দৈনিক সংৰক্ষণাগাৰ : February 22, 2018

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইত হাৰেজ আলীক

অসম সংবাদ,বৰভাগ: পশ্চিমবংগৰ শিলিগুৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল কুখ্যাত ডকাইত হাৰেজ আলী।শিলিগুৰি থানাত ৰুজু হোৱা ৯০/২০১৮ গোচৰ নম্বৰ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত আজি আলীক শিলিগুৰি আৰক্ষীয়ে কমাৰকুছি আৰু নলবাৰী আৰক্ষীৰ সহযোগত বৰভাগৰ ৰাইমাধাস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।উলেখ্য যে বিগত দহ ফেব্ৰুৱাৰী তাৰিখে পশ্চিমবংগৰ শিলিগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ধমান পথৰ সমীপত থকা এটি পেট্ৰোল পাম্পৰ পৰা ১৫ লাখ …

অধিক পঢ়ক »

চেলেংহাটৰ ৰাজহুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ

অসম সংবাদ, জাঁজীঃ যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ সমীপৰ কলিয়াপানীৰ এটা ৰাজহুৱা পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷ মৃতদেহটো অঞ্চলটোৰ নৰেন নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হৈছে৷ কি কাৰণে যুৱকজনৰ মৃত্যু হ’ল তাক সম্প্ৰতি জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷

অধিক পঢ়ক »

যোগীঘোপাত তীৰৰ ঘাটি উচ্ছেদ: আটক ৪ তীৰ এজেন্ট

অসম সংবাদ, যোগীঘোপা: যোগীঘোপাত অবৈধ তীৰৰ ঘাটি উচ্ছেদ । যোগীঘোপাৰ চলন্তাপাৰাৰ পৰা আৰক্ষীয়ে আটক কৰে চাৰি এজেণ্টক । আটকাধীন কেইজনক্ৰমে- জুৰান আলী, জয়ন্ত মালো, অনিল ৰায় , আকিদুল হ’ক । আৰক্ষীয়ে বুজন পৰিমাণৰ তীৰৰ বহী ,মোবাইল ফোন,নগদ ধন জব্দ কৰে । উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ পেগুৰ নেতৃত্বত যোগীঘোপা আৰক্ষীৰ সহযোগত আটক কৰে ।

অধিক পঢ়ক »

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা ছাত্ৰ সন্থাই ৰং ভাবনা অনুষ্ঠানৰ আয়োজন কৰে৷ নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, নৱ নিৰ্বাচিত আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, ছাত্ৰ সংগঠনটোৰ নলবাৰীৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, ছাত্ৰ …

অধিক পঢ়ক »

নলবাৰীত গুৰুজী আদ্য শৰ্মাৰ স্মৃতি দিৱস: বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক ২০১৮ বৰ্ষৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান

অসম সংবাদ ,নলবাৰী: গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট নাট্য শিল্পী দুলাল ৰয়ক আজি ২০১৮ বৰ্ষৰ জীৱন শিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰা হয় । নলবাৰী আৰ্ট স্কুলৰ বাকৰিত আয়োজিত গুৰুজী আদ্য শৰ্মাৰ স্মৃতি দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে নলবাৰী আৰ্ট স্কুলৰ বিষয় ববীয়া সকলে।বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বিশিষ্ট নাট্য শিল্পী তথা অসম নাট্য …

অধিক পঢ়ক »

মাটিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ

অসম সংবাদ,মাটিয়া:কৃষক মুক্তি সংগ্ৰাম সমিতি, গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত আজি মাটিয়াত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। ভূমি হীন লোকক ভূমি পট্টা প্ৰদান,২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা,চৰকাৰী সকলো বিভাগতে চলি অহা দুৰ্নীতি বন্ধ কৰা আৰু ৪৬ নং ৰাজ্যিক ঘাইপথ দুধনৈ- পঞ্চৰত্ন পথ নিৰ্মাণৰ কাম সম্পন্ন কৰাৰ দাৱীত দিনৰ ১১বজাত মাটিয়া ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰে।প্ৰতিবাদী কাৰ্যসূচীত এক সমদল উলিওৱা হয়।এই …

