ঔ টেঙাৰ আচাৰ

অপূৰ্ব দাস

অসমত ঔ টেঙাৰ আচাৰ বহু জনপ্ৰিয় ৷ 
ইয়াৰ বৈজ্ঞানিক নাম Dillenia indica আৰু ইংৰাজীত Elephant Apple বোলে৷ ইয়াৰ বহু ঔষধি গুণ আছে ৷ পেটৰ ৰোগ যেনে- নিমখৰ লগত ঔ খালে  পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ সমস্যা দূৰ হয় ৷ মূৰত উফি হ’লে ঔটেঙাৰ বিজলেৰে মূৰ ধুলে ভাল হ’য়৷ ঔ টেঙাৰ আঞ্জাৰ সোৱাদ আমি অসমীয়াই হ’য়তো কেতিয়াও নাপাহৰিম ৷ এনে এবিধ ঔষধি টেঙা ফল যদি আচাৰ হয় ; তেনেহ’লে বহু তৃপ্তি আৰু আনন্দ নহ’বনে ?

আচাৰ তৈয়াৰ কৰিবলৈ লাগিব – দুটি ঔ টেঙা,
নিমখ ৩০০ গ্ৰাম , ৩ চামোচ পাঁচ ফোড়ণ, জীৰা গুড়ি ১ চামোচ, আজৱাইনৰ গুড়ি ৩-৪ চামোচ, হালধী ৩-৪ চামোচ, ধনিয়া পাউদাৰ ২ চামোচ, ৪ টা নহৰু বতা , আদা বতা, জলকীয়াৰ গুড়ি ৫ চামোচ, কেঁচা বা শুকাণ জলকীয়া,সৰিয়হ বতা ২০০ গ্ৰাম , মিঠা তেল আধা লিটাৰ আৰু ২০০ মিলি লিটাৰ ভিনেগাৰ ৷
আচাৰ বনোৱা পদ্ধতি : ঔ টেঙা কেইটা ভালদৰে কাটি ভিতৰৰ বিজলুৱৰ অংশ পেলাই দিব৷ নিজৰ পচন্দৰ আকাৰত সৰুকৈ কাটি ভালদৰে ধুব আৰু ২০ মিনিট সময় পানীত সিজাই ল’ব৷ সিজিলে উলিয়াই লৈ ৪ ঘন্টা ৰ’দত শুকুৱাই লোৱাৰ পাছত নিমখ সানি এৰাতি থৈ দিব ৷ দ্বিতীয় দিনা ঔটেঙাত ভিনেগাৰ ২০০ মিলি লিটাৰ সানিব আৰু ২ ঘন্টা থৈ দিব৷ এতিয়া এটা কেৰাহিত তেল গৰম কৰিব৷ তেলত সকলো মচলা,হালধি, জলকীয়াৰ গুড়ি, আদা বতা, নহৰু বতা, নিমখ ৩-৪ চামোচ আৰু জলকীয়া কেইটা দিব৷ এতিয়া ঔটেঙা খিনি গৰম তেলত দি ১০ মিনিট সময় জুইত ৰাখি লৰাই থাকিব৷ যদি আপুনি মিঠা খাই ভাল পায় তেনেহ’লে গুৰ ৫০০ গ্ৰাম দি লৰাই থাকিব৷ সোৱাদৰ বাবে ওলপ গৰম মচলাও দি নমাই থব৷ ঠাণ্ডা হ’লে পাত্ৰত ভৰাই  এসপ্তাহ ঢাকনি নোখোলাকৈ ৰাখিব আৰু ৰ’দত দি থাকিব৷ 
আলহী আহিলে ভাত বা পৰঠাৰ লগত খাবলৈ দিবচোন ; আপোনাৰ প্ৰশংসাত পঞ্চমুখ হ’ব৷

মন্তব্য

পঢ়িব পাৰে

আপুনি জানেনে? চালানী আম কিমান মাৰাত্মক

ডাঃ মনোজ কুমাৰ শইকীয়া চালানী আম বজাৰত আগতীয়াকৈ ওলালে দাম বেছি হয় । এই দামী …