইদুল ইছলাম,অসম সংবাদ: বদলিৰ নিৰ্দেশ পোৱাৰ পিছতো চকীখনৰ মোহ এৰিব নোখোজা এগৰাকী চৰকাৰী বিষয়াৰ কৰ্মকাণ্ডই সমগ্ৰ পুব বৰপেটাত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বদলিৰ ৪০ দিনৰ পিছতো চকী এৰিব নোখোজা এইগৰাকী বিষয়া হৈছে বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় জ্যেষ্ঠ সহায়ক ধীৰেণ শৰ্মা । প্ৰাপ্ত তথ্য মতে ,যোৱা ১০ জানুৱাৰীতেই বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰে বি পি …

অধিক পঢ়ক »

দৰঙৰ দেওমৰনৈত শিক্ষকৰ অনুপস্থিতিক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া: ১৪ বছৰে বিদ্যালয়ত উপস্থিত নথকাকৈয়ে দৰমহা ভোগ কৰি আছে শিক্ষয়ত্ৰীয়ে

অসম সংবাদ,দেওমৰনৈঃ ১৪ বছৰে বিদ্যালয়ত উপস্থিত নথকাকৈয়ে দৰমহা ভোগ কৰি আছে এগৰাকী শিক্ষয়ত্ৰীয়ে। ছিপাঝাৰ শিক্ষা খণ্ডৰ পুৱ বড়িগাঁও প্ৰাথমিক বিদ্যালয়ত এই ঘটনা।কণ কণ ছাত্ৰ ছাত্ৰী শিক্ষা দানৰ পৰা বঞ্চিত । ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে জানেনে ১৪ বছৰে বিদ্যালয়ত উপস্থিত নথকাকৈয়ে এগৰাকী শিক্ষয়িত্ৰীয়ে দৰমহা ভোগ কৰি থকাৰ কথাটো। শিক্ষয়িত্ৰী গৰাকীৰ নাম হৈছে ধৰ্মপ্ৰভা দেবী । লক্ষণীয় যে ২০০৫ চনৰে পৰা এই পৰ্যন্ত …

অধিক পঢ়ক »

ৰাষ্ট্ৰসংঘৰ বিশেষ বৈঠকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত আহোম সেনাৰ মুখ্য সেনাধ্যক্ষ অংকুৰণ ফুকন

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য,অসম সংবাদ: ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ (এছিয়া পেচিফিক) চমুকৈ ESCAPEৰ এক বিশেষ বৈঠকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰিত হৈছে অসমৰ অন্যতম জাতীয় সংগঠন আহোম সেনাৰ মুখ্য সেনাধ্যক্ষ অংকুৰণ ফুকন। ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগ( DESA) ৰ যৌথ উদ্যোগত আৰু থাইলেণ্ডৰ বেংকক চহৰত থাইলেণ্ডৰ শক্তি দপ্তৰৰ সহযোগত ২১-২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া Global preparatory meeting in support of the review …

অধিক পঢ়ক »

চিমেন চাপৰিত বাইকসহ দুজন গভাইত চোৰক আটক

অসম সংবাদ, চিমেন চাপৰি: চিমেন চাপৰি আৰক্ষীয়ে আজি দুখন নতুন পালছাৰ বাইকসহ দুজন গভাইত চোৰক এক কৌশলগত ভাৱে আটক কৰিছে। চোৰ দুজন হৈছে চিমেন চাপৰি ৩ নং নাওকাটা গাৱৰ হৰেন বড়োৰ পুত্ৰ গঙ্গাধৰ বড়ো আৰু আনজন মানিকপুৰ গাঁৱৰ কিৰন বসুমতাৰীৰ পুত্ৰ দৈদেনগিৰি বুলি জানিব পৰা গৈছে। আৰক্ষী বিষয়া মনোৰঞ্জন শইকীয়াৰ নেতৃত্ব যোৱা আৰক্ষী দলটিৰ সফলতাক স্থানীয় ৰাইজে শলাগ লৈছে।

অধিক পঢ়ক »

জালুকবাৰী সমষ্টিৰ ইটা উদ্যোগে জনজীৱনলৈ আনিছে ভাবুকি

অসম সংবাদ ,চাংসাৰি:কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলাসেন্দুৰী ঘোপা মৌজাৰ মলং,বঙলাগঁ‌ড়ত নীতি বহিৰ্ভূতভাৱে স্থাপন কৰা আঠটাকৈ ইটা উদ্যোগে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।কৃষক ৰাইজে এতিয়া অভিযোগ তুলিছে ইটা উদ্যোগকেইটাৰ মালিকপক্ষৰ বিপক্ষে।চৌকীগেটৰ পৰা পশ্চিমদিশে প্ৰায় ৫-৬ কিলোমিটাৰ নিলগত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মলং আৰু বঙলাগঁ‌ড়  গাঁ‌ৱৰ কৃষিভূমি আৰু পাঁ‌চশ বিঘাজুৰি আছে মলং গ্ৰেজিং ৰিজাৰ্ভ।এই ৰিজাৰ্ভখনৰ ওচৰতে আছে আঠটাকৈ ইটাভাতা।অভিযোগমতে …

অধিক পঢ়ক »

হোজাই শাখা সাহিত্য সভাক শ্ৰেষ্ঠ মনোনীত

অসম সংবাদ,নগাঁও: নগাঁও জিলা সাহিত্য সভাই ২০১৮-১৯ বৰ্ষৰ বাবে হোজাই সাহিত্য সভাক শ্ৰেষ্ঠ শাখা সভাৰূপে মনোনীত কৰিছে। তদুপৰি নগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় সূৰ্য কুমাৰ ভূঞা স্মাৰক বটাঁটিৰ বাবে এইবাৰ বিশিষ্ট গল্পকাৰ, প্ৰাক্তন সাংবাদিক, ঔপন্যাসিক, সাহিত্যিক পেঞ্চনাৰ ড° সাৰদানন্দ দেৱগোস্বামীক নিৰ্ব্বাচন কৰিছে। অহা ২৪ ফেব্ৰুৱাৰীত নগাঁৱত এই দুয়োটা বঁটা প্ৰদান কৰা হ’ব বুলি নগাঁও জিলা সাহিত্য সভাই ঘোষণা কৰিছে।

অধিক পঢ়ক »