“বেয়া কবিতা”ৰ সপক্ষে

হোমেন বৰগোহাঞি

“বেয়া কবিতা”ৰ সপক্ষে মই এষাৰ মাত মাতিব লগা হৈছে, কাৰণ বেয়া কবিতাৰ প্ৰেৰণাৰ উৎস বোলে স্বয়ং মই৷ মই আত্মপক্ষ সমৰ্থন কৰি জীৱনত কেতিয়াও এষাৰো কথা কৈ পোৱা নাই৷ সকলো ধৰণৰ নিন্দা, সমালোচনা আৰু গালি-শপনি হজম কৰাৰ শক্তি মোৰ ইমান বেছি যে তাকে দেখি মই নিজেই অতি আচৰিত হওঁ৷ মোৰ হজমি শক্তিৰ দৰে মোৰ ইতিহাস-চেতনাও অতি প্ৰবল৷ মোৰ অধ্যয়নে মোক এই কথা শিকাইছে যে কোনো প্ৰকৃত প্ৰতিভাক কোনো যুগতে নিন্দাই ধ্বংস কৰিব পৰা নাই, বা প্ৰশংসায়ো কোনো প্ৰতিভাহীন মানুহক প্ৰতিষ্ঠা দিব পৰা নাই৷ প্ৰত্যেকজন শিক্ষিত মানুহেই এনেকুৱা বহুতো উদাহৰণ মুখস্থ মাতিব পাৰে৷ গতিকে চূড়ান্ত বিচাৰ কালৰ হাতত এৰি দিয়াই ভাল৷ আজি বেয়া কবিতাৰ সপক্ষে মাত মাতিবলৈ গৈ মই আত্মপক্ষ সমৰ্থন কৰিব খোজা নাই বা সমালোচনাৰো উত্তৰ দিব খোজা নাই৷ কিন্তু “বেয়া কবিতা” মই কিয় প্ৰকাশ কৰোঁ তাৰ কাৰণ ব্যাখ্যা কৰি দু-আষাৰ কোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ৷
কিন্তু সেই ব্যাখ্যালৈ যোৱাৰ আগতে মই আন এটা কথা উত্থাপন কৰিব খুজিছোঁ৷ দুজনমান কৰিয়ে ঘৃণাত মুখ কোঁচাই উচ্চস্বৰে ঘোষণা কৰিছে যে সম্প্ৰতি তৃতীয় শ্ৰেণীৰ কবিৰেই অসম ভৰি গৈছে৷ নিজকে প্ৰথম শ্ৰেণীৰ কবি বুলি নভবাকৈ কোনো কবিয়ে জানো আনক তৃতীয় শ্ৰেণীৰ কবি বুলি উপহাস কৰিব পাৰে? তৃতীয় শ্ৰেণীৰ নিকৃষ্ট কবিতা নপঢ়িলেই হ’ল; কিন্তু আনক তৃতীয় শ্ৰেণীৰ কবি বুলি কৈ প্ৰকাৰান্তৰে নিজকে প্ৰথম শ্ৰেণীৰ কবি বুলি জাহিৰ কৰিব খোজা প্ৰয়াসৰ মাজত কিছু দাম্ভিকতা বা অসৌজন্য ফুটি নুঠেনে? বেয়া কবিতা যিমান আপত্তিজনক, সুৰুচি আৰু সৌজন্যৰ অভাৱো ঠিক সিমানেই আপত্তিজনক নহয়নে?
