যুগৰ পৰিৱৰ্তন! ৱাটছএপ, মেছেঞ্জাৰে ল’লে গ্ৰীটিংছ কাৰ্ডৰ ঠাই

প্ৰাঞ্জল প্ৰতিম বৰা,বালিপৰা

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভিনৱ আৱিষ্কাৰ হোৱাটছএপ, মেচেঞ্জাৰৰ গ্ৰাসত পৰি নৱবৰ্ষৰ প্ৰাকক্ষণত নষ্টালজিয়াত পৰিণত হৈছে গ্ৰীটিংছ কাৰ্ডবোৰ । নৱবৰ্ষত প্ৰিয়জনক সুন্দৰ লেখাৰ যোগেদি নতুন বছৰটো মংগলময় হোৱাৰ কামনা কৰি পূৰ্বতে মানৱে হাতত তুলি লোৱা গ্ৰীটিংছ কাৰ্ড এতিয়া বিলুপ্তিৰ পথত । এখন আটকধুনীয়া, অৰ্থপূৰ্ণ গ্ৰীটিংছ কাৰ্ড বিচাৰি পূৰ্বতে হাবাথুৰি খোৱা প্ৰতিজন ব্যক্তিয়ে এতিয়া নিজৰ এনড্ৰইড মোবাইলৰ সহায়ত হোৱাটচএপ, ফেচবুক, মেছেঞ্জাৰৰ যোগেদিয়েই নৱবৰ্ষৰ কামনাবাৰ্তা প্ৰেৰণ কৰাটোৱেই এতিয়া বাস্তৱ সত্য । পূৰ্বতে ডিচেম্বৰ মাহৰ মাজভাগৰ পৰাই দোকানত গ্ৰাহকে বিভিন্ন ৰঙৰ বিভিন্ন শুভেচ্ছাবাণী সঁচিত ভিন্ন মূল্যৰ গ্ৰীটিংছ কাৰ্ডবোৰ কিনিবলৈ হেতা-ওপৰা লগোৱা দৃশ্য এতিয়া তেনেই দুৰ্লভ হৈ পৰা পৰিলক্ষিত হৈছে । বিজ্ঞানে চাহিদা হ্ৰাস কৰা গ্ৰীটিংছ কাৰ্ডৰ বাবে এতিয়া কোনো গ্ৰাহকে দোকানত আবদাৰ নকৰে বুলি বালিপৰা দোকানীসকলে জানিবলৈ দিছে । যিদৰে চিঠিৰ স্থান ইলেকট্ৰনিক সামাজিক যোগাযোগ মাধ্যমসমূহ ল’লে ঠিক তেনেদৰে গ্ৰীটিংছ কাৰ্ডকো ঠেলি নিলে অতীতলৈ ।

মন্তব্য

পঢ়িব পাৰে

ৰেচিপি: চুজিৰ পায়স

ৰিমা বৰা চুজীৰ পায়স বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰী সমূহ হ’ল ১/ চুজী ২/ গাখীৰ ৩/ …