দৈনিক সংৰক্ষণাগাৰ : February 21, 2018

বৰপথাৰত পথ দুঘৰ্টনা : অাহত ১

অসম সংবাদ, সৰুপথাৰ : ধনশিৰি মহকুমাৰ বৰপথাৰত অাজি নিশা ৮ বজাত এক পথ দুঘটনা সংঘটিত হয় । জানিবপৰামতে তীব্ৰবেগী এখন ৪০৭ ট্ৰাকে বিপৰীত দিশৰ পৰা অহা ক’লা ৰঙৰ ষ্টাৰ চিটি বাইক নং এ এচ ০৫ ডি ৫৪০৪ লগত হোৱা সংঘৰ্ষৰ ফলত বাইক অাৰোহীজন গুৰুতৰভাৱে অাহত হয় । বত্তৰ্মানলৈকে বাইক অাৰোহীজনক চিনাক্ত কৰিব পৰা নাই । অাহত ব্যক্তিজনক বৰপথাৰ প্ৰাথমিক চিকিৎসালয়ত …

অধিক পঢ়ক »

খুলি দিয়া হৃদয় দুৱাৰ

দিলীপ কুমাৰ উজীৰ তোমাৰ হৃদয়ত টুকুৰিয়াই ভাগিব খুজিছো তোমাৰ চিলমিল নিদ্ৰা জাগ্ৰত কৰিব খুজিছো তোমাৰ কাব্যিক সত্বা প্ৰসাৰিত কৰিব খুজিছো আকাশ চুব পৰা মন তোমাৰ সীমিত আকাংক্ষা আজুৰি পেলাব খুজিছো তোমাৰ সাংসাৰিক বৈৰাগ্যতা উন্মুক্ত কৰিব খুজিছো সাগৰ সদৃশ বিশালতা আল্পনা কৰিব খুজিছো তোমাৰ কপালত এটি সূৰ্য্য ৷

অধিক পঢ়ক »

কামৰ বোজা সহ্য কৰিব নোৱাৰি শিক্ষকৰ আত্মহত্যা

অসম সংবাদ, সোণাপুৰ: কামৰ বোজা সহিব নোৱাৰি এজন শিক্ষকে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিক্ষকজন হ’ল নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক সুভাস চন্দ্ৰ কলিতাৰ । নিশাৰ ভাগত ঘৰৰ বাৰীৰ পাছফালৰ এজোপা গছত ছিপ লৈ আত্মহত্যা শিক্ষকজনে । বিগত এমাহ ধৰি BLO আৰু NRC কামৰ অতিৰিক্ত বোজা জাপি দিছিল সোনাপুৰৰ চক্ৰ বিষয়াই ৷ অৱশেষত কালি কামৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ …

অধিক পঢ়ক »

দলগাঁওত উন্নতমানৰ হাইব্রীড বীজৰ মাকৈৰ খেতিৰে স্বাৱলম্বী দৰিদ্ৰ খেতিয়ক

অসম সংবাদ, খাৰুপেটিয়া: দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অন্তৰ্গত খাৰুপেটীয়াৰ নিকটৱৰ্তী বৃহত্তৰ মাগুৰমাৰী চৰাঞ্চলৰ খেতিয়ক সকলৰ মাজত বৈজ্ঞানিক পদ্ধতিৰে উন্নতমানৰ হাইব্রীড বীজৰ এডভেন্টা কোম্পানীৰ পি এ চি ৭৫১ মাকৈৰ খেতি জৰিয়তে কৃষক সকলে আৰ্থিক উপাৰ্জনৰ ক্ষেত্রত অধিক লাভবান হোৱা দেখা যায় । এডভেণ্টা কোম্পানীৰ কৰ্মকৰ্তা সকলে খেতিয়কৰ মাজত অধিক সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে মাগুৰমাৰী (চৰ)ৰ চ’ক বজাৰত বিশিষ্ট সমাজকৰ্মী আব্দুল …

অধিক পঢ়ক »

গুৱাহাটীত অঘটন: দুৰ্বৃত্তৰ গুলীচালনাত নিহত ১

নিউজ ডেস্ক, অসম সংবাদ: গুৱাহাটীত অঘটন ৷ হাতীগাঁওৰ কৈলাস নগৰত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত এজন লোক নিহত ৷ লোকজনৰ নাম হেমন্ত চাওচৰীয়া ৷ হাতীগাঁও-বেলতলা সংযোগী পথত এই ঘটনা সংঘটিত হৈছে ৷ পালচাৰ বাইকত আহিছিল দুৰ্বৃত্ত। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য ৷ স্বাভাৱিকতে গুৱাহাটী মহানগৰীত আৰক্ষীৰ তীব্ৰ পহৰাৰ মাজতে ফুট গধূলিতে সংঘটিত হোৱা ঘটনাটোৱে আৰক্ষীৰ দুৰ্বলতা প্ৰকাশ কৰিছে ৷

অধিক পঢ়ক »