বিখ্যাত বাঙালী লেখক সুনীল গংগোপাধ্যায়ৰ লেখাৰ প্ৰাচুৰ্য বিস্ময়কৰ৷ খুব বেছি লিখা মানুহৰ কলমৰ পৰা সদায় সমান ভাল লেখা ওলাই থকাটো সম্ভৱ নহয়৷ বহুত বছৰৰ আগতে কবি আৰু ঔপন্যাসিক প্ৰেমেন্দ্ৰ মিত্ৰই “দেশ”ত লিখিছিল যে সুনীলে পানীৰ নলীটো সকলো সময়তে খুলি থয়; ফলত বহুত সময়ত ভাল পানীৰ লগতে বোকাপানীও বাহিৰ হৈ আহে৷ ঠিক তেতিয়াই নহ’লেও পিছৰ কোনোবা এটা সময়ত সুনীল গংগোপাধ্যায়ে কৈছিল যে বেয়া লেখাৰ কাৰণে তেওঁ অকণো লজ্জিত নহয়, কাৰণ বেয়া লেখাই পৃথিৱীৰ কাৰো অপকাৰ কৰাৰ কথা তেওঁ শুনা নাই৷
সম্পাদক হিচাপে ময়ো ক’ব খোজোঁ যে মোৰ দ্বাৰা সম্পাদিত বাতৰি কাকত বা আলোচনীত প্ৰকাশ হোৱা নিম্নমানৰ কবিতাবোৰে কাৰো একো অপকাৰ কৰাৰ আশৎকা নাই; বৰং সি কিছুমান মানুহৰ উপকাৰ কৰাৰ আশাহে বেছি৷ আজিকালি কিমান ডেকা-গাভৰুৱে ইণ্টাৰনেটত পৰ্ণগ্ৰাফি উপভোগ কৰাৰ পৰা আৰম্ভ কৰি বাৰ ৰেষ্টুৰেণ্টত পান-ভোজন কৰালৈকে কত বিচিত্ৰ জীৱন-বিনাশী বিলাস-ব্যসনত যৌৱনৰ সৰ্বোত্তম সময়খিনিৰ অপচয় কৰে; তেওঁলোকৰ ভিতৰৰে কিছুমান ডেকা-গাভৰুৱে যদি শব্দৰ লগত খেলা কৰি আৰু জীৱন আৰু প্ৰকৃতিৰ ৰূপ ধ্যান কৰি নিৰলে কিছু সময় কটাব খোজে, আৰু তাকে কৰিবলৈ তেওঁলোকৰ “বেয়া কবিতা” প্ৰকাশ কৰি মই তেওঁলোকক অলপমান উৎসাহ দিওঁ, সেইটোকে সঁচাকৈয়ে এতা নিন্দনীয় অপৰাধ বুলি গণ্য কৰাটো উচিত হ’বনে? মাদক-দ্ৰব্য বা পৰ্ণগ্ৰাফিত মতলীয়া হৈ থকা বা দুৰন্ত গতিত এখন মটৰ চাইকেল চলোৱাটোকেই জীৱনৰ চূড়ান্ত সাৰ্থকতা বুলি ভবা ডেকা-গাভৰু বোৰতকৈও প্ৰেয়সী বা প্ৰকৃতিৰ ৰূপ ধ্যান কৰি “বেয়া কবিতা” লিখা ডেকা গাভৰুসকল বেছি নিন্দাযোগ্য নেকি?
যি সকল শ্ৰেষ্ঠ কবিয়ে এই নিকৃষ্ট কবি বা অকবি সকলক সহ্য কৰিব নোৱাৰা হৈছে তেওঁলোকক সুধিব লগা আৰু এটা প্ৰশ্ন আছে৷ তেওঁলোকৰ কেইজন যুগজয়ী কবি হৈ থাকিব? আধুনিক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কবিৰূপে খ্যাত আৰু ন’বেল বঁটাৰে সন্মানিত ৰবীন্দ্ৰনাথ’ ঠাকুৰৰ কবিতা নতুন যুগৰ বেছিভাগ বাঙালী ল’ৰা-ছোৱালীয়েই নপঢ়ে৷ তেওঁলোকৰ মুখত শক্তি-সুনীল বা জয় গোস্বামীৰ কবিতা যিমান আখৈ ফুটাদি