চুঙা পিঠা আৰু নাৰিকলৰ লাড়ু

অপূৰ্ব দাস

পথাৰৰ সোণ গুটি চপাই ভঁৰালত থোৱাৰ পাছতেই আমাৰ অতি আদৰৰ ভোগৰ বিহু ভোগালী বা মাঘ বিহু আহি নঙলামুখ পায়হি৷
এই বিহু পিঠা আৰু লাড়ুৰ অবিহনে অসম্পূৰ্ণ ৷ দোমাহীৰ দিনা পুৱা গা-পা ধুই উঠি মেজিৰ উম লৈ লৈ পিঠা আৰু অন্য জলপানৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া ৷ সেয়েহে এইবাৰৰ ভোগালী বিহুটি পালন কৰিবলৈ মই আগবঢ়াইছো দুবিধ অসমীয়া জলপান –

চুঙা পিঠা : কুমলীয়া বাঁহৰ চুঙা বনাই ল’ব৷ জহা চাউল বা বৰা চাউলৰ পিঠা গুড়িত গুৰ, গাখীৰ, ঘী , কিচমিচ, বাদামৰ গুড়ি, চেনী আৰু ৰোকা নাৰিকল মিহলি কৰি ঘোল বনাই লৈ বাঁহৰ চুঙা কেইটাত ভৰাই ধান খেৰেৰে সোঁপা বন্ধ কৰি জুইৰ ওপৰত ৰাখিব লাগে৷ চুঙা কেইটা মাজে মাজে ওলোটাই দি থাকিব লাগে৷ যেতিয়া সিজিব নিজে নিজেই সোঁপা খোল খাব৷

নাৰিকলৰ বগা লাড়ু
উপকৰণ : এটা ৰোকা নাৰিকল, চেনী ৬০০ গ্ৰাম ৷
প্ৰণালী : ৰোকা নাৰিকল খিনিৰ পৰা চেপি ৰস উলিয়াব আৰু ৰ’দত ১০-১৫ মিনিট ৰাখিব৷
এতিয়া এটা পৰিস্কাৰ এলুমিনিয়ামৰ কেৰাহি গৰম হ’বলৈ দিব৷ নাৰিকলৰ অলপ ৰস কেৰাহিত দিব আৰু চেনীখিনি দি চিৰাপ তৈয়াৰ কৰিব৷ গোটা ঘোল নোহোৱালৈকে লৰাই থাকিব৷ গোটা ঘোল হলে জুই কমাই দিব আৰু ৰোকা নাৰিকল খিনি দি লৰাই থাকিব৷ আঠাৰ দৰে লাগি ধৰিলে নমাই লৈ ওলপ ঠাণ্ডা হ’বলৈ দি লাড়ু তৈয়াৰ কৰিব৷

মন্তব্য

পঢ়িব পাৰে

পক্ষীৰ কাকলিত মুখৰিত তিনিচুকীয়াৰ ‘মাগুৰি মটাপুং বিল’

মাইনু মৰাণ ঋতু পৰিবৰ্তনৰ লগে লগে ধৰাৰ বুকুলৈ নামি আহিল ‘শীত’। শীতৰ আমেজেই সুকীয়া । …