বিদেশী ন্যায়াধীকৰণ আদালতৰ ৰহস্যজনক ৰায়দান: স্বদেশী পিতৃৰ কন্যাক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান,অসম সংবাদ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ৰঙ্গেশ্বৰী গাঁৱত এগৰাকী মহিলাক বিদেশী ন্যায়াধিকৰণ আদালতে স্বদেশীক বিদেশী সজোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙ্গেশ্বৰী গাঁৱৰ আব্দুৰ ৰশিদৰ পত্নী মমতাজ বেগমক(৪২)ক আদালতে বিদেশী বুলি ঘোষনা কৰি ডিটেনচন কেম্পলৈ পঠিয়াই দিয়ে ।মমতাজ বেগমৰ পিতৃ ছবুৰ আলীৰ ঘৰ বকো সমষ্টিৰ …

অধিক পঢ়ক »

তেজপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থী সংগঠন HPDৰ মুখ্য সেনাধ্যক্ষ

নিউজ ডেস্ক,অসম সংবাদ: তেজজপুৰত গ্ৰেপ্তাৰ হ’ল হামাৰ্চ পিপল ডেমক্ৰেটিক নামৰ উগ্ৰপন্থী সংগঠনৰ মুখ্য সেনাধ্যক্ষ ৷ তেজপুৰ অাৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত তেজপুৰ ধনোৱা নগৰৰ এটা গৃহৰ পৰা HPC(D) সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ লাল মিনথাং চানাটেক গ্ৰেপ্তাৰ কৰে। চানাটে মেঘালয়ৰ এন চি পিৰ প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে।

অধিক পঢ়ক »

সৰভোগত শোকাৱহ দুৰ্ঘটনাঃ অৱসৰ প্ৰাপ্ত সেনা জোৱানৰ মৃত্যু 

অসম সংবাদ,সৰভোগ:সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিম বৰনগৰত আজি ৰাতিপুৱা এক শোকাৱহ দূৰ্ঘটনা সংঘটিত হয়। ৰাতিপুৱা প্ৰায় ৮-৩০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী ভিতালী দাস আৰু দেউতাক প্ৰবীন দাসে বাইকেৰে পৰীক্ষা কেন্দ্ৰলৈ আহি আছিল। তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথত কোকৰাঝাৰৰ পৰা আহি থকা এ এছ ১৯ এ চি ০১১৯ নম্বৰৰ বলেৰ গাড়ী এখনে পিছ ফালৰপৰা এ এছ১৫ বি ৬৭৩৮ নম্বৰৰ হিৰো হোন্দা বাইক …

অধিক পঢ়ক »

মৰাণত ভয়ংকৰ অগ্নিকাণ্ড

অসম সংবাদ,মৰাণ:মৰাণৰ খেলমাটিত ব্যৱসায়ী নাছিৰ উদ্দিন আহমেদৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড।সন্ধিয়া প্ৰায় ৬-৩০ বজাত হোৱা ভয়কৰ অগ্নিকাণ্ডত জুইত জাহ গ’ল সম্পূৰ্ণ বাসগৃহ । বিদ্যুতৰ ছট চাৰ্কিটৰ ফলত এফ্ৰিজেটৰ পৰা জুই সুত্ৰপাত ঘটে। দুটাকৈ গেছ চিলিণ্ডাৰ অগ্নিকাণ্ডত বিস্ফোৰণ ঘটাত অঞ্চলটোত আতংকময় পৰিবেশ সৃষ্টি হৈছে।মৰাণ তিলৈনগৰস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰে যদিও জুই লেলিহান শিখা পৰা ৰক্ষা কৰিব নোৱাৰিলে কোনো সা-সমগ্ৰী। …

অধিক পঢ়ক »

ৰাজ্যপাল জগদ্বীশ মুখীৰ গোৱালপাৰা ভ্ৰমণ

অসম সংবাদ,গোৱালপাৰা: ৰাজ্যপাল জগদ্বীশ মুখীয়ে আজি ভ্ৰমন কৰে গোৱালপাৰা চহৰ । ৰাতিপুৱা ১০:৩০ বজাত গোৱালপাৰা চহৰত প্ৰৱেশ কৰি পুৰনি আৱৰ্ত ভৱনত কিছু সময় জিৰনি লয় ৰাজ্যপালগৰাকীয়ে। তাৰ পৰা পোনে পোনে  চহৰৰ কেইবাখন শৈক্ষিক প্ৰতিষ্ঠানৰ লগতে পৰিদৰ্শন কৰিলে গোৱালপাৰা অসামৰিক চিকিৎসালয়। চিকিৎসালয়খনৰ চৌদিশৰ পৰিৱেশ আৰু পৰিচ্ছন্নতাৰ লগতে চিকিৎসক- নাৰ্ছ আৰু ৰোগীসকলৰ পৰিস্থিতিৰ বুজ লয় । তাৰ পৰাই পুনৰ পুৰণি আৱৰ্ত্ত ভৱনত ক্ষন্তেক সময় …

অধিক পঢ়ক »