ফুটে, তাৰ তুলনাত ৰবীন্দ্ৰনাথৰ কেইফাঁকি কবিতা তেওঁলোকে মনত পেলাব পাৰে? শক্তি চট্টোপাধ্যায়ো এতিয়া বিস্মৃতপ্ৰায় হ’বলৈ আৰম্ভ কৰিছে৷ আচলতে মুষ্টিমেয় কেইজনমান মহান কবিক বাদ দি বেছিভাগ কবিয়েই ছিজন ফ্লাৱাৰ বা বতৰীয়া ফুল মাত্ৰ৷ এতিয়া নিজকে শ্ৰেষ্ঠ বুলি ভাবি গৰ্ব কৰা আৰু তৃতীয় শ্ৰেণীৰ কবিসকলক চৰম অৱজ্ঞাৰ দৃষ্টিৰে চোৱা অসমীয়া কবিকেইজনো তাৰ ব্যতিক্ৰম নহয়৷ বাণীকান্ত কাকতিয়ে ৰঘুনাথ চৌধাৰীক ঊনৈশ শতিকাৰ শেষাৰ্ধৰ আৰু যতীন্দ্ৰনাথ দুৱৰাক কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া কবি বুলি ৰায় দিছিল৷ একমাত্ৰ পাঠ্যপুথিত বাধ্য হৈ পঢ়া তেওঁলোকৰ কবিতা কেইটাৰ বাহিৰে কেৱল হৃদয়ৰ প্ৰয়োজনত আজিকালিৰ ডেকা-গাভৰুৱে তেওঁলোকৰ কবিতা পঢ়িবলৈ আগ্ৰহ অনুভৱ কৰেনে? আৰু মাত্ৰ কেইবছৰমানৰ পিছতে বৰ্তমান যুগৰ শ্ৰেষ্ঠ কবি বুলি বৰাই কৰা কবি কেইজনৰো একেই দশা নহ’বনে?
আচলতে প্ৰতিটো যুগতেই কেইজনমান প্ৰধান কবিৰ বাহিৰেও অসংখ্য নগণ্য কবিয়ে বিশেষকৈ আলোচনীবোৰৰ পৃষ্ঠা বিস্মৰণযোগ্য কবিতাৰে ভৰাই ৰাখে৷ ”জোনাকী”ৰ পৰা আৰম্ভ কৰি “সাতসৰী”লৈকে তাৰ ব্যতিক্ৰম হোৱা নাই৷ কেৱল বিশাল বনস্পতিক লৈ এখন বিচিত্ৰ ৰূপময় অৰণ্য গঢ় লৈ উঠিব নোৱাৰে; গচকত মৰা ঘাঁহ-বনেও অৰণ্যৰ শোভা বৃদ্ধি কৰাত এটা ডাঙৰ ভূমিকা লয়৷ কিছুমান কবিৰ কবিতা বেয়া হ’ব পাৰে; কিন্তু তেওঁলোকৰ হৃদয়বোৰ সুন্দৰ৷ অন্তত: কবিতা লিখি থকাৰ সময়ত তেওঁলোকৰ হৃদয় খন্তেকৰ কাৰণে হ’লেও অলপ সুন্দৰ হয়৷ অপাঠ্য বুলি ভাবিলে আপুনি তেওঁলোকৰ কবিতা নপঢ়িব; কিন্তু সেইবুলি ব্যংগ-বিদ্ৰূপ কৰি তেওঁলোকৰ মনত আঘাত নিদিব৷ সামৰণিত আকৌ এবাৰ কওঁ, “বেয়া কবিতা”ই সমাজৰ অহিত সাধন কৰাৰ কোনো উদাহৰণ পৃথিৱীত পাবলৈ নাই৷

মন্তব্য

পঢ়িব পাৰে

নাৰী শিক্ষাৰ নিৰাপত্তাৰ দাবী

নাচৰিণ চুলতানা আহমেদ ‘বেটি বাচাঅ’ ,বেটি পাঢ়াঅ’ ‘ ৰ দৰে নাৰী সবলীকৰণৰ শ্ল’গানেৰে চৌদিশ ৰজনজনাই …