অধিক পঢ়ক »

৭ দিনৰ ভিতৰত মদমুক্ত হ’ব মৈৰাবাৰী: আৰক্ষীৰ জৰুৰী সভা

মৈৰাবাৰীৰ পৰা তাৰিকুল ইছলাম,অসম সংবাদ: মৰিগাও জিলাৰ মৈৰাবাৰীত বিগত কিছু দিন ধৰি বৃদ্বি পাই অহা অপৰাধজনিত ঘটনাসমূহৰ কাৰন উদ্ঘাটন কৰিবলৈ আজি মৈৰাবাৰীত মৰিগাও আৰক্ষীৰ নিৰ্দেশত এখনি জৰুৰী সভা অনুষ্ঠিত হৈ যায়। থানাখনৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাখনৰ উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মৃন্ময় গোস্বামীয়ে। সভাখনত অঞ্চলটোৰ কেইবাগৰাকী ব্যক্তিয়ে অঞ্চলটোত প্ৰচলন থকা অসামাজিক কাৰ্যকলাপ সমূহৰ …

অধিক পঢ়ক »

হোজাইত গুলীচালনা: আহত ১

হোজাইৰ পৰা ৰাজীৱ দাস,অসম সংবাদ: হোজাইত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাত আহত হল আব্দুল কাদিৰ নামৰ এজন লোক। লোক জনে বজাৰৰ পৰা আহমেদ নগৰ অভিমুখে গৈ থকা অৱস্থাত দুজন অচিনাকি হেলমেত পৰিহিত ব্যক্তিয়ে নম্বৰ প্লেট বিহীন পালচাৰ বাইকত আহি আব্দুল কাদিৰক লক্ষ কৰি গুলীচালনা কৰে। ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ পলায়ন ঘটনাস্থলীৰ পৰা। আহত আব্দুল কাদিৰক সংকতজনক অৱস্থাত হোজাই হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা …

অধিক পঢ়ক »

শিৱসাগৰত সাংবাদিক আক্ৰমণ: গৰিহনা শিৱসাগৰ প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছনৰ

জাঁজীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য,অসম সংবাদ: শিৱসাগৰ নগৰৰ মাজ মজিয়াত যোৱা নিশা কৰ্তব্যৰত অৱস্থাত থকা ডি,ৱাই ৩৬৫ ৰ শিৱসাগৰস্থ সাংবাদিক ভাস্কৰজ্যোতি দাসৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহনা দিছে শিৱসাগৰ জিলা প্ৰেছ কৰেছপণ্ডেন্টছ এছোচিয়েছনে। এছোচিয়েছনৰ সভাপতি ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য আৰু সম্পাদক শংকৰজ্যোতি শইকীয়াই প্ৰকাশ কৰা এক প্ৰেছ বৃবিতিত সাংবাদিক ভাস্কৰজ্যোতি দাসৰ ওপৰত হোৱা আক্ৰমনৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক দৃষ্টান্ত …

অধিক পঢ়ক »

ৰেল বিভাগৰ হেমাহিত বনৰীয়া হাতীৰ মৃত্যু: ৰেলৰ চালক, ডিআৰএমসহ চাৰিজনৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ ৰুজু

হোজাইৰ পৰা ৰাজীৱ দাস অসম সংবাদ: চলিত বৰ্ষৰ দহ ফেব্ৰুৱাৰী তাৰিখে ৰেলৰ খুন্দাত হোজাইৰ হাৱাইপুৰত হাতীৰ মৃত্যুৰ কৰুণ ঘটনা সন্দৰ্ভত বন বিভাগৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিল ৰেলৱে বিভাগৰ হেমাহিৰ তথ্য ৷ আজি দক্ষিন নগাঁও বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয় আয়োজিত সংবাদ মেলত এই তথ্য সদৰি কৰে ডিএফঅ ছফিকুৰ ৰহমানে ৷ বিষয়া গৰাকীয়ে উল্লেখ কৰামতে, চলিত বৰ্ষৰ দহ ফেব্ৰুৱাৰীত একেলগে পাঁচটাকৈ বনৰীয়া …

অধিক পঢ়